সমললৈ যাওক

পুষ্পা হন্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুষ্পা হন্স
জন্ম ৩০ নৱেম্বৰ ১৯১৭
ফাজিলকা, পাঞ্জাব, ব্ৰিটিছ ভাৰত British India
মৃত্যু ০৯ ডিচেম্বৰ, ২০১১ (৯৪ বছৰ)
পেচা অভিনেত্ৰী
নেপথ্য কণ্ঠশিল্পী
দাম্পত্যসঙ্গী হন্সৰাজ চোপ্ৰা
পিতৃ-মাতৃ ৰতনলাল কাপুৰ
জনকৰাণী কাপুৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী


পুষ্পা হন্স কাপুৰ (ইংৰাজী: Pushpa Hans Kapoor ; ১৯১৭–২০১১) ১৯৪০ আৰু ১৯৫০ দশকৰ হিন্দী আৰু পাঞ্জাবী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। ১৯৫০ চনৰ হিন্দী ছবি শীশ মহলৰ গীত আৰু ১৯৪৯ চনৰ অপনা দেশ ছবিত অভিনয়ৰ বাবে তেওঁ পৰিচিত আছিল। তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।[1]

১৯১৭ চনৰ ৩০ নৱেম্বৰত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ ফাজিলকাত হান্সৰ জন্ম হয়। তেওঁৰ দেউতাক ৰতনলাল কাপুৰ নামৰ এজন অধিবক্তা আছিল। মাকৰ নাম আছিল জনক ৰাণী কাপুৰ। তেওঁৰ স্কুলীয়া শিক্ষা ফাজিলকাৰ স্থানীয় স্কুলত হয়, তাৰ পিছত লাহোৰৰ পটৱৰ্ধন ঘৰানাত শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পৰাই সংগীতত স্নাতক ডিগ্ৰী লয়। অল ইণ্ডিয়া ৰেডিঅ’ৰ লাহোৰ ষ্টেচনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰি পৰৱৰ্তী সময়ত নেপথ্য কণ্ঠশিল্পী হিচাপে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। পিছলৈ তেওঁ বহু হিন্দী ছবিত, বিশেষকৈ ১৯৪৯ চনত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ভি শান্তৰামৰ পৰিচালনাত নিৰ্মিত অপনা দেশ নামৰ হিন্দী ছবিখনত অভিনয় কৰে।[1]

ভাৰত চৰকাৰে তেওঁক চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৭ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰীৰে সন্মান প্ৰদান কৰে।[2] সেই বছৰতে তেওঁ আৰু দুটা বঁটা লাভ কৰে, পাঞ্জাবী ভূষণ বঁটা আৰু কল্পনা চাওলা উৎকৃষ্টতা বঁটা।

ভাৰতীয় সেনাৰ কৰ্ণেল হন্স ৰাজ চোপ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা পুষ্পা হন্সৰ ২০১১ চনৰ ৯ ডিচেম্বৰত মৃত্যু হয়।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Pushpa Hans Passes Away". Punjabi Portal. 10 December 2011. Archived from the original on 26 January 2016. https://web.archive.org/web/20160126161817/http://www.punjabiportal.com/articles/pushpa-hans-death-dead-no-more-passes-away আহৰণ কৰা হৈছে: 19 January 2016.
  2. "Padma Awards". Ministry of Home Affairs, Government of India. 2016. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 3 January 2016.
  3. "RIP Padamshree Pushpa Hans". United Love Punjab. 2016. Archived from the original on 26 January 2016. https://web.archive.org/web/20160126023546/http://www.unp.me/f8/rip-padamshree-pushpa-hans-173817/ আহৰণ কৰা হৈছে: 19 January 2016.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]