পূজা সুদ

পূজা সুদ (ইংৰাজী: Pooja Sood) হ'ল এগৰাকী ভাৰতীয় কিউৰেটৰ আৰু কলা ব্যৱস্থাপনা পৰামৰ্শদাতা। তেওঁ খোজ আন্তঃৰাষ্ট্ৰীয় শিল্পী সংস্থাৰ প্ৰতিষ্ঠাপক সদস্য আৰু সঞ্চালক।[1]
শিক্ষা
[সম্পাদনা কৰক]গণিতৰ স্নাতক পূজা সুদ পুনেৰ চিম্বায়’ছিছ ইনষ্টিটিউট অৱ বিজনেছ মেনেজমেণ্টৰ পৰা মাৰ্কেটিঙত এম.বি.এ. (১৯৮৪–৮৬)। চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ কলা ইতিহাসত এম এ (১৯৯০–৯২) ডিগ্ৰী লাভ কৰে।[2] বুডাপেষ্টৰ চি.ই.ইউ.ৰ পৰা তেওঁ সাংস্কৃতিক নীতিৰ প্ৰমাণপত্ৰ লাভ কৰাৰ (২০০৭) লগতে ইউৰোপীয় গ্ৰীষ্মকালীন একাডেমী, আই.চি.চি.এম. ছালজবাৰ্গৰ পৰা কলা ব্যৱস্থাপনা (২০০০) বিষয়ত প্ৰমাণপত্ৰ লাভ কৰে৷[3]
সাফল্য
[সম্পাদনা কৰক]ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন (এইচ আৰ ডি) মন্ত্ৰালয়ৰ পৰা জুনিয়ৰ ফেল’শ্বিপ লাভ কৰা সুদে ১৯৯৮ চনত কলাৰ বাবে পুঁজিৰ ডাইৰেক্টৰী প্ৰস্তুত কৰিছিল।[3] ইয়াৰ উপৰিও তেওঁ ব্ৰিটেইনৰ ক্ল’ৰ লিডাৰশ্বিপ প্ৰগ্ৰেমৰ চেভেনিং পণ্ডিত (২০০৯-২০১১)।[4]
প্ৰকাশন
[সম্পাদনা কৰক]তেওঁ হাৰ্পাৰকলিন্সৰ দ্বাৰা প্ৰকাশিত ২০১০ চনৰ দ্য খোজ বুক অৱ কনটেম্পেৰাৰী ইণ্ডিয়ান আৰ্টঃ ১৯৯৭-২০০৭ৰ সম্পাদক।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Advisory Group". Sher-Gil Sundaram Arts Foundation. http://ssaf.in/advisory-group/। আহৰণ কৰা হৈছে: 8 March 2019.
- ↑ "Pooja Sood On Her Decades-Long Tryst With The Arts". Verve Magazine. July 28, 2017. http://www.vervemagazine.in/people/catalyst-of-creativity-pooja-sood.
- ↑ 3.0 3.1 "PEOPLE AT KHOJ « KHOJ". Archived from the original on 2019-03-15. https://web.archive.org/web/20190315105425/http://khojworkshop.org/khoj-people/। আহৰণ কৰা হৈছে: 2019-03-08.
- ↑ "Sher-Gil Sundaram Arts Foundation | Advisory Group". http://ssaf.in/advisory-group/.
- ↑ Pooja Sood (2010). The Khoj Book Of Contemporary Indian Art: 1997-2007. Harpercollins. ISBN 978-8172236878. https://www.amazon.in/Khoj-Book-Contemporary-Indian-Art/dp/B0072I0THC। আহৰণ কৰা হৈছে: 8 March 2019.