সমললৈ যাওক

পুৰনালু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুৰেলু
অন্য নাম পুৰনাম বুৰেলু
প্ৰকাৰ মিঠাই
উৎপত্তিৰ স্থান ভাৰত
অঞ্চল অন্ধ্ৰপ্ৰদেশ, টেলেংগানা আৰু কৰ্ণাটক
পৰিবেশনৰ উষ্ণতা গৰম
মুখ্য উপাদান পিঠাগুড়ি, গুড়, বুটৰ দাইলৰ পেষ্ট

বুৰেলু গুড় মিহলি দালিৰ পেষ্ট আৰু শুকান ফলৰ সৈতে ভৰোৱা পিঠাগুড়িৰে তৈয়াৰী ভাৰতীয় মিঠাই আৰু ডাম্পলিং।[1] প্ৰায়ে ঘিউৰ লগত গৰমে গৰমে পৰিবেশন কৰা হয়। তেলেংগানা[2] আৰু অন্ধ্ৰপ্ৰদেশত ইয়াক পূৰনাম বুলি কোৱা হয়। পূৰ্নাম প্ৰস্তুত কৰাত সকলো দক্ষিণ ভাৰতীয় খাদ্যৰ সাধাৰণ পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰা হয়। পুৰনাম বুৰেলু পৰম্পৰাগতভাৱে চাউল-উৰাদ দালৰ মিশ্ৰণ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়, আৰু তাৰ পিছত কিছুমান টুকুৰা টুকুৰ কৰা শুকান ফল আৰু পুৰনাম নামেৰে জনাজাত বুটৰ দাইলৰ মিশ্ৰণৰ সৈতে পেক কৰা হয় আৰু তাৰ পিছত ইয়াক তেলত সোণালী বৰণৰ হোৱালৈকে ডিপ ফ্ৰাই কৰা হয়।

পূৰ্ণালুৰ প্ৰথম সংঘটনৰ বিষয়ে জনা নাযায়। অৱশ্যে ই বেছিভাগ তেলেগু উৎসৱ আৰু অনুষ্ঠানতে মেনুৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে। আন বেছিভাগ তেলেগু খাদ্যৰ দৰে পুৰনালুতো উৰাদ দালিক মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ দক্ষিণ ভাৰতত; উৰাদ দালি দীৰ্ঘদিন ধৰি আটাইতকৈ বেছিকৈ উৎপাদিত দালি।[3]

পৰিৱেশন

[সম্পাদনা কৰক]

পুৰনালু বেছিভাগেই মূল খাদ্যৰ পিছত আৰু বেছিভাগ তেলেগু ঘৰতে সন্ধিয়াৰ জলপান হিচাপে খুব কমেইহে পৰিবেশন কৰা হয়। প্ৰায়ে ইয়াৰ সোৱাদ বঢ়াবলৈ ঘিউৰ সৈতে পূৰ্ণালু পৰিবেশন কৰা হয়। গৰমে সেৱন কৰিলে ভাল। বিখ্যাত মকৰ সংক্ৰান্তি – শস্য চপোৱাৰ উৎসৱত ইয়াক প্ৰচুৰ পৰিমাণে তৈয়াৰ কৰা হয়। এই সময়ছোৱাত পূৰ্ণলু উচ্ছল আৰু অতি আন্তৰিকতাৰে বনাই বন্ধু-বান্ধৱ, আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াৰ মাজত বিতৰণ কৰা হয়। বিয়া আৰু অন্যান্য উৎসৱত প্ৰায়ে পূৰ্ণালু পৰিবেশন কৰা হয়। পূৰ্ণালুৰ প্ৰস্তুতি আৰু পৰিবেশনত অৱশ্যে ঠাইৰ পৰা ঠাইলৈ সৰু সৰু পৰিৱৰ্তন ঘটে।

অন্য নাম

[সম্পাদনা কৰক]

দক্ষিণ ভাৰতৰ বিভিন্ন ঠাইত পুৰনালুক ছুইয়াম, সীয়াম, চুকিয়ান, চুগেলু বা সুগন্তা বুলিও কোৱা হয়। ইয়াক অন্ধ্ৰপ্ৰদেশত প্ৰায়ে পুৰনাম বুৰেলু(তেলেগু: పూర్ణం బూరెలు) বুলিও কোৱা হয় আৰু তেলেংগানা আৰু পুৰনালু(పూర్ణాలు) ইয়াৰ সংক্ষিপ্ত ৰূপ যেন লাগে।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Poornalu
  2. Ponnaluri, Hari Chandana (2014-07-25). "Poornam Boorelu Recipe - How to make Poornalu - Suzhiyam - Step by Step Recipe - Varalakshmi Vratham Naivedyam Recipes" (en-US ভাষাত). Blend with Spices. https://www.blendwithspices.com/poornam-boorelu-recipe-poornalu/। আহৰণ কৰা হৈছে: 2024-05-21. 
  3. "Poornam Boorelu Andhra Special Poornalu Recipe". cookingfromheart.com. 23 May 2016. http://www.cookingfromheart.com/2016/05/23/boorelu-poornam-boorelu-andhra-special-poornalu-recipe/। আহৰণ কৰা হৈছে: 24 April 2017.