পূমাৰুতন থেইয়াম
| পূমাৰুতন থেইয়াম | |
|---|---|
২০১৬ চনত কুত্টমথ পূমালা মন্দিৰৰ কালিয়াট্টমত পূমাৰুতন থেইয়াম | |
| স্থানীয় নাম | പൂമാരുതൻ തെയ്യം |
| শৈলী | ধৰ্মীয় নৃত্য |
| উৎপত্তিমূল | কেৰালা, ভাৰত |
পূমাৰুতন থেইয়াম (Poomaruthan Theyyam) ভাৰতৰ কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত জনপ্ৰিয় এজন হিন্দু দেৱতা। আঞ্চলিক হিন্দু দেৱী পূমালা ভগৱতীৰ মন্দিৰসমূহত এই থেইয়াম প্ৰদৰ্শন কৰা হয়। পূমালা আৰু পূমাৰুতনক মূলতঃ থীয়া সম্প্ৰদায়ে পূজা কৰে। এই থেইয়াম প্ৰদৰ্শন কৰা মূল মন্দিৰসমূহ কান্নুৰ আৰু কাছাৰগোড জিলাত সিঁচৰিত হৈ আছে।
কিংবদন্তি
[সম্পাদনা কৰক]কিংবদন্তি অনুসৰি, পূমালা দেৱীয়ে তেওঁৰ সখীসকলৰ সৈতে স্বৰ্গীয় উদ্যানত সময় অতিবাহিত কৰিছিল। তেওঁ ফুল তুলিব বিচাৰিছিল, কিন্তু উদ্যানখনৰ ঐশ্বৰিক পহৰাদাৰসকলে বাধা দিছিল। পূমালা এজন পহৰাদাৰৰ সহায় বিচাৰিছিল, যি শিৱৰ পৰা উৎপন্ন হৈছিল আৰু বতাহৰ ৰূপত এটা ফুলি থকা ফুলৰ ভিতৰত জিৰণি লৈ আছিল।[1][2] দেৱীয়ে তেওঁক 'পূমাৰুথা' নামেৰে মাতিছিল (মালায়ালম ভাষাত 'পূ' মানে ফুল আৰু 'মাৰুতন' মানে বতাহ)।[1] তেওঁ পূমালাক সহায় কৰিছিল আৰু পিছলৈ তেওঁৰ ভাতৃস্বৰূপ বন্ধু হৈ পৰিছিল। ইয়াৰ পিছত পূমালা আৰু পূমাৰুতন মালানাড চাবলৈ পৃথিৱীলৈ আহিছিল।
পূমালা দেৱীৰ কৃপা লাভ কৰা আৰ্য ৰাজকুমাৰী আৰ্যপূনকানীয়ে বিশ্বকৰ্মাই নিৰ্মাণ কৰা এখন বিশাল কাঠৰ জাহাজত পূমাৰুতনৰ সৈতে ভ্ৰমণ কৰিছিল।[1] মালানাডু অভিমুখে যোৱা জাহাজখন চেৰুভাথুৰৰ ওৰিয়াৰা মোহনাৰ কাষ চাপিছিল।[1] কিংবদন্তি অনুসৰি ওৰিয়াৰা মন্দিৰৰ দেৱতা বিষ্ণুমূৰ্তিয়ে পূমালা আৰু পূমাৰুতনক ডাবৰ পানীৰে আদৰণি জনাইছিল।[1] বিশ্বাস কৰা হয় যে ইয়াৰ পিছত পূমালা আৰু পূমাৰুতন কাছাৰগোড জিলাৰ ওৰিয়াৰাত প্ৰতিষ্ঠিত হয়।
আন এক কিংবদন্তি অনুসৰি, পূমালা আৰু পূমাৰুতন এঝিমালাৰ কুৰুভানথাতাত অৱতৰণ কৰিছিল আৰু গ্ৰাম্য অঞ্চলৰ সৌন্দৰ্যত মুগ্ধ হৈ তেওঁ নিজ দেশলৈ ঘূৰি যোৱাৰ পৰিৱৰ্তে তাতেই থকাৰ সিদ্ধান্ত লৈছিল।[3][4][5] সেয়েহে কুৰুভানথাতা আৰু ৰামনথালিক কেৰালাৰ প্ৰথম পূমালা আৰু পূমাৰুতন মন্দিৰ বুলিও গণ্য কৰা হয়।[5]
উপাসনা
[সম্পাদনা কৰক]
উত্তৰ মালাবাৰৰ থীয়া সম্প্ৰদায়ে মূলতঃ পূমালা আৰু পূমাৰুতনক পূজা কৰে।[6] পূমালা মন্দিৰত পূমাৰুতনক থেইয়াম হিচাপে প্ৰদৰ্শন কৰা হয়।[7][3] কিন্তু পূমালা ভগৱতীৰ কোনো থেইয়াম ৰূপ নাই।[7]
থেইয়াম
[সম্পাদনা কৰক]
পূমাৰুতন থেইয়ামৰ বাবে বিশেষ মুখৰ কলা আৰু শৰীৰৰ কলা আছে। থেইয়ামে মুখত ক’লা মোছ আৰু দাড়িৰ দৰে সাজ-পোছাকো পিন্ধে। মূৰত কাঠৰ ডাঙৰ মুকুট সদৃশ অলংকাৰ থাকে, যাক মুডী বুলি জনা যায়। নিশাৰ ভাগত পৰিৱেশন কৰা থেইয়ামক ভেল্লাট্টম বুলি জনা যায়, য'ত সৰু মুডী ব্যৱহাৰ কৰা হয় আৰু দিনৰ ভাগত হোৱা থেইয়ামত ডাঙৰ মুডী ব্যৱহাৰ কৰা হয়। থেইয়ামে দুয়োখন হাতত এখন তৰোৱাল আৰু কাঠৰ ঢাল ধৰে। পূমাৰুতনৰ ধৰ্মীয় নৃত্যত ঢালখন ঘূৰাই আৰু তৰোৱালখন চলাই জীৱন্ত ভংগীমা প্ৰদৰ্শন কৰা হয়। সাজ-পোছাক, মুখৰ কলা আৰু শৰীৰৰ কলাৰ বাবে ব্যৱহাৰ কৰা সকলো সামগ্ৰী প্ৰাকৃতিক দ্ৰব্যৰ পৰা তৈয়াৰ কৰা হয়।[8]
থেইয়াম পৰিৱেশন কৰাৰ সময়ত ভল্যাকৰসকলক (মন্দিৰৰ সৈতে জড়িত ধৰ্মীয় সহায়ক) আৰু আনকি দৰ্শসকলকো ঢালেৰে খুন্দা মাৰে।[3] ভল্যাকৰসকলে থেইয়ামৰ পৰা কোব খাবলৈ আৰু থেইয়ামক উৎসাহিত কৰিবলৈ চিঞৰ-বাখৰ কৰি চাৰিওফালে জমা হয়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 "തീരത്തൊരു കപ്പലുകണ്ടു, കനല്ക്കുന്നില് നിന്നിറങ്ങി കടലിലേക്ക് ഓടി തെയ്യം!" (ml ভাষাত). Asianet News Network Pvt Ltd. https://www.asianetnews.com/culture-magazine/story-of-theyyam-running-to-sea-at-oriyarakkavu-sree-vishnu-moorthi-kshethram-rlebpf.
- ↑ Rider, Tiger; Vengara, Santhosh; Madapat, Saji; Mavericks, E. P. M.; Muragan, Puli (2 October 2022) (en ভাষাত). THEYYAM! Gods of God's Own Country: Confessions of a Monkey-Trapped Prodigal Son of The God's Own Country. EPM Mavericks LLC. ISBN 978-1-958260-76-0. https://books.google.com/books?id=fdyREAAAQBAJ&dq=%E0%B4%AA%E0%B5%82%E0%B4%AE%E0%B4%BE%E0%B4%B2+%E0%B4%AD%E0%B4%97%E0%B4%B5%E0%B4%A4%E0%B4%BF&pg=PT321। আহৰণ কৰা হৈছে: 21 March 2023.
- 1 2 3 4 "കാഴ്ചക്കാരെ പരിച കൊണ്ട് തട്ടി മാറ്റും; ആർപ്പുവിളികളുമായി പൂമാരുതൻ തെയ്യത്തിന്റെ വെള്ളാട്ടം" (ml ভাষাত). Manoramanews. https://www.manoramanews.com/news/kerala/2022/04/22/kasargod-poomaruthan-theyyam.html.
- ↑ Rider, Tiger; Vengara, Santhosh; Madapat, Saji; Mavericks, E. P. M.; Muragan, Puli (2 October 2022) (en ভাষাত). THEYYAM! Gods of God's Own Country: Confessions of a Monkey-Trapped Prodigal Son of The God's Own Country. EPM Mavericks LLC. ISBN 978-1-958260-76-0. https://books.google.com/books?id=fdyREAAAQBAJ&dq=%E0%B4%86%E0%B4%B0%E0%B5%8D%E0%B4%AF+%E0%B4%AA%E0%B5%82%E0%B4%AE%E0%B4%BE%E0%B4%B2+%E0%B4%AD%E0%B4%97%E0%B4%B5%E0%B4%A4%E0%B4%BF&pg=PT321। আহৰণ কৰা হৈছে: 21 March 2023.
- 1 2 Anil Kumar, V. K. (2 June 2020). "ആവീരെ നീരും കൈതേരെ തണലും വെളുത്ത മണലും കുളുത്ത പടലും | വി. കെ. അനില്കുമാര് | TrueCopy Think" (ml ভাষাত). truecopythink.media. https://truecopythink.media/vk-anilkumar-asralan-theyyam-part-2। আহৰণ কৰা হৈছে: 2023-02-26.
- ↑ "തീയ്യൻമാർ ഈഴവരല്ല... മോരും മുതിരയും പോലെ വ്യത്യസ്തം, തീയ്യനെന്ന് തന്നെ വിളിക്കണം" (ml ভাষাত). Samayam Malayalam (Times of India). https://malayalam.samayam.com/local-news/kannur/thiyyas-are-not-ezhavas-says-theeyyakshemasabha/articleshow/80742726.cms?story=5.
- 1 2 DR. M. V. VISHNU, NAMBOODIRI (2015). Theyyam - A Ritual Art Form of Malabar. Kerala Bhasha Institute. ISBN 9789385313493.
- ↑ "എല്ലാ കലകളുടേയും സങ്കലനം, തലമുറകളിലേക്കിറങ്ങിപ്പടർന്ന ലഹരി | തെയ്യക്കാലം -ഭാഗം 1" (ml ভাষাত). Mathrubhumi. 29 November 2022. https://www.mathrubhumi.com/in-depth/series/theyyam-season-in-kerala-theyyam-and-agriculture-relation-theyyam-make-up-1.8086553। আহৰণ কৰা হৈছে: 2023-03-21.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Poomaruthan সম্পৰ্কীয় মিডিয়া ফাইল আছে। |