পুহকৰ
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
হিন্দু সমাজত মানুহ এজন ঢুকোৱাৰ পাছত তেওঁৰ শ দাহন কৰাৰ পাছতে তেওঁৰ মৃত্যুৰ বাৰ, তিথি আৰু নক্ষত্ৰ বহুতে চাই লয়। কিয়নো প্ৰত্যেকে ভাল দিন বা তিথিত মৃত্যু হোৱাটো কামনা কৰে। ঢুকোৱাৰ দিনটোও যদি অশুভবাৰৰ সৈতে অশুভ তিথি আৰু নক্ষত্ৰৰ সংযোগ ঘটে তেতিয়া তাক পুহকৰ (পুষ্কৰ) আখ্যা দিয়া হয়। পুহকৰ লাগিলে মৃতক আত্মাই অপূৰণ আশা পূৰাবলৈ গৃহস্থক দীৰ্ঘ দিনলৈ কষ্ট দিয়ে বুলি এটা প্ৰবল জনবিশ্বাস আছে। তাৰপৰা পৰিত্ৰাণ পাবলৈ গৃহস্থই আদ্য শ্ৰাদ্ধৰদিনাখন (দান-দক্ষিণা আগবঢ়োৱাৰ দিনা) পুৰোহিতক ওপৰঞ্চিভাৱে দান-দক্ষিণা আগবঢ়াই সন্তুষ্টি লাভৰ যত্ন কৰে। জ্যোতিষৰ মতে,বাৰৰ পুহকৰ হ'ল- ৰবি, মংগল আৰু শনি; তিথিৰ পুহকৰ— দ্বিতীয়া, সপ্তমী আৰু দ্বাদশী; নক্ষত্ৰৰ পুহকৰ হ'ল- উত্তৰ ষাঢ়া, উত্তৰ ফাল্গুনী কৃত্তিকা, পুনৰ্বসু, পূৰ্বভাদ্ৰ আৰু বিপাশা।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ নাৰায়ণ দাস (মুখ্য সম্পাদক), অসমৰ সংস্কৃতি-কোষ, প্ৰকাশক: জ্যোতি প্ৰকাশন, ২০২১; পৃষ্ঠা: ৪১৩