পুৰণ ভগত (চলচ্চিত্ৰ)
| পুৰাণ ভগত | |
|---|---|
পুৰাণ ভক্তৰ ৰূপত কুমাৰ | |
| পৰিচালক | দেৱকী বসু |
| প্ৰযোজক | নিউ থিয়েটাৰছ্ |
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | নিতিন বসু |
| সংগীত পৰিচালক | আৰ চি বড়াল |
প্ৰযোজনা কোম্পানী |
নিউ থিয়েটাৰছ্ |
মুক্তি |
১৯৩৩ |
দৈৰ্ঘ্য |
১৫৯ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
পুৰণ ভগত বা পুৰণ ভক্ত (ইংৰাজী: Puran Bhagat ) ১৯৩৩ চনত কলিকতাৰ নিউ থিয়েটাৰ্ছ লিমিটেডৰ দ্বাৰা নিৰ্মিত এখন হিন্দী ভক্তিমূলক জীৱনীমূলক ছবি।[1] এইখন আছিল দেবকী বসুৰ হিন্দীত প্ৰথম পৰিচালনা।[2] ছবিখনত অভিনয় কৰিছিল কে এল চাইগল, উমা শশী, কুমাৰ, মলিনা দেৱী, কে চি দে আৰু তাৰাবাই।[3] এই ছবিখন পুৰণ ভগতৰ জনপ্ৰিয় পাঞ্জাবী ভক্তিমূলক কাহিনীৰ আধাৰত নিৰ্মিত নিউ থিয়েটাৰে সাধাৰণতে পৰম্পৰাগত বাংলা কাহিনী, সন্ত আৰু উপন্যাসৰ আধাৰত ছবি নিৰ্মাণ কৰিছিল আৰু পুৰণ ভগত নিউ থিয়েটাৰ্ছৰ বাবে এটা পৰিবৰ্তন আছিল। ছবিখনে "গোটেই ভাৰততে এক বৃহৎ সফলতা" লাভ কৰিছিল।[4]
মুক্তি
[সম্পাদনা কৰক]বি এন ছিৰকাৰে নিউ থিয়েটাৰৰ জৰিয়তে ইয়াৰ পূৰ্বে বাংলা সাহিত্যৰ আধাৰত ছবি নিৰ্মাণ কৰিছিল আৰু বাংলা ভাষাৰ চণ্ডীদাস (১৯৩২) ছবিখনে ডাঙৰ সফলতা লাভ কৰিছিল। পিছত তেওঁ পাঞ্জাৱী ৰাজকুমাৰ আৰু সন্ত পুৰণ ভগতৰ কিংবদন্তীটোৰ ওপৰত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লয়। "মোহনীয় সংগীত"ৰ সৈতে ছবিখন "বক্স অফিচত হিট হৈছিল"। পঞ্জাৱ চিনেমা আৰ্ট ছ'চাইটিয়ে ইয়াক "মাষ্টাৰপিছ" হিচাপে প্ৰশংসা কৰে। লাহোৰত ছবিখন পূৰ্ণ প্ৰেক্ষাগৃহৰে চলিছিল।[5]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Gulazāra, Nihalani, Chatterjee, Govind, Saibal (2003). Encyclopaedia of Hindi Cinema. প্ৰকাশক India: Popular Prakashan. পৃষ্ঠা. 648. ISBN 9788179910665. https://books.google.com/books?id=8y8vN9A14nkC&q=Debaki+Bose+first+Hindi+film&pg=PT40। আহৰণ কৰা হৈছে: 26 Aug 2014.
- ↑ Gokulsing, Dissanayake, K. Moti,Wimal (2013). Routledge Handbook of Indian Cinemas. Routledge. ISBN 9781136772917. https://books.google.com/books?id=QwGgF-rDucEC&q=Puran+Bhagat+1933&pg=PT468.
- ↑ "Puran Bhagat 1933". Alan Goblecitwf.com. http://www.citwf.com/film282747.htm। আহৰণ কৰা হৈছে: 26 Aug 2014.
- ↑ Dwyer, Rachel (2006). Filming the Gods: Religion and Indian Cinema. Routledge. ISBN 9781134380701. https://books.google.com/books?id=ZsKR1RKoJKUC&q=Puran+Bhagat+1933&pg=PA73। আহৰণ কৰা হৈছে: 26 Aug 2014.
- ↑ Nevile, Pran (2011). K. L. Saigal A Definitive Biography. প্ৰকাশক India: Penguin Books India Pvt Ltd. পৃষ্ঠা. 12. ISBN 9780143414063.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Puran Bhagat সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।