সমললৈ যাওক

পুৰুৰৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুৰুৰৱা

২০ শতিকাত অংকন কৰা পুৰুৰৱাৰ চিত্ৰ
অন্য নাম পুৰুৰাৱাহ
পিতৃ-মাতৃ
সন্তান আয়ুস, অমাৱসু, বিশ্বায়ু বা বিনায়ুস, শ্ৰুতায়ু বা ধীমৎ, শতায়ু আতু দৃধায়ু
হিন্দু পাঠ্য মহাভাৰত, ঋকবেদ, বিক্ৰমোৱৰ্শীয়ম, পুৰাণ

পুৰুৰৱা হিন্দু সাহিত্যৰ এটা চৰিত্ৰ, চন্দ্ৰ বংশৰ প্ৰথমজন ৰজা বুলি গণ্য কৰা এজন ৰজা।[1]

বেদৰ মতে তেওঁ সূৰ্য আৰু উষাৰ সৈতে জড়িত এক কিংবদন্তি সত্ত্বা, আৰু তেওঁ মহাবিশ্বৰ মধ্য অঞ্চলত বাস কৰে বুলি বিশ্বাস কৰা হয়। ঋগবেদত (X.95.18) উল্লেখ আছে যে তেওঁ ইলা[2] পুত্ৰ আছিল আৰু এজন ধৰ্মপৰায়ণ শাসক আছিল। অৱশ্যে মহাভাৰতত উল্লেখ আছে যে ইলা তেওঁৰ মাক আৰু পিতৃ দুয়োজনেই আছিল। বিষ্ণু পুৰাণৰ মতে তেওঁৰ পিতৃ বুঢ়া আৰু তেওঁ পুৰুৰৱ জনগোষ্ঠীৰ পূৰ্বপুৰুষ আছিল, যাৰ পৰা মহাভাৰতৰ যাদৱ, কৌৰৱ আৰু পাণ্ডৱৰ জন্ম হৈছিল।

কিংবদন্তি

[সম্পাদনা কৰক]

জন্ম আৰু প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

বুধ আৰু ইলাৰ পুত্ৰ হিচাপে ত্ৰেতাযুগত পুৰুৰাৱৰ জন্ম হৈছিল। বুধ চন্দ্ৰ দেৱতাৰ পুত্ৰ আছিল আৰু এইদৰে পুৰুৰৱা প্ৰথম চন্দ্ৰবংশী ৰজা আছিল। যিহেতু তেওঁৰ জন্ম পুৰু পৰ্বতত হৈছিল, সেয়েহে তেওঁক পুৰুৰৱা বুলি কোৱা হৈছিল।[3]

পুৰাণৰ মতে প্ৰতিষ্ঠান (প্ৰয়াগ[4])ৰপৰাই পুৰুৰৱা ৰাজত্ব কৰিছিল। তেওঁ ব্ৰহ্মাৰ ওচৰত তপস্যা কৰিলে আৰু বৰদান হিচাপে তেওঁক সমগ্ৰ পৃথিৱীৰ অধীশ্বৰ কৰা হ’ল। পুৰুৰৱাই শতাধিক অশ্বমেধ যজ্ঞ পাতিছিল। অসুৰবোৰ তেওঁৰ অনুগামী আছিল, আনহাতে দেৱতাসকল তেওঁৰ বন্ধু আছিল।

মহাভাৰতৰ মতে, পুৰুৰৱাই গন্ধৰ্ব অঞ্চলৰপৰা পৃথিৱীলৈ (যজ্ঞৰ উদ্দেশ্যে) তিনিবিধ অগ্নি আনিবলৈ গৈছিল, য’ত তেওঁ উৰ্বশীক লগ পাই তেওঁৰ প্ৰেমত পৰিছিল। সম্ভৱ পৰ্বত পুৰুৰৱাই নিজৰ শক্তিত মদমত্ত হৈ ব্ৰাহ্মণৰ লগত কাজিয়া কৰিছিল। সনৎকুমাৰে ব্ৰহ্মলোকৰপৰা পৰামৰ্শ দিবলৈ আহিছিল। কিন্তু পুৰুৰৱাই উপদেশৰ প্ৰতি কাণ নিদিলে। এই কথাত ক্ষুব্ধ হৈ ঋষিসকলে পুৰুৰৱাক শাস্তি দিলে আৰু তেওঁৰ ধ্বংস হ’ল।

পুৰুৰৱা আৰু উৰ্বশী

[সম্পাদনা কৰক]
উৰ্বশী আৰু পুৰুৰৱা, ৰাজা ৰবি বৰ্মাৰ এখন ছবি।

পুৰুৰৱা উৰ্বশী নামৰ অপ্সৰাৰ প্ৰেমত পৰিল। পুৰুৰৱাই তেওঁক পত্নী হ’বলৈ আহ্বান জনালে, কিন্তু তেওঁ দুটা-তিনিটা চৰ্তত মান্তি হ’ল। চৰ্তসমূহ হ'ল যে, পুৰুৰৱাই উৰ্বশীৰ পোহনীয়া ভেড়াবোৰক ৰক্ষা কৰিব আৰু তেওঁলোকে কেতিয়াও ইজনে সিজনক উলংগ অৱস্থাত দেখা নকৰিব (প্ৰেম নিবেদনৰ বাহিৰে)।[5]

পুৰুৰৱাই চৰ্তত সন্মতি দিলে আৰু তেওঁলোকে সুখেৰে সংসাৰ কৰিবলৈ ধৰিলে। ইপিনে ইন্দ্ৰই উৰ্বশীক সুঁৱৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁ এনে পৰিস্থিতিৰ সৃষ্টি কৰিলে য’ত উৰ্বশীৰ চৰ্তবোৰ ভংগ হয়। প্ৰথমে তেওঁ কিছুমান গন্ধৰ্বক দম্পতীহালে প্ৰেম কৰি থকা সময়ত ভেড়াবোৰ চুৰ কৰিবলৈ পঠিয়ালে। পোহনীয়া জন্তুৰ চিঞৰ শুনি উৰ্বশীয়ে পুৰুৰৱাক খং কৰিলে যে তেওঁ তেওঁৰ প্ৰতিশ্ৰুতি পালন নকৰিলে। তেওঁৰ কঠোৰ কথা শুনি পুৰুৰৱাই নিজৰ উলংগ অৱস্থাৰ কথা পাহৰি ভেড়াৰ পিছে পিছে দৌৰি গ’ল। ঠিক তেতিয়াই ইন্দ্ৰই বিজুলী মাৰি পঠিয়ালে আৰু তাৰ পোহৰত উৰ্বশীয়ে স্বামীক উলংগ অৱস্থাত দেখিলে। এই ঘটনাৰ পিছত উৰ্বশী স্বৰ্গলৈ উভতি গ’ল, আৰু ভগ্ন হৃদয়ৰ পুৰুৰৱাক পৃথিৱীত এৰি থৈ গ’ল। উৰ্বশী পৃথিৱীলৈ নামি আহি পুৰুৰৱাৰ বহু সন্তান জন্ম দিছিল, কিন্তু তেওঁলোক সম্পূৰ্ণৰূপে একত্ৰিত হৈ নাথাকিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2015-04-15). "Genealogy of the princes of the lunar race [Chapter CXXXIX"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-garuda-purana-dutt/d/doc122619.html। আহৰণ কৰা হৈছে: 2022-10-03. 
  2. Misra, V.S. (2007). Ancient Indian Dynasties, Mumbai: Bharatiya Vidya Bhavan, আই.এচ.বি.এন. 81-7276-413-8, p.57
  3. www.wisdomlib.org (2015-07-13). "Pururavas, Purūravas: 9 definitions". www.wisdomlib.org. https://www.wisdomlib.org/definition/pururavas। আহৰণ কৰা হৈছে: 2020-09-02. 
  4. Wilson, H.H. (1840). The Vishnu Purana, Book IV, Chapter I, footnote 7.
  5. Tanvi, J (25 May 2017). "The Tragic Love Story Of Urvashi, An Apsara, And King Pururavas, A Mortal". Blush. https://www.blush.me/unwind/the-tragic-love-story-of-urvashi-an-apsara-and-king-pururavas-a-mortal. সাঁচ:Self-published inline