সমললৈ যাওক

পুষ্পাৱল্লী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুষ্পাৱল্লী

১৯৪৮ চনত পুষ্পাৱল্লী
জন্ম কন্দলা ভেংকট পুষ্পাৱল্লী তায়াৰম্মা
০৩ জানুৱাৰী, ১৯২৬
পেণ্টাপাডু, মাদ্ৰাচ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমাvৰ অন্ধ্ৰপ্ৰদেশ)
মৃত্যু ২৮ এপ্ৰিল, ১৯৯১ (৬৫ বছৰ)
মাদ্ৰাচ, তামিলনাডু, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৩৬- ১৯৬৯
দাম্পত্যসঙ্গী
  • আই ভি ৰংগচাৰী
  • কে প্ৰকাশ


পুষ্পাৱল্লী (ইংৰাজী: Pushpavalli ; ৩ জানুৱাৰী ১৯২৬ – ২৮ এপ্ৰিল ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলেগু আৰু তামিল ছবিত কাম কৰিছিল।[1][2] তেওঁ সম্পূৰ্ণ ৰামায়ণ (১৯৩৬) ছবিখনত শিশু অভিনেত্ৰী হিচাপে কিশোৰী সীতাৰ এটা সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ইয়াৰ পিছত আৰু কেইটামান শিশু চৰিত্ৰত অভিনয় কৰে। পিছলৈ পুষ্পাৱল্লীয়ে প্ৰাপ্তবয়স্ক ভূমিকাত অভিনয় কৰিবলৈ লয়। তেওঁৰ আটাইতকৈ বেছি হিট ছবি আছিল তেলেগু ছবি বালা নাগাম্মা (১৯৪২), য’ত তেওঁ গুৰুত্বপূৰ্ণ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেওঁৰ ১৯৪৭ চনৰ মিছ মালিনী ছবিখনে বুদ্ধিজীৱীসকলৰ যথেষ্ট প্ৰশংসা লাভ কৰে যদিও বক্স অফিচত ফ্লপ হয়।[3] ১৯৬০ দশকৰ শেষৰ ফাললৈ তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰি থাকিল।

১৯৪০ চনত আই ভি ৰংগচাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও ১৯৪৬ চনৰ পৰা তেওঁলোকে পৃথকে থাকিবলৈ আৰম্ভ কৰে।[4] পিছলৈ পুষ্পাৱল্লী জেমিনী গণেশনৰ সৈতে সম্পৰ্কত আছিল আৰু দুয়োৰো ফালৰ পৰা দুগৰাকী কন্যাৰ জন্ম হয়। তাৰে এগৰাকী আছিল হিন্দী চলচ্চিত্ৰ জগতৰ বিখ্যাত অভিনেত্ৰী ৰেখা[5] আৰু আনগৰাকী ৰাধা।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Pushpavalli, penTapaaDu". Ghantasala. http://www.ghantasala.info/tfs/cdata1028.html। আহৰণ কৰা হৈছে: 25 June 2024. 
  2. "Miss Malini 1947". The Hindu. 25 July 2008. Archived from the original on 28 July 2008. https://web.archive.org/web/20080728124200/http://www.hindu.com/cp/2008/07/25/stories/2008072550391600.htm. 
  3. "Drama In Real Life". The Hans India. http://www.thehansindia.com/posts/index/2013-12-22/Drama-in-real-life-80115. 
  4. KiranPrabha Talk Show on Pushpavalli , glamorous heroine during 1940s(పుష్పవల్లి) (in তেলুগু). Kiran Prabha. 17 October 2018. Archived from the original on 27 October 2020. Retrieved 23 August 2021 – via YouTube.  Unknown parameter |url-status= ignored (help)
  5. "புஷ்பவல்லி" (ta ভাষাত). Pesum Padam: 4. 4 December 1948. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]