পুৰণি চহৰ (লভিভ)
| লভিভৰ পুৰণি চহৰ | |||||||
|---|---|---|---|---|---|---|---|
| Старе місто Львова | |||||||
| সাধাৰণ তথ্য | |||||||
| প্ৰকাৰ | ৰাষ্ট্ৰীয় ঐতিহাসিক-স্থাপত্য সংৰক্ষণ এলেকা | ||||||
| অৱস্থিতি | লভিভ অবাষ্ট | ||||||
| ঠিকনা | হালিটস্কি জিলা, লভিভ | ||||||
| চহৰ | লভিভ | ||||||
| দেশ | ইউক্ৰেইন | ||||||
| স্থানাংক | 49°50′30″N 24°01′55″E / 49.84167°N 24.03194°Eস্থানাংক: 49°50′30″N 24°01′55″E / 49.84167°N 24.03194°E | ||||||
| মুকলি | ৰাষ্ট্ৰীয় সংৰক্ষণ | ||||||
| |||||||
লভিভৰ পুৰণি চহৰ (ইংৰাজী: Lviv's Old Town) হৈছে ইউক্ৰেইনৰ লভিভ অব্লাষ্ট (প্ৰদেশ)ত অৱস্থিত লভিভ চহৰৰ ঐতিহাসিক কেন্দ্ৰ। ১৯৭৫ চনত ইয়াক ৰাষ্ট্ৰীয় ঐতিহাসিক-স্থাপত্য সংৰক্ষিত এলেকা হিচাপে স্বীকৃতি দিয়া হয়।[1][2]লাভিভৰ পুৰণি চহৰখন এক গুৰুত্বপূৰ্ণ ঐতিহাসিক কেন্দ্ৰ, যিখনে ১৯৯৮ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত পৰ্যটন ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰে। পূব ইউৰোপৰ স্থাপত্যৰ মহিমাৰ সৈতে ইটালী আৰু জাৰ্মানীৰ স্থাপত্যশৈলীৰ সংমিশ্ৰণ আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক পৰিৱেশ উপভোগ কৰিবলৈ পুৰণি চহৰখন ভ্ৰমণ কৰিব পাৰি। পুৰণি চহৰৰ আটাইতকৈ বেছি পৰিদৰ্শিত আকৰ্ষণসমূহৰ ভিতৰত ছেইণ্ট জৰ্জ কেথেড্ৰেল অন্যতম।
ইউনেস্কো
[সম্পাদনা কৰক]১৯৯৮ চনৰপৰা ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (UNESCO)-ই লভিভৰ প্ৰায় ৩০০ একৰজোৰা ঐতিহাসিক কেন্দ্ৰটোক বিশ্ব ঐতিহ্যৰ অংশ হিচাপে তালিকাভুক্ত কৰি আহিছে। ১৯৯৮ চনৰ ৫ ডিচেম্বৰত জাপানৰ কিয়োটোত অনুষ্ঠিত বিশ্ব ঐতিহ্য সমিতিৰ ২২তম অধিৱেশনত লভিভক ইউনেস্কৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ইউনেস্কই লভিভক তালিকাভুক্ত কৰাৰ কাৰণ ব্যাখ্যা কৰি তলত দিয়া বক্তব্য আগবঢ়াইছিল: [3]
মাপকাঠী ২: নগৰীয়া গঠন আৰু স্থাপত্যৰ ক্ষেত্ৰত লভিভ পূব ইউৰোপৰ স্থাপত্য আৰু কলাৰ পৰম্পৰাৰ সৈতে ইটালী আৰু জাৰ্মানীৰ স্থাপত্য-কলাৰ পৰম্পৰাৰ এক অনন্য সংমিশ্ৰণৰ উৎকৃষ্ট নিদৰ্শন।
মাপকাঠী ৫: লভিভৰ ৰাজনৈতিক আৰু বাণিজ্যিক গুৰুত্বৰ বাবে বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ বহুতো নৃগোষ্ঠীয় লোক ইয়ালৈ আকৰ্ষিত হৈছিল। তেওঁলোকে চহৰখনৰ ভিতৰত পৃথক, কিন্তু পৰস্পৰ-নিৰ্ভৰশীল সম্প্ৰদায় গঢ়ি তুলিছিল। এই সম্প্ৰদায়সমূহৰ অস্তিত্বৰ নিদৰ্শন আজিও লভিভৰ আধুনিক নগৰীয়া দৃশ্য-পটত স্পষ্টভাৱে দেখা যায়।
লভিভ ঐতিহাসিক কেন্দ্ৰ সমষ্টিৰ অধীনস্থ অঞ্চলটোৰ মুঠ আয়তন ১২০ হেক্টৰ (প্ৰায় ২৯৬.৫ একৰ)। ইয়াৰ ভিতৰত চহৰখনৰ ৰুছ আৰু মধ্যযুগীয় অংশ, লগতে ছেইণ্ট জৰ্জ পাহাৰৰ ওপৰত অৱস্থিত ছেইণ্ট জৰ্জ কেথেড্ৰেলৰ অঞ্চল অন্তৰ্ভুক্ত। ঐতিহাসিক কেন্দ্ৰটোক আগুৰি থকা বাফাৰ অঞ্চলটোৰ আয়তন প্ৰায় ৩,০০০ হেক্টৰ। এই বাফাৰ অঞ্চলটো ঐতিহাসিক অঞ্চলটোৰ নিৰ্ধাৰিত সীমাৰ ভিত্তিত চিহ্নিত কৰা হৈছে। [4]
উল্লেখযোগ্য ঐতিহাসিক স্থাপত্যসমূহ
[সম্পাদনা কৰক]


ৰাস্তা-ঘাট: ডৰমিশ্যন গীৰ্জা-সমষ্টিৰ ওপৰত প্ৰায় ৪০০ বছৰ পুৰণি কৰ্ণিয়াক্ট টাৱাৰে প্ৰাধান্য বিস্তাৰ কৰিছে। ইয়াৰ লগতে মাৰ্কেট স্কোৱেৰ উল্লেখযোগ্য। তালিকাভুক্ত তিনিটা প্ৰধান অঞ্চলৰ উপৰি পুৰণি চহৰখনৰ ভিতৰত আন প্ৰায় ২,০০৭টা ঐতিহাসিক স্থাপত্য আৰু স্মাৰক আছে। ইয়াৰে ২১৪টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঐতিহাসিক স্মাৰক হিচাপে গণ্য কৰা হয়।
পিডজামচে (উপ-দুৰ্গ)
- হাই কেছল আৰু পিডজামচে অঞ্চল; চহৰখনৰ মূল কেন্দ্ৰ; ইয়াত পুৰণি মাৰ্কেট স্কোৱেৰ অৱস্থিত।
- ছেইণ্ট নিকোলাছ গীৰ্জা; হালিচিনা (ৰুথেনিয়ান) ৰজাসকলৰ পৰিয়ালৰ গীৰ্জা।
- ছেইণ্ট পাৰাস্কেভা-প্ৰাক্সেদিয়া গীৰ্জা; ইয়াত ফেডৰ ছেংকোভিচে নিৰ্মাণ কৰা ১৭৪০ চনৰ ইনকোনোষ্টাছিছ আছে।
- ছেইণ্ট অনুফ্ৰিয়াছ গীৰ্জা আৰু বেচিলিয়ান মঠ; ইয়াত লাজাৰ পাছলাভস্কি আৰু মোডেষ্ট ছোছেনকোৰ শিল্পকৰ্ম আছে।
- ছেইণ্ট জন দ্য বেপ্টিষ্ট গীৰ্জা; বৰ্তমান লভিভ প্ৰাচীন সামগ্ৰীৰ সংগ্ৰহালয়। এই গীৰ্জাখন ৰজা লিঅ'ৰ হাংগেৰীয় পত্নী কনষ্টান্সৰ নামত উৎসৰ্গিত আছিল। কনষ্টান্স আছিল ৰজা বেলা চতুৰ্থৰ কন্যা।
- ছাৰ্বীয়ে মেৰী গীৰ্জা; বৰ্তমান আৱাৰ লেডী অৱ পাৰ্পেচুৱেল হেল্প গীৰ্জা; চহৰখনৰ জাৰ্মান উপনিৱেশীসকলৰ গীৰ্জা আছিল।
চেৰেডমিস্তিয়া (মধ্য চহৰ)
- ৰিনক (মাৰ্কেট) স্কোৱেৰৰ স্থাপত্য-সমষ্টি; ইয়াৰ কেন্দ্ৰত লভিভ ৰাথাউছ আৰু চৌহদত থকা ঐতিহাসিক বাসগৃহসমূহ অন্তৰ্ভুক্ত।
- ডৰমিশ্যন গীৰ্জাৰ স্থাপত্য-সমষ্টি; গীৰ্জাটোৰ লগতে থ্ৰী প্ৰিলেটছ চেপেল আৰু কৰ্ণিয়াক্ট টাৱাৰ অন্তৰ্ভুক্ত।
- আৰ্মেনিয়ান গীৰ্জাৰ স্থাপত্য-সমষ্টি; গীৰ্জাটোৰ লগতে ঘণ্টাঘৰ, ছেইণ্ট ক্ৰিষ্টোফাৰৰ মূৰ্তিযুক্ত স্তম্ভ, প্ৰাক্তন আৰ্মেনিয়ান বেংকৰ ভৱন, আৰ্মেনিয়ান আৰ্চবিশপসকলৰ ৰাজপ্ৰাসাদ আৰু বেনেডিক্টাইন আৰ্মেনিয়ান নানাৰী অন্তৰ্ভুক্ত।
- লেটিন মেট্ৰ'পলিটান কেথেড্ৰেলৰ স্থাপত্য-সমষ্টি; ছেইণ্ট মেৰী কেথেড্ৰেলৰ লগতে বইম চেপেল আৰু কাম্পিয়ান্স চেপেল আছে।
- বাৰ্নাৰ্ডাইন মঠৰ স্থাপত্য-সমষ্টি বৰ্তমান ছেইণ্ট এণ্ড্ৰিউ গীৰ্জা; ইয়াত কেথেড্ৰেল, মঠ, ঘণ্টাঘৰ, ৰটাণ্ডা, অলংকাৰিক স্তম্ভ আৰু প্ৰতিৰক্ষা প্ৰাচীৰ অন্তৰ্ভুক্ত।
- জেচুইট কেথেড্ৰেল আৰু কলেজিয়ামৰ স্থাপত্য-সমষ্টি।
- ডমিনিকান গীৰ্জাৰ স্থাপত্য-সমষ্টি; বৰ্তমান পৱিত্ৰ ইউকাৰিষ্টৰ গীৰ্জা; গীৰ্জাখনৰ লগতে মঠ আৰু ঘণ্টাঘৰ আছে।
- লভিভ অপেৰা আৰু বেলেট থিয়েটাৰ।
- চহৰৰ দুৰ্গ-প্ৰতিৰক্ষা ব্যৱস্থা; ইয়াৰ ভিতৰত চিটি আৰ্চেনেল, গানপাউডাৰ টাৱাৰ, টাৰ্নাৰ্ছ আৰু ৰোপমেকাৰ্ছ টাৱাৰ, ৰয়েল আৰ্চেনেল আৰু নিম্ন প্ৰতিৰক্ষা প্ৰাচীৰৰ এটা বাষ্টিয়ন আছে।
- “ড্নিষ্টাৰ ” বীমা কোম্পানীৰ ভৱন।
ছেইণ্ট ইউৰা (ছেইণ্ট জৰ্জ) ড্ৰেগন-যোদ্ধা গীৰ্জা
- ছেইণ্ট জৰ্জ কেথেড্ৰেল, কেথেড্ৰেলখনৰ লগতে মেট্ৰ'পলিটানৰ ৰাজপ্ৰাসাদ, অধ্যায়-সদস্যসকলৰ বাসগৃহ, ঘণ্টাঘৰ আৰু দুটা দুৱাৰ—মাৰ্কেটছ গেট আৰু চিটিজ গেটসহ বেৰ অন্তৰ্ভুক্ত।
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত নোহোৱা পুৰণি চহৰৰ উল্লেখযোগ্য স্থাপত্য
- বেয়াৰফুট কাৰ্মেলাইটসকলৰ গীৰ্জা। বৰ্তমান ছেইণ্ট মাইকেল গীৰ্জা।
- বেয়াৰফুট কাৰ্মেলাইটসকলৰ গীৰ্জা আৰু নানাৰী — বৰ্তমান পিউৰিফিকেশ্যন গীৰ্জা।
- পুওৰ ক্লেয়াৰসকলৰ গীৰ্জা। বৰ্তমান পৱিত্ৰ বেৰক ভাস্কৰ্যৰ সংগ্ৰহালয়।
- ছেইণ্ট মাৰ্টিন গীৰ্জা। বৰ্তমান বেপ্টিষ্ট গীৰ্জা।
- ট্ৰেন্সফিগাৰেশ্যন গীৰ্জা।
- ছেইণ্ট কাচিমিৰ গীৰ্জা।
- ছেইণ্টছ ওল্হা আৰু এলিজাবেথ গীৰ্জা।
- পোটস্কি ৰাজপ্ৰাসাদ। বৰ্তমান বৰিছ ভোজনিটস্কি লভিভ ৰাষ্ট্ৰীয় শিল্পকলা গেলাৰী।
- কমোডিটি ষ্টক এক্সচেঞ্জ।
চিত্ৰসমূহ
[সম্পাদনা কৰক]- লেটিন কেথেড্ৰেল, টাউন হল, বাৰ্নাৰ্ডিন, ডমিনিকান আৰু এছমপচন (ডৰ্মিচন) গীৰ্জাৰ টাৱাৰৰ সৈতে পুৰণি চহৰৰ মনোমোহা দৃশ্য ( বাঁওফালৰপৰা সোঁফাললৈ)
- মাৰ্কেট স্কোৱাৰ
- আৰ্মিনয়ান কেথেড্ৰেল
- বাৰ্নাৰ্ডিন গীৰ্জা
- লেটিন কেথেড্ৰেল
- বয়ম চেপেল
- কেম্পিয়ান চেপেল
- চাৰ্চ অৱ দ্য এছমপচন
- পুৰণি চহৰৰ এটা ৰাস্তাত ট্ৰাম
- চেণ্ট জৰ্জৰ কেথেড্ৰেল
- ফ্ৰিডম এভিনিউৰপৰা পুৰণি চহৰখনৰ দৃশ্য
- গ্ৰেণ্ড হোটেল
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ (in Ukrainian) Declaration of Cabinet of Ministers of Ukrainian SSR in creation of the State Historic-Architectural Sanctuary in city of Lviv (official document)
- ↑ Ukraine.com https://www.ukraine.com History and Culture in Lviv's Old Town
- ↑ "L'viv – the Ensemble of the Historic Centre". World Heritage Site. UNESCO. 5 December 1998. https://whc.unesco.org/en/list/865। আহৰণ কৰা হৈছে: 30 October 2006.
- ↑ "Lviv in UNESCO". www.lviv.ua. Archived from the original on 7 March 2009. https://web.archive.org/web/20090307223745/http://www.lviv.ua/en/page4417.html। আহৰণ কৰা হৈছে: 21 October 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- (in Ukrainian) Description at the website of the Institute of History of the NANU
- Mayor of Lviv Sadovy wants the sanctuary to be discontinued (ZIK May 17, 2010)
- The city council is unaware of the sanctuary (ZIK February 1, 2011)
- Information on a book about the sanctuary published in 1979 Archived 2022-09-30 at the Wayback Machine
- Description of the World Heritage site