সমললৈ যাওক

পূৰবী বসু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূৰবী বসু

২০১৭ চনত বসু
স্থানীয় নাম পূৰবী বসু
ৰাষ্ট্ৰীয়তা বাংলাদেশী
শিক্ষা পিএইছ ডি (পুষ্টি)
শিক্ষানুষ্ঠান ঢাকা বিশ্ববিদ্যালয়
পেনচিলভেনিয়াৰ মেডিকেল কলেজ
মিছৌৰী বিশ্ববিদ্যালয়
পেচা লেখিকা, ফাৰ্মাক'লিজষ্ট, সমাজকৰ্মী
দাম্পত্যসঙ্গী জ্যোতিপ্ৰকাশ দত্ত (লেখক)

পূৰবী বসু (ইংৰাজী: Purabi Basu; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৪৯[1]) এগৰাকী বাংলাদেশী চুটিগল্পকাৰ, ফাৰ্মাক'লজিষ্ট আৰু সমাজকৰ্মী। ২০০৫ চনত তেওঁ অনন্য সাহিত্য বঁটা[2]আৰু ২০১৩ চনত বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে।[3] ২০০৫ চনৰ পৰা তেওঁ নিউয়ৰ্কৰ ৱাইথ ফাৰ্মাচিউটিকেলছ নামৰ ঔষধ কোম্পানীত জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কাম কৰি আহিছে।[4]

বসুৱে ঢাকা বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্মাচীত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। .[4] ১৯৭০ চনত তেওঁ আমেৰিকালৈ গুচি যায়। তাৰ পিছত ১৯৭২ চনত পেনচিলভেনিয়াৰ ৱমেন মেডিকেল কলেজৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৭৬ চনত মিছৌৰী বিশ্ববিদ্যালয়ৰ পৰা পুষ্টি বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰে।[4] পিছলৈ তেওঁ দক্ষিণ আলাবামা বিশ্ববিদ্যালয়ত ফাৰ্মাক'লজীত পোষ্ট ডক্টৰেট ফেলো হিচাপে কাম কৰে।[4]

বসুৱে ব্ৰাকত স্বাস্থ্য, পুষ্টি আৰু জনসংখ্যা বিভাগৰ সঞ্চালক হিচাপে কাম কৰিছিল।[4]

কৰ্মৰাজি

[সম্পাদনা কৰক]
  • Radha Will Not Cook Today [5]
  • Saleha's Desire[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

পূৰবী বসুৰ একুষে পদক আৰু বাংলা একাডেমী সাহিত্য বঁটা বিজয়ী চুটিগল্পকাৰ জ্যোতি প্ৰকাশ দত্তৰ সৈতে বিবাহ হৈছে। .[2][7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "bn:পূৰবী বসু (Purabi Basu) - Portfolio of Bengali Author Purabi Basu on". Authors.com.bd. 1949-09-21. http://authors.com.bd/2132 আহৰণ কৰা হৈছে: 2022-05-31.
  2. 1 2 Rahman, Nader (20 July 2007). "The Scientist". The Daily Star. Archived from the original on 28 March 2016. https://web.archive.org/web/20160328073903/http://archive.thedailystar.net/magazine/2007/07/03/interview.htm.
  3. "আৰ্কাইভ কপি [Winners list]" (bn ভাষাত). Bangla Academy. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606222807/http://banglaacademy.org.bd/?page_id=1315 আহৰণ কৰা হৈছে: 24 July 2017.
  4. 1 2 3 4 5 "Dr. Purabi Basu". munshigonj.com. Archived from the original on 30 January 2012. https://web.archive.org/web/20120130171512/http://www.munshigonj.com/Famous/zLiterature/PBasu.htm আহৰণ কৰা হৈছে: 6 August 2017.
  5. Khan, Raja (2003). The Concept. পৃষ্ঠা. 34. https://books.google.com/books?id=ja9tAAAAMAAJ.
  6. Kaiser, Nahid (2011). "Resistance to Paterfamilias in Purabi Basu's two short stories: "Radha Will Not Cook Today" and "Saleha's Desire"". Stamford Journal of English খণ্ড 6. http://www.banglajol.info/index.php/SJE/article/view/13912.
  7. (bn ভাষাত). boinews24.com. 16 September 2014. http://www.boinews24.com/uncategorized/কথাসাহিত্যিক-পূৰবী-বসুকে.[সংযোগবিহীন উৎস]