সমললৈ যাওক

পুৰাতত্ত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পুৰাতত্ত্ব বা প্ৰত্নতত্ত্ব (ইংৰাজী: Archaeology) হৈছে ভৌতিক সংস্কৃতিৰ উদ্ধাৰ আৰু বিশ্লেষণৰ জৰিয়তে মানুহৰ কাৰ্যকলাপৰ অধ্যয়ন। প্ৰত্নতাত্ত্বিক অভিলেখসমূহ উপাদান, স্থাপত্য, জৈৱিক সমল বা পৰিৱেশীয় সমল, প্ৰত্নতাত্ত্বিক স্থান আৰু সাংস্কৃতিক ভূচিত্ৰৰ দ্বাৰা গঠিত। প্ৰত্নতত্ত্বক এক সমাজ বিজ্ঞান আৰু মানৱিকী শাখাৰ এটা অংশ হিচাপে গণ্য কৰিব পাৰি।[1][2] ইয়াক সাধাৰণতে এটা স্বতন্ত্ৰ বিদ্যায়তনিক বিষয় হিচাপে গণ্য কৰা হয়, কিন্তু নৃতত্ত্ব (উত্তৰ আমেৰিকাত প্ৰচলিত চাৰিটা ক্ষেত্ৰৰ দৃষ্টিভংগী অনুসৰি), ইতিহাস বা ভূগোলৰ অংশ হিচাপেও শ্ৰেণীভুক্ত কৰিব পাৰি।[3] অতীতৰ বিষয়ে অধিক জানিবলৈ এই বিষয়ত জৰীপ, খননকাৰ্য আৰু অৱশেষত সংগ্ৰহ কৰা তথ্যৰ বিশ্লেষণ অন্তৰ্ভুক্ত থাকে। ব্যাপক পৰিসৰত, প্ৰত্নতত্ত্ব বহুজাতিক গৱেষণাৰ ওপৰত নিৰ্ভৰশীল।

প্ৰত্নতাত্ত্বিকসকলে ৩৩ লাখ বছৰ পূৰ্বে পূব আফ্ৰিকাৰ লোমেকৱিত প্ৰথম শিলৰ সঁজুলিৰ বিকাশৰ পৰা আৰম্ভ কৰি শেহতীয়া দশকসমূহলৈকে মানুহৰ প্ৰাগৈতিহাসিক আৰু ঐতিহাসিক কালৰ অধ্যয়ন কৰে।[4] প্ৰত্নতত্ত্ব জীৱাশ্ম বিজ্ঞানৰ পৰা পৃথক, যিটো হৈছে জীৱাশ্মৰ অৱশেষৰ অধ্যয়ন। প্ৰাগৈতিহাসিক সমাজসমূহৰ বিষয়ে জানিবলৈ প্ৰত্নতত্ত্ব বিশেষভাৱে গুৰুত্বপূৰ্ণ, যাৰ সংজ্ঞা অনুসৰি কোনো লিখিত অভিলেখ নাথাকে। সমগ্ৰ বিশ্বৰ সমাজসমূহত সাক্ষৰতাৰ আগমণ নোহোৱালৈকে, পুৰাতন প্ৰস্তৰ যুগৰ পৰা আৰম্ভ কৰি মানৱ অতীতৰ ৯৯% তকৈও অধিক অংশ প্ৰাগৈতিহাসিক কালৰ অন্তৰ্ভুক্ত। প্ৰত্নতত্ত্বৰ বিভিন্ন লক্ষ্য আছে, যিবোৰৰ পৰিসৰ সাংস্কৃতিক ইতিহাস বুজি পোৱাৰ পৰা আৰম্ভ কৰি অতীতৰ জীৱনশৈলীৰ পুনৰ্নিৰ্মাণ কৰা আৰু সময়ৰ লগে লগে মানৱ সমাজত হোৱা পৰিৱৰ্তনসমূহ লিপিবদ্ধ তথা ব্যাখ্যা কৰালৈকে বিস্তৃত। গ্ৰীক ভাষাৰ পৰা উদ্ভৱ হোৱা 'আৰ্কিঅ'লজী' শব্দৰ অৰ্থ হৈছে "প্ৰাচীন ইতিহাসৰ অধ্যয়ন"।[5]

১৯ শতিকাৰ ভিতৰত ইউৰোপত পুৰাবৃত্ত চৰ্চাৰ পৰা প্ৰত্নতত্ত্বৰ বিকাশ ঘটিছিল আৰু তেতিয়াৰে পৰা ই বিশ্বজুৰি চৰ্চিত এক বিষয় হৈ পৰিছে। ৰাষ্ট্ৰ-ৰাজ্যসমূহে অতীতৰ এক বিশেষ দৃশ্যপট নিৰ্মাণ কৰিবলৈ প্ৰত্নতত্ত্বক ব্যৱহাৰ কৰিছে।[6][7] ইয়াৰ প্ৰাৰম্ভিক বিকাশৰ পিছৰে পৰা প্ৰত্নতত্ত্বৰ বিভিন্ন নিৰ্দিষ্ট উপ-শাখা গঢ়ি উঠিছে, যাৰ মধ্যে সামুদ্ৰিক প্ৰত্নতত্ত্ব, নাৰীবাদী প্ৰত্নতত্ত্ব আৰু জ্যোতিঃপ্ৰত্নতত্ত্ব অন্তৰ্ভুক্ত, আৰু প্ৰত্নতাত্ত্বিক অনুসন্ধানত সহায় কৰিবলৈ বহুতো বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰ বিকাশ কৰা হৈছে। তথাপিও, বৰ্তমান সময়ত প্ৰত্নতাত্ত্বিকসকলে ছদ্ম-প্ৰত্নতত্ত্ব, প্ৰত্নতাত্ত্বিক সামগ্ৰীৰ লুণ্ঠন,[8][9] জনসাধাৰণৰ আগ্ৰহৰ অভাৱ আৰু মানুহৰ অৱশেষ খনন কৰাৰ ক্ষেত্ৰত হোৱা বিৰোধিতাৰ দৰে বহু সমস্যাৰ সন্মুখীন হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Sinclair, A. (2016). "The Intellectual Base of Archaeological Research 2004–2013: A visualisation and analysis of its disciplinary links, networks of authors, and conceptual language". Internet Archaeology (42). doi:10.11141/ia.42.8.
  2. Sinclair, A. (2022). "Archaeological Research 2014 to 2021: an examination of its intellectual base, collaborative networks and conceptual language using science maps". Internet Archaeology (59). doi:10.11141/ia.59.10.
  3. Kristiansen, Kristian (2009). "The Discipline of Archaeology". The Oxford Handbook of Archaeology. পৃষ্ঠা. 3–46. doi:10.1093/oxfordhb/9780199271016.013.0001. ISBN 978-0-19-927101-6.
  4. Roche, Hélène; Kent, Dennis V.; Kirwa, Christopher; Lokorodi, Sammy; Wright, James D.; Mortlock, Richard A. et al. (May 2015). "3.3 million-year-old stone tools from Lomekwi 3, West Turkana, Kenya". Nature খণ্ড 521 (7552): 310–315. doi:10.1038/nature14464. PMID 25993961. https://hal.science/hal-01159189.
  5. The Oxford Encyclopedia of Mesoamerican Cultures. Oxford University Press. 2001. ISBN 978-0-19-510815-6. https://www.oxfordreference.com/view/10.1093/acref/9780195108156.001.0001/acref-9780195108156 আহৰণ কৰা হৈছে: 22 July 2020.
  6. "Archaeology as a Central Issue in the Creation of Identity". Encyclopédie d'histoire numérique de l'Europe. https://ehne.fr/en/encyclopedia/themes/arts-in-europe/nationalist-speeches-art-during-19th-century/archaeology-a-central-issue-in-creation-identity আহৰণ কৰা হৈছে: 2022-12-22.
  7. Bueno, Christina (2016). The Pursuit of Ruins: Archaeology, History, and the Making of Modern Mexico. প্ৰকাশক Albuquerque: University of New Mexico Press. পৃষ্ঠা. 25 ff.
  8. Markin, Pablo (10 April 2017). "A special issue of Open Archaeology on non-professional metal-detecting". de Gruyter. http://openscience.com/a-special-issue-of-open-archaeology-on-non-professional-metal-detecting/.
  9. Banning, Edward B. (29 May 2019). "The archaeological impacts of metal detecting". Open Archaeology খণ্ড 5 (1): 180–186. doi:10.1515/opar-2019-0013.