পূজা বেদী
| পূজা বেদী | |
|---|---|
২০১৯ চনত বেদী | |
| জন্ম | ১১ মে', ১৯৭০ (৫৬ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| অন্য নাম | নুৰজাহান[1] |
| পেচা | অভিনেত্ৰী, দূৰদৰ্শন উপস্থাপিকা, সম্পৰ্কীয় স্তম্ভলেখক |
| সক্ৰিয় হৈ থকা সময় | ১৯৯১–২০২০ |
| দাম্পত্যসঙ্গী | ফাৰহান ইব্ৰাহিম ফাৰ্নিচাৰৱালা (বি. ১৯৯৪; বিবি. ২০০৩) |
| সন্তান | ২ (আলায়া ফাৰ্নিচাৰৱালাসহ) |
পূজা বেদী (ইংৰাজী: Pooja Bedi; জন্ম: ১১ মে' ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, দূৰদৰ্শনৰ টক শ্ব' হোষ্ট আৰু বাতৰি কাকতৰ স্তম্ভলেখক। তেওঁ ভাৰতীয় অভিনেতা কবীৰ বেদী আৰু প্ৰতিমা বেদীৰ কন্যা। তেওঁ বাস্তৱধৰ্মী দূৰদৰ্শন অনুষ্ঠান ঝলক দিখলা যা, নাচ বলিয়ে, ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী আৰু বিগ বছত অংশগ্ৰহণ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]পূজা বেদীৰ জন্ম হৈছিল ১৯৭০ চনৰ ১১ মে'ত[2] বোম্বাইত (বৰ্তমানৰ মুম্বাই)। তেওঁ প্ৰয়াত ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী প্ৰতিমা আৰু অভিনেতা কবীৰ বেদীৰ কন্যা। তেওঁৰ দেউতাকৰফালৰপৰা পঞ্জাবী শিখ আৰু ব্ৰিটিছ ইংৰাজ বংশৰ, আৰু মাকৰফালৰপৰা বঙালী আৰু হাৰিয়ানৱী বংশৰ।[3] তেওঁক ডাঙৰ-দীঘল কৰা পৰিৱেশটোক তেওঁ নিজে "বোহেমিয়ান প্ৰগতিশীল শৈল্পিক পৰিৱেশ" বুলি অভিহিত কৰে।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]কেৰিয়াৰৰ আৰম্ভণি (১৯৯১–২০০৬)
[সম্পাদনা কৰক]১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈ বেদীয়ে বলীউডৰ ছবিত কাম কৰিছিল আৰু বহুতো বিজ্ঞাপন তথা প্ৰচাৰ অভিযানত দেখা গৈছিল। বিশেষকৈ তেওঁ সমৰ্থন কৰা কামাৰ্সূত্ৰ কণ্ডম অভিযানৰ জৰিয়তে তেওঁ এইচ আই ভি/এইডছ সম্পৰ্কে সজাগতা বৃদ্ধিৰ কাম কৰিছিল।[4]
জগ মুন্ধ্ৰাৰ ছবি বিষকন্যা (১৯৯১)ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ আমিৰ খানৰ সৈতে জো জিতা ৱহী সিকন্দৰ (১৯৯২) ছবিত অভিনয় কৰে। তেওঁৰ অভিনীত আন আন ছবিসমূহৰ ভিতৰত লুটেৰে (১৯৯৩)[5] আৰু আতংক হী আতংক (১৯৯৫) অন্যতম।[6]
ৰিয়েলিটী শ্ব'ত আত্মপ্ৰকাশ আৰু পৰৱৰ্তী সময় (২০০৬–২০২০)
[সম্পাদনা কৰক]২০০০ চনত তেওঁ তেওঁৰ মাতৃ প্ৰতিমা বেদীৰ স্মৃতিকথা টাইমপাছ সংকলন আৰু সম্পাদনা কৰে। তেওঁ টাইমছ অৱ ইণ্ডিয়া, হিন্দুস্তান টাইমছ আৰু মিড ডে কাকতৰ স্তম্ভলেখক আছিল আৰু এল'ফিচিয়েল, ফেমিনা তথা দ্য উইকসহ বহুতো আলোচনীৰ বাবে প্ৰবন্ধ লিখিছে।[7]
২০০৬ চনত বেদীয়ে ঝলক দিখলা যাৰ প্ৰথম ছিজনত অংশ লৈছিল আৰু ইয়াৰ পিছত ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ীত অংশগ্ৰহণ কৰে। ২০০৭ চনত বেদীয়ে হানিফ হিলালৰ সৈতে নাচ বলিয়েত অভিনয় কৰিছিল। ২০১১ চনত তেওঁ বাস্তৱধৰ্মী টিভি অনুষ্ঠান বিগ বছৰ পঞ্চম ছিজনত এগৰাকী চেলিব্ৰিটি প্ৰতিযোগী হিচাপে অংশ লয়।[8] সেই ঘৰটোত ৮ সপ্তাহ (৫৬ দিন) থকাৰ পিছত তেওঁক বহিষ্কাৰ কৰা হয়।[9]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]বেদীয়ে ১৯৯০ চনত লগ পোৱা এজন গুজৰাটী মুছলমান ফাৰহান ফাৰ্নিচাৰৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৯৪ চনৰ ৬ মে'ত তেওঁলোকৰ বিবাহ সম্পন্ন হয় আৰু বিবাহৰ সময়ত বেদীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি 'নুৰজাহান' নাম লয়।[1][10] তেওঁলোকৰ আলায়া ফাৰ্নিচাৰৱালাসহ দুটা সন্তান আছে। ২০০৩ চনত বেদী আৰু ফাৰহানৰ বিবাহ বিচ্ছেদ হয়।[11]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 "Pooja Bedi: The siege within". June 2003. https://timesofindia.indiatimes.com/delhi-times/pooja-bedi-the-siege-within/articleshow/479019467.cms.
- 1 2 Sawhney, Anubha (1 June 2003). "Pooja Bedi: The siege within". The Times of India. http://timesofindia.indiatimes.com/city/delhi-times/Pooja-Bedi-The-siege-within/articleshow/479019467.cms.
- ↑ "Pooja Bedi: I have really liked all my father's girlfriends, and wives, including Parveen Babi - Times of India". 11 May 2021. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/pooja-bedi-i-have-really-liked-all-my-fathers-girlfriends-and-wives-including-parveen-babi/articleshow/82547166.cms.
- ↑ Misra, Shubhangi (16 February 2020). "The KamaSutra ad that changed the role of condoms in India from functional to pleasurable". ThePrint. https://theprint.in/features/brandma/the-kamasutra-ad-that-changed-the-role-of-condoms-in-india-from-functional-to-pleasurable/365611/। আহৰণ কৰা হৈছে: 12 May 2021.
- ↑ "Lootere Movie: Showtimes, Review, Trailer, Posters, News & Videos | eTimes", The Times of India, https://timesofindia.indiatimes.com/entertainment/hindi/movie-details/lootere/movieshow/61330799.cms, আহৰণ কৰা হৈছে: 9 March 2021
- ↑ "rediff.com: Aamir: Then & Now". specials.rediff.com. https://specials.rediff.com/movies/2004/mar/12aamir3.htm.
- ↑ "Actress and columnist Pooja Bedi's barefoot moment!" (en ভাষাত). Zee News. 28 September 2011. https://zeenews.india.com/entertainment/glamtalk/actress-and-columnist-pooja-bedi-s-barefoot-moment_97242.html। আহৰণ কৰা হৈছে: 9 March 2021.
- ↑ "Bigg Boss 5: Juhi Parmar to Shakti Kapoor, here's the final list of contestants". 2 October 2011. https://www.hindustantimes.com/tv/one-beast-13-beauties-in-bigg-boss-5/story-ugYpcWswrhaIFA61nCRvzJ.html। আহৰণ কৰা হৈছে: 18 October 2018.
- ↑ "Sky is the most fake person in Bigg Boss". 5 December 2011. http://www.rediff.com/movies/slide-show/slide-show-1-tv-interview-with-shraddha-sharma/20111205.htm। আহৰণ কৰা হৈছে: 18 October 2018.
- ↑ "Pooja Bedi REVEALS quitting acting for ex-husband Farhan Furniturewalla's family". 4 June 2021. https://www.thelivemirror.com/pooja-bedi-quit-acting-ex-husband-farhan-furniturewalla-family/। আহৰণ কৰা হৈছে: 1 May 2022.
- ↑ Ramasubramanian, Uma (24 February 2019). "My kids wanted me to settle down for many years now, says Pooja Bedi" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/entertainment/bollywood/240219/my-kids-wanted-me-to-settle-down-for-many-years-now-says-pooja-bedi.html। আহৰণ কৰা হৈছে: 16 May 2021.
- ↑ "Pooja Bedi engaged to boyfriend Maneck Contractor: He proposed to me in a hot air balloon" (en ভাষাত). India Today. https://www.indiatoday.in/lifestyle/celebrity/story/pooja-bedi-engaged-to-boyfriend-maneck-contractor-he-proposed-to-me-in-a-hot-air-balloon-1462346-2019-02-22.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত পূজা বেদী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- [http:// আধিকাৰিক ৱেবছাইট] [সংযোগবিহীন উৎস]
- পূজা বেদী সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- পূজা বেদী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।