পূজা ঘাটকাৰ
| পূজা ঘাটকাৰ | ||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১৬ চনৰ এছিয়ান গেমছত পূজা ঘাটকাৰ | ||||||||||||||||
| ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||
| জন্ম | ১৯৮৯ (বয়স ৩৫–৩৬) পুনে, মহাৰাষ্ট্ৰ, ভাৰত | |||||||||||||||
| উচ্চতা | ১৬৫ চেণ্টিমিটাৰ (৬৫ ইঞ্চি) | |||||||||||||||
| ওজন | ৬৪ কেজি (১৪০ পাউণ্ড) | |||||||||||||||
| ক্ৰীড়া | ||||||||||||||||
| দেশ | ||||||||||||||||
| ক্ৰীড়া | শ্বুটিং | |||||||||||||||
পদক অভিলেখ
| ||||||||||||||||
পূজা ঘাটকাৰ (ইংৰাজী: Pooja Ghatkar; জন্ম: ১৯৮৯) এগৰাকী ভাৰতীয় পেছাদাৰী শ্বুটাৰ। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত অংশগ্ৰহণ কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]২০১৩ চনত দিল্লীত অনুষ্ঠিত হোৱা ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত অংশগ্ৰহণ কৰি ঘাটকাৰে স্বৰ্ণ পদক লাভ কৰিছিল। পিছৰ বছৰ ২০১৪ চনত কুৱেইট চহৰত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে।[1] যোগ্যতা অৰ্জনকাৰী ৰাউণ্ডত তেওঁ ৪১৩.১ আৰু ফাইনেলত ২০৮.৮ ৰান সংগ্ৰহ কৰি চীনৰ ডু বেজৰ ২০৭.২ স্ক’ৰক পৰাস্ত কৰে।
২০১৬ চনৰ ৰিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ নতুন দিল্লীত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফাইং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ফাইনেলত ৮.৮ ৰান সংগ্ৰহ কৰি সহযোগী ভাৰতীয় খেলুৱৈ আয়োনিকা পলৰ হাতত পৰাস্ত হোৱাৰ পিছত আৰু ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত তেওঁ এই স্থান হেৰুৱাই পেলায়।[2] ২০১৭ চনত নতুন দিল্লী বিশ্বকাপত ব্ৰঞ্জৰ পদক লাভ কৰাটো তেওঁৰ প্ৰথমটো বৃহৎ আন্তঃৰাষ্ট্ৰীয় জয় আছিল। অৰ্হতা ৰাউণ্ডত ৪১৮.০ স্ক’ৰ কৰি তেওঁ ফাইনেলত দ্বিতীয় স্থানত প্ৰৱেশ কৰে। ফাইনেলত তেওঁ ২২৮.৮ ৰান কৰিবলৈ সক্ষম হয়। চীনৰ ডং লিজিৰ হাতত তেওঁ পৰাস্ত হয়।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Shooter Pooja Ghatkar wins gold in Asian Championship". The Times of India. 9 March 2014. Archived from the original on 25 February 2017. https://web.archive.org/web/20170225104502/http://timesofindia.indiatimes.com/sports/more-sports/shooting/Shooter-Pooja-Ghatkar-wins-gold-in-Asian-Championship/articleshow/31744367.cms। আহৰণ কৰা হৈছে: 25 February 2017.
- ↑ "Iran's Najmeh Khedmati grabs the Air Rifle Gold, India gets Silver, Bronze and a quota". International Shooting Sport Federation. issf-sports.org. 29 January 2016. Archived from the original on 25 February 2017. https://web.archive.org/web/20170225110749/http://www.issf-sports.org/news.ashx?newsid=2472। আহৰণ কৰা হৈছে: 25 February 2017.
- ↑ Srinivsasan, Kamesh. "SHOOTING Shooting World Cup: Pooja Ghatkar gets India off to a medal start". sportstarlive.com. http://www.sportstarlive.com/shooting/shooting-world-cup-pooja-ghatkar-gets-india-a-medal-start/article17361590.ece। আহৰণ কৰা হৈছে: 25 February 2017.