সমললৈ যাওক

পূজা উমাশংকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূজা উমাশংকৰ

২০১২ চনত পূজা
জন্ম পূজা গৌতমী উমাশংকৰ
কলম্বো, শ্ৰীলংকা
শিক্ষা বাল্ডৱিন গাৰ্লছ' হাই স্কুল, বেংগালুৰু
মাউণ্ট কাৰমেল কলেজ, বেংগালুৰু
পেচা মডেল, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৩–২০১৬
দাম্পত্যসঙ্গী প্ৰশান ডেভিড ভেথাকান (বি. ২০১৬)

পূজা গৌতমী উমাশংকৰ এগৰাকী ভাৰতীয় আৰু শ্ৰীলংকান অভিনেত্ৰী যিয়ে মূলত তামিল আৰু সিংহল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

পূজাৰ পিতৃ, এইচ. আৰ. উমাশংকৰ, এজন কৰ্ণাটকৰ শৃংগেৰীৰ কন্নড় ব্ৰাহ্মণ আছিল, আৰু মাতৃ, সন্দ্যা, এজনী শ্ৰীলংকান সিংহল মহিলা। তেওঁৰ পিতৃ হিন্দুস্তান ইউনিলিভাৰত কৰ্মৰত আছিল। পূজাই শ্ৰীলংকাত প্ৰাথমিক শিক্ষাগ্ৰহণ কৰাৰ পিছত ভাৰতলৈ আহি চিকমগালুৰ আৰু মাইচোৰত অধ্যয়ন কৰে।[1]

পূজাই কন্নড়, সিংহল, তামিল আৰু ইংৰাজী ভাষা ক'ব পাৰে৷[2]

২০১৬ চনৰ ডিচেম্বৰ মাহত শ্ৰীলংকাৰ ব্যৱসায়ী প্ৰশন ডেভিদ ভেঠাকনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[3]

জীৱন আৰু জীৱিকা

[সম্পাদনা কৰক]

পূজা প্ৰথমে পৰিচালক জীৱাৰ জৰিয়তে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তেওঁ ২০০৩ চনত উল্লাম কেট্কুমায়ে ছবিৰ জৰিয়তে অভিনয় আৰম্ভ কৰে। তেওঁৰ দ্বিতীয় ছবি জয় জয় (২০০৪) আছিল, যি তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ।[4]

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]
বছৰচলচ্চিত্ৰচৰিত্ৰভাষাটোকা
২০০৩জয় জয়সীমাতামিল
২০০৪আট্টাহাসামসপনাতামিল
২০০৫উল্লাম কেট্কুমায়েআইৰিনতামিল
২০০৬আঞ্জালিকাআঞ্জালিকা, উত্থাৰাসিংহল
২০০৯নান কাদাৱুলহমশাৱালিতামিল
২০১২কুসা পাবাপাবাৱথীসিংহল
২০১৩ভিডিয়ুম মুনৰেখাতামিল
২০১৬পাঠ্তিনীকান্নাগীসিংহল

টেলিভিছন

[সম্পাদনা কৰক]
অনুষ্ঠানভূমিকাভাষাধৰণ
দাস্কনপ্ৰিন্সেছ প্ৰমিলাসিংহলটেলিছিৰিয়েল
Dance Jodi Danceবিচাৰকতামিলৰিয়েলিটি শ্বো

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
বছৰবঁটাশ্ৰেণীচলচ্চিত্ৰফলাফল
২০০৯তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাসৰ্বশ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীনান কাদাৱুলবিজয়ী
২০১০ফিল্মফেয়াৰ দক্ষিণ চলচ্চিত্ৰ বঁটাসৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী (তামিল)নান কাদাৱুলবিজয়ী
২০১৩হিৰু গ'ল্ডেন ফিল্ম এৱাৰ্ডআটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীকুসা পাবাবিজয়ী

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "I am enjoying every moment of acting". The Hindu (Chennai, India). 30 May 2007. http://www.hindu.com/2007/05/30/stories/2007053002710200.htm.
  2. "Actress Pooja gets married" (en ভাষাত). The Times of India. January 16, 2017. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/actress-pooja-gets-married/articleshow/56084641.cms.
  3. "Actress Pooja gets married" (en ভাষাত). The Times of India. January 16, 2017. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/actress-pooja-gets-married/articleshow/56084641.cms.
  4. "Oram Po… here she comes". The Hindu (Chennai, India). 30 November 2007. Archived from the original on 2 December 2007. https://web.archive.org/web/20071202113842/http://www.hindu.com/cp/2007/11/30/stories/2007113050060300.htm.