সমললৈ যাওক

পূজা হেগড়ে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূজা হেগড়ে

২০২২ চনত পূজা হেগড়ে
জন্ম ১৩ অক্টোবৰ, ১৯৯০ (৩৫ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
শিক্ষানুষ্ঠান এম. এম. কে. কলেজ (বাণিজ্য স্নাতক)
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১২–বৰ্তমান

পূজা হেগড়ে (জন্ম ১৩ অক্টোবৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত তেলুগু, হিন্দী আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ চাৰিটা দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে চাৰিবাৰ ফিল্মফেয়াৰ দক্ষিণ ভাৰত বঁটাৰ মনোনয়ন পাইছে।

২০১০ চনত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পাছত, পূজা হেগড়ে ২০১২ চনত তামিল চলচ্চিত্ৰ মুগামূড়িৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তেলুগু চলচ্চিত্ৰ ওকা লাইলা কোসম আৰু মুকুন্দা (২০১৪)ত অভিনয় কৰি তেওঁ বিশেষ পৰিচিতি লাভ কৰে। ২০১৭ চনত মুক্তি পোৱা একশন-কমেডী চলচ্চিত্ৰ ডি জে: দুৱ্বাদা জগন্নাথম তেওঁক ব্যাপক জনপ্ৰিয়তা প্ৰদান কৰে। ২০১৬ চনত তেওঁ হিন্দী চলচ্চিত্ৰ মহেঞ্জো দাৰোৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰে। ইয়াৰ পাছত হাউছফুল ৪ (২০১৯)ত অভিনয় কৰি বাণিজ্যিক সফলতা লাভ কৰে।

তেলুগু চলচ্চিত্ৰ অৰবিন্দ সমেথা বীৰ ৰাঘৱা (২০১৮), মহাৰ্ষি (২০১৯) আৰু আলা বৈকুণ্ঠপুৰামুলু (২০২০)ত অভিনয় কৰি তেওঁ নিজকে শক্তিশালী অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। আলা বৈকুণ্ঠপুৰামুলু চলচ্চিত্ৰখনৰ বাবে তেওঁ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী (তেলুগু) সন্মান লাভ কৰে। ২০২১ চনত মুক্তি পোৱা মোষ্ট এলিজিবল বেচেলৰ চলচ্চিত্ৰৰ বাবে তেওঁ পুনৰ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তাৰ পাছত তেওঁ তামিল চলচ্চিত্ৰ বিষ্ট (২০২২) আৰু ৰেট্ৰো (২০২৫)ত অভিনয় কৰে।

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

পূজা হেগডে জন্মগ্ৰহণ কৰিছিল ১৩ অক্টোবৰ ১৯৯০ তাৰিখে,[1][2]। তেওঁ মহাৰাষ্ট্ৰমুম্বাই চহৰত তুলু ভাষী বান্ট পৰিয়ালত ডাঙৰ-দীঘল হয়।[3][4] তেওঁৰ পিতৃ মঞ্জুনাথ হেগডে এগৰাকী ফৌজদাৰী আইনজ্ঞ আৰু মাতৃ লতা হেগডে এগৰাকী ইমিউনোলজিষ্ট তথা উদ্যোগপতি।[5] তেওঁলোকৰ মূল বাসস্থান কৰ্ণাটকৰ উদুপিত।[6] পূজাৰ দাদা ৰিষভ হেগডে এগৰাকী অৰ্থোপেডিক শল্য চিকিৎসক।[7] তুলুৰ লগতে তেওঁ ইংৰাজী, হিন্দী, মাৰাঠী আৰু কানাড়া ভাষাত সাবলীল।[8] তেলুগু চলচ্চিত্ৰ জগতত কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত তেওঁ তেলুগু ভাষাও শিকে।[9] তেওঁ বেঙ্গালুৰুক নিজৰ গৃহচহৰ বুলি গণ্য কৰে আৰু সেই ঠাইৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰাখে।[6][10] পূজাই মুম্বাইস্থিত মানেকজি কুপাৰ এডুকেশ্বন ট্ৰাষ্ট স্কুলত বিদ্যালয় শিক্ষা সম্পূৰ্ণ কৰে।[11] পাছত তেওঁ এম. এম. কে. কলেজৰ পৰা বাণিজ্য স্নাতক ডিগ্ৰী লাভ কৰে।[12] তেওঁ ভৰতনাট্যমসহ শাস্ত্ৰীয় নৃত্য আৰু সংগীতত প্ৰশিক্ষণ লৈছে।[13]

কলেজত অনুষ্ঠিত এক অনুষ্ঠানত মিছ ইণ্ডিয়াৰ এগৰাকী প্ৰতিনিধিয়ে পূজাক লগ পাই সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।[14] তেওঁ ২০০৯ চনত মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও আৰম্ভণি পৰ্যায়তে বাদ পৰে; তথাপি তেওঁ ‘মিছ ইণ্ডিয়া টেলেণ্টেড ২০০৯’ খিতাপ লাভ কৰে।[15] ২০১০ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া দক্ষিণ প্ৰতিযোগিতাত উপ-বিজয়ী হয় আৰু ‘মিছ ইণ্ডিয়া দক্ষিণ গ্ল্যামাৰাছ হেয়াৰ ২০১০’ খিতাপ লাভ কৰে।[16] সেই বছৰে তেওঁ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০১০ প্ৰতিযোগিতাত দ্বিতীয় উপ-বিজয়ী স্থান লাভ কৰে।[17] চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ আগতে তিনিবছৰ ধৰি তেওঁ কেইবাটাও ডাঙৰ প্ৰযোজনা সংস্থাৰ প্ৰস্তাৱ নাকচ কৰে। শেষত মাতৃৰ পৰামৰ্শ অনুসৰি তেওঁ নিজৰ প্ৰথম চলচ্চিত্ৰ মুগামুদি গ্ৰহণ কৰে।[18][19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. N, Subbarao (13 October 2022). "Pooja Hegde: సామజవరగమనా.. నిను చూసి ఆగగలమా!?" (te ভাষাত). NTV Telugu. https://ntvtelugu.com/movie-news/pooja-hegde-birthday-special-story-246139.html.
  2. CH, Phani (13 October 2022). "Happy Birthday Pooja Hegde: పూజ హెగ్డే బర్త్ డే స్పెషల్ ట్రీట్.." (te ভাষাত). TV9 Telugu. https://tv9telugu.com/photo-gallery/cinema-photos/happy-birthday-pooja-hegde-latest-photos-on-13-10-2022-au61-800775.html.
  3. Suresh, Sunayana (7 December 2021). "I'm a Karnataka girl who's born and brought up in Mumbai: Pooja Hegde". The Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/im-a-karnataka-girl-whos-born-and-brought-up-in-mumbai-pooja-hegde/articleshow/88124872.cms আহৰণ কৰা হৈছে: 19 December 2024.
  4. "Pooja Hegde Wishes 'Goofiest Of Them All' Dad Manjunath On His B'day". Outlook India. 17 April 2024. https://www.outlookindia.com/art-entertainment/pooja-hegde-wishes-goofiest-of-them-all-dad-manjunath-on-his-bday আহৰণ কৰা হৈছে: 6 February 2025.
  5. Das, Pavna (8 June 2024). "ಅಪ್ಪ-ಅಮ್ಮನ ಜೊತೆ ಬುಟ್ಟ ಬೊಮ್ಮ ಬೆಡಗಿ ಪೂಜಾ ಹೆಗ್ಡೆ" (kn ভাষাত). Asianet Suvarna News. https://kannada.asianetnews.com/gallery/cine-world/viral-photo-of-south-indian-actress-pooja-hegde-with-her-family-pav-serhcr.
  6. 1 2 Gupta, Namita (27 July 2014). "Bengaluru is home for me: Pooja Hegde". Deccan Chronicle. https://www.deccanchronicle.com/140727/entertainment-sandalwood/article/bengaluru-home-me-pooja-hegde.
  7. Daithota, Madhu (31 July 2019). "When Pooja Hegde made a getaway to hometown Mangaluru". The Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/when-pooja-hegde-made-a-getaway-to-hometown-mangaluru/articleshow/70447153.cms.
  8. Reddy, Sridhar. News18 Telugu. https://telugu.news18.com/photogallery/movies/pooja-hegde-latest-photos-from-uk-looks-gorgeous-see-actress-stylish-pictures-srd-1380078.html.
  9. Prakash, B. V. S. (14 January 2020). "Telugu is a difficult language: Pooja Hegde". The Hans India. https://www.thehansindia.com/cinema/tollywood/telugu-is-a-difficult-language-pooja-hegde-597195.
  10. Suresh, Sunaiya (7 December 2021). "I'm a Karnataka girl who's born and brought up in Mumbai: Pooja Hegde". The Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/im-a-karnataka-girl-whos-born-and-brought-up-in-mumbai-pooja-hegde/articleshow/88124872.cms.
  11. Jain, Anusha (1 March 2025). "Who is Pooja Hegde?". IndiaTimes. https://www.indiatimes.com/entertainment/bollywood/who-is-pooja-hegde-know-about-the-tollywood-actresss-age-life-career-and-more-653674.html আহৰণ কৰা হৈছে: 24 July 2025.
  12. Manigandan, K. R. (19 August 2012). "Picture of confidence". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/picture-of-confidence/article3793545.ece.
  13. Sehgal, Geety (5 September 2014). "Pooja Hegde polishes her dancing skills for Mohenjo Daro". The Indian Express. https://indianexpress.com/article/entertainment/screen/pooja-hegde-polishes-her-dancing-skills-for-mohenjo-daro/.
  14. Sawamt, Nikita (9 April 2018). "Pooja Hegde: Coming up roses". Femina. https://www.femina.in/celebs/indian/pooja-hegde-coming-up-roses-84900.html আহৰণ কৰা হৈছে: 19 December 2024.
  15. "Pooja Hegde gives a peek into her camaraderie with Varun Dhawan". Gulf Today. 9 December 2024. https://www.gulftoday.ae/culture/2024/12/09/pooja-hegde-gives-a-peek-into-her-camaraderie-with-varun-dhawan.
  16. George, V. U. (18 October 2012). "‘Mugamoodi’ girl". Mangalore Today. https://www.scribd.com/document/111092297/October-2012 আহৰণ কৰা হৈছে: 18 October 2012.
  17. Pratiyogita Darpan – June 2009. June 2009. পৃষ্ঠা. 2107.
  18. Manigandan, K. R. (18 August 2012). "Picture of confidence". The Hindu. https://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/picture-of-confidence/article3793545.ece.
  19. Kavirayani, Suresh (20 December 2014). "I now realise that I can act: Pooja Hegde". Deccan Chronicle. https://www.deccanchronicle.com/141219/entertainment-tollywood/article/i-now-realise-i-can-act-pooja-hegde.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]