সমললৈ যাওক

পুষ্পা ভাৰতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুষ্পা ভাৰতী
Pushpa Bharati
জন্ম ১৯৩৫ (বয়স ৯০৯১)
মোৰাদাবাৰ, বৰ্তমানৰ উত্তৰপ্ৰদেশ
পেচা লেখিকা
ভাষা হিন্দী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ গল্প, জীৱনী, ভ্ৰমণকাহিনী
উল্লেখযোগ্য বঁটা
  • মহাৰাষ্ট্ৰ ৰাজ্যিক হিন্দী সাহিত্য একাডেমী বঁটা (২০০৮)
  • ব্যাস সন্মান (২০২৩)
  • হিন্দী সেৱা সন্মান (কালিদাস একাডেমী)
  • সাহিত্য ভূষণ (উত্তৰ প্ৰদেশ হিন্দী সংস্থান)
দাম্পত্যসংগী ধৰমবীৰ ভাৰতী

পুষ্পা ভাৰতী (ইংৰাজী: Pushpa Bharati) (জন্ম ১৯৩৫) হিন্দী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা ।[1][2][3] তেওঁ হিন্দী ভাষাত ১৭খন কিতাপ লিখিছে৷[1]

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

১৯৩৫ চনত উত্তৰ প্ৰদেশৰ মোৰাদাবাদত জন্মগ্ৰহণ কৰা পুষ্পা ভাৰতীয়ে ১৯৫৫ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা হিন্দী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। হিন্দী ভাষাৰ প্ৰখ্যাত সাহিত্যিক ধৰ্মবীৰ ভাৰতীৰ সৈতে তেওঁৰ বিবাহ হৈছিল।[4] ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনে ভাৰতীক গল্প লিখিবলৈ অনুপ্ৰাণিত কৰে।[5]

অধ্যাপিকা হিচাপে ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈকে কলিকতাৰ ডিগ্ৰী কলেজত আৰু ১৯৭৫ চনত বম্বেত তেওঁ অধ্যাপনা কৰিছিল।[6]

তেওঁৰ সাহিত্যিক জীৱন কেইবা দশকজুৰি বিস্তৃত। তেওঁ বিভিন্ন ধৰণৰ কিতাপ লিখিছে আৰু সম্পাদনা কৰি সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰিছে। শুভগতা, ধাই আখৰ প্ৰেম কে, সৰস সংবাদ, চফৰ সুহানে আদি তেওঁৰ বহুতো গ্ৰন্থই পাঠকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে।[1]

ভাৰত চৰকাৰৰ শিশু চলচ্চিত্ৰ নিৰ্মাণ সংস্থাত তেওঁ যোগদান কৰে। ১৯৮৮ চনত তেওঁ ফিল্ম চেন্সৰ ব'ৰ্ডৰ জুৰী সদস্য হিচাপেও কাম কৰিছিল।[6]

ইয়াৰ উপৰিও তেওঁ অমিতাভ বচ্চনৰ আধাৰত অমিতাভ বচ্চন জীৱন গাথা শীৰ্ষক জীৱনী ৰচনা কৰিছে, যিখন ২০২১ চনত বাণী প্ৰকাশনে প্ৰকাশ কৰে।[7][8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ধৰ্মবীৰ ভাৰতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ মুম্বাইৰ বান্দ্ৰাৰ এপাৰ্টমেণ্ট বিল্ডিং সাহিত্য সাহৱাছত থাকে।[9]

বঁটা-সন্মান

[সম্পাদনা কৰক]

সাহিত্যিক অৱদানৰ স্বীকৃতি স্বৰূপে পুষ্পা ভাৰতীয়ে ২০০৮ চনত মহাৰাষ্ট্ৰ ৰাজ্যিক হিন্দী সাহিত্য একাডেমী বঁটা, মধ্যপ্ৰদেশ চৰকাৰৰ কালিদাস অকাডেমীৰ পৰা হিন্দী সেৱা সন্মান আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ উত্তৰ প্ৰদেশ হিন্দী প্ৰতিষ্ঠানৰ পৰা সাহিত্য ভূষণকে ধৰি বিভিন্ন সন্মান লাভ কৰে।[10]

উল্লেখযোগ্য যে তেওঁৰ স্মৃতিগ্ৰন্থ Yaadein, Yaadein aur Yaadein (২০১৬) ২০২৩ চনত কে কে বিৰলা ফাউণ্ডেচনে ৩৩ সংখ্যক ব্যাস সন্মানেৰে সন্মানিত কৰে। এই বঁটাত ৪ লাখ টকাৰ নগদ পুৰস্কাৰ, এটা প্ৰশস্তি আৰু এখন ফলক অন্তৰ্ভুক্ত কৰা হৈছে।[1]

ইয়াৰ উপৰিও তেওঁ আন আন বিশিষ্ট বঁটা যেনে - ৰাম বঁটা, স্বজন বঁটা, ভাৰতী গৌৰৱ বঁটা, আশীৰ্বাদ সৰস্বত বঁটা, উত্তৰ হিন্দী শিৰোমণি বঁটা আদিও লাভ কৰিছে।[11][12]

গ্ৰন্থৰাজী

[সম্পাদনা কৰক]

১. ৰোমাঞ্চক সত্য কথায়েইন (দুটা ভাগত)
২. প্ৰেম পিয়ালা জিন পিয়া
৩. ধাই অক্ষৰ প্ৰেম কে
৪. সৰস সংবাদ
৫. ছাফৰ চুহানে
৬. আধুনিক সাহিত্য বোধ
৭. এক দুনিয়া বচ্চন কি
৮. ৱাদে
৯. য়াদেই, য়াদেই আৰু য়াদেই
১০. অক্ষৰ অক্ষৰ যাগ্য
১১. ধৰমবীৰ ভাৰতী সে সাক্ষাতকাৰ
১২. মেৰী বাণী গৰীক-বসনা
১৩. চাঁচ কি কালাম সে
১৪. ধৰমবীৰ ভাৰতী কি সাহিত্য-সাধনা
১৫. হৰিবংশ ৰায় বচ্চন কি সাহিত্য-সাধনা
১৬. পুষ্পঞ্জলি[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Writer Pushpa Bharati's memoir selected for Vyas Samman award". Hindustan Times. 12 December 2023. https://www.hindustantimes.com/lifestyle/art-culture/pushpa-bharati-s-yaadein-yaadein-aur-yaadein-breaks-the-mould-of-memory-writing-brings-alive-literary-greats-101703486549342.html.
  2. Dr. Chandra Mukherjee (23 December 2019) (Hindi ভাষাত). Comparative study of Hindi and English women's writing. Book Bazooka. পৃষ্ঠা. 19. ISBN 9789386895776. https://books.google.com/books?id=UnfHDwAAQBAJ&dq=%E0%A4%AA%E0%A5%81%E0%A4%B7%E0%A5%8D%E0%A4%AA%E0%A4%BE+%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80&pg=PA19.
  3. Anil Kumar (2007). Svātantryottara yātrā-sāhitya kā viśleshanātmaka adhyayana. Hindi Book Center. পৃষ্ঠা. 84, 85. ISBN 978-81-85244-30-3. https://books.google.com/books?id=fJ3fU8XfKowC&dq=%E0%A4%AA%E0%A5%81%E0%A4%B7%E0%A5%8D%E0%A4%AA%E0%A4%BE+%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80&pg=PA84.
  4. Saxena, Poonam (15 March 2015). "Why a 66-year-old Hindi love story needed to be translated into English". Scroll.in. https://scroll.in/article/713676/why-a-66-year-old-hindi-love-story-needed-to-be-translated-into-english.
  5. Dharam Paul Sarin (1967). Influence of Political Movements on Hindi Literature, 1960-1947. Panjab University Publication Bureau. পৃষ্ঠা. 212. https://books.google.com/books?id=UHjRAAAAMAAJ&q=Writer+Pushpa+Bharati.
  6. 1 2 "संपादित... यादें यादें और यादें... के लिए पुष्पा भारती को व्यास सम्मान-2023" (Hindi ভাষাত). Hindustan. 11 December 2023. https://www.livehindustan.com/ncr/new-delhi/story-edited-vyas-samman-2023-to-pushpa-bharti-for-yaadein-yaadein-aur-yaadein-9053777.html.
  7. Tiwari, Aarti (1 October 2022). "किताबघर व मयूरपंख की अगली किस्त में पढि़ए सदी के महानायक की जीवनगाथा और स्वयं से संवाद की जिरह" (Hindi ভাষাত). Dainik Jagran. https://www.jagran.com/lifestyle/miscellaneous-book-review-of-amitabh-bachchan-jeewan-gatha-and-aako-bako-23112002.html.
  8. "पुष्पा भारती की अमिताभ बच्चन पर किताब" (Hindi ভাষাত). DNA India. 10 February 2022. https://www.dnaindia.com/hindi/aapki-wall-se/analysis-pushpa-bhartis-book-amitabh-bachchan-4009614.
  9. "Big Love Story". Ahmedabad Mirror. 3 May 2015. https://www.ahmedabadmirror.com/big-love-story/47134703.html.
  10. "Writer Pushpa Bharati's memoir selected for Vyas Samman award". Hindustan Times. 12 December 2023. https://www.hindustantimes.com/lifestyle/art-culture/pushpa-bharati-s-yaadein-yaadein-aur-yaadein-breaks-the-mould-of-memory-writing-brings-alive-literary-greats-101703486549342.html.
  11. "पुष्पा भारती". Hindisamay. Archived from the original on 2024-02-13. https://web.archive.org/web/20240213135423/https://www.hindisamay.com/writer/%E0%A4%AA%E0%A5%81%E0%A4%B7%E0%A5%8D%E0%A4%AA%E0%A4%BE-%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80.cspx?id=1057&name=%E0%A4%AA%E0%A5%81%E0%A4%B7%E0%A5%8D%E2%80%8D%E0%A4%AA%E0%A4%BE-%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80 আহৰণ কৰা হৈছে: 2025-11-29.
  12. 1 2 "Pushpa Bharati". Vani Prakashan. Archived from the original on 2024-02-13. https://web.archive.org/web/20240213135503/https://www.vaniprakashan.com/author-details/1604-pushpa-bharti আহৰণ কৰা হৈছে: 2025-11-29.