পূৰবী শৰ্মা
| পূৰবী শৰ্মা | |
|---|---|
পূৰবী শৰ্মা | |
| জন্ম | ১৯৬১ |
| মৃত্যু | ১৪ জুলাই, ২০২৬ (৬৫ বছৰ) গুৱাহাটী, কামৰূপ (ম) |
| ৰাষ্ট্ৰীয়তা | |
| পেচা | অভিনয় |
| সক্ৰিয় হৈ থকা সময় | ১৯৮০-২০২২ |
| সংস্থা | অসমীয়া বোলছবি জগত |
| ধৰ্ম | হিন্দু |
| দাম্পত্যসঙ্গী | তপন দাস |
পূৰবী শৰ্মা (ইংৰাজী: Purabi Sarma, ১৯৬১-২০২৬) অসম, ভাৰতৰ এগৰাকী অভিনেত্ৰী আছিল। তেওঁ মূলতঃ অসমীয়া ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ইয়াৰ লগতে তেওঁ অনাতাৰ নাট, ভ্ৰাম্যমাণ আৰু দূৰদৰ্শনৰ একাধিক অভিনয়-কৰ্মৰ লগত জড়িত হৈ আছিল। ১৯৮০ চনত মুক্তিপ্ৰাপ্ত আজলী নবৌৰ[1] জৰিয়তে চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰা পূৰবী শৰ্মাই পৰৱৰ্তী সময়ত পিতাপুত্ৰ, পাহাৰী কন্যা, কন্যাদান, বিধাতা আদি ছবিত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ হেঙুল, কহিনুৰ আৰু শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰত কাম কৰিছিল।[2][3] [4]
সংক্ষিপ্ত জীৱন
[সম্পাদনা কৰক]পূৰবী শৰ্মাই মঙলদৈ প্ৰাথমিক বিদ্যালয়তে স্কুলীয়া শিক্ষাৰ আৰম্ভ কৰিছিল। তেওঁ সৰুতে চিকিৎসক হোৱাৰ সপোন দেখিছিল। সেইহেতুকে তেওঁ পৰৱৰ্তী সময়ত বিজ্ঞান শাখাৰ ছাত্ৰী হিচাপে অধ্যয়ন কৰিছিল। কিন্তু সংগীত আৰু অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ বৃদ্ধি পায় আৰু এইদৰেই নৃত্য-গীতৰ চৰ্চাৰ মাজেৰে তেওঁ এসময়ত অভিনয় জীৱনত প্ৰৱেশ কৰে।[2] ১৯৮০ চনত নিপ বৰুৱা পৰিচালিত ছবি আজলী নবৌৰ জৰিয়তে তেওঁ অভিনয়জগতত ভূমুকি মাৰে। ছবিখনে দৰ্শকৰপৰা সমাদৰ লাভ কৰাৰ লগতে ব্যাৱসায়িকভাৱেও সফল হয়। পূৰবী শৰ্মাই '৮০-'৯০ৰ দশকৰ কেইবাখনো জনপ্ৰিয় অসমীয়া ছবিত অভিনয় কৰি সুনাম অৰ্জন কৰে। তেওঁ অভিনয় কৰা ধীৰু ভূঞা পৰিচালিত ছবি ‘প্ৰথম ৰাগিণী’ ছবিখনে ১৯৮৭ চনত ৰজত কমল বঁটা পাবলৈ সক্ষম হৈছিল। পূৰবী শৰ্মাই কহিনুৰ, হেঙুল আৰু শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ দৰে ভ্ৰাম্যমাণ নাট্যগোষ্ঠীত অভিনয় কৰিছিল। সমান্তৰালভাৱে দূৰদৰ্শনৰ ধাৰাবাহিক, ভিডিঅ' ছবি লখিমী আৰু অনাতাঁৰ নাটতো অংশ লৈছিল। সংগীতশিল্পী জুবিন গাৰ্গৰ এটা ৰোমাণ্টিক মিউজিক ভিডিঅ' যোৱা বছৰেত তেওঁক দেখা পোৱা গৈছিল।[5]
অসমীয়া চলচ্চিত্ৰৰ পৰিচিত অভিনেতা আৰু গল্পকাৰ তপন দাসৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ কন্যাসন্তানগৰাকীৰ নাম ৰাগিণী। বিবাহৰ পিছত কন্যাৰ লালন-পালন আৰু পৰিয়ালক সময় দিয়াৰ স্বাৰ্থত অভিনয় জগতৰপৰা তেওঁ বহু পৰিমাণে আঁতৰি গৈছিল।[4]
অভিনীত চলচ্চিত্ৰ
[সম্পাদনা কৰক]- আজলী নবৌ (১৯৮০)
- সোণমইনা (১৯৮৫)
- পূজা (১৯৮৫)
- এণ্টনি মোৰ নাম (১৯৮৬)
- মধুচন্দা (চলচ্চিত্ৰ) (১৯৮৬)
- সংকল্প (১৯৮৬)
- পিতাপুত্ৰ (১৯৮৭)
- প্ৰথম ৰাগিণী (১৯৮৭)
- শেৱালি (চলচ্চিত্ৰ) (১৯৮৯)
- ভাই ভাই (১৯৮৯)
- অভিমান (১৯৯০)
- পাহাৰী কন্যা (১৯৯১)
- প্ৰভাতী পখীৰ গান (১৯৯২)
- অশান্ত প্ৰহৰ (১৯৯৫)
- নায়ক (২০০১)
- জীৱন নদীৰ দুটি পাৰ (২০০২)
- কন্যাদান (২০০২)
- বিধাতা(২০০৩)
- বাৰুদ (২০০৪)
- হৃদয় কঁপোৱা গান (২০০৪)
- অহিৰ ভৈৰৱ (২০০৮)
- ৰক্তবীজ (২০১৮)
- প্ৰভাত (২০২২)
মৃত্যু
[সম্পাদনা কৰক]২০২৬ চনৰ ১৪ জুলাইৰ সন্ধিয়া স্নানাগাৰত পৰি থকা অৱস্থাত পূৰবী শৰ্মাক পৰিয়ালৰ লোকে উদ্ধাৰ কৰে আৰু প্ৰায় ৬:৩০ বজাত অসুস্থ অৱস্থাত অভিনেত্ৰীগৰাকীক গুৱাহাটীস্থিত মাৰোৱাৰী হাস্পতাললৈ অনা হয়। ৬:৪৫ মিনিটত চিকিৎসকে অভিনেত্ৰীগৰাকীক মৃত ঘোষণা কৰে। চিকিৎসকে জনোৱা মতে, তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।[2][5] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "৮০-৯০ দশকৰ চলচ্চিত্ৰজগতত যশস্বী অভিনেত্ৰী পূৰবী শৰ্মাৰ দেহাৱসান". দৈনিক অসম. ১৪ জুলাই ২০২৬. https://dainikasam.in/as/news/veteran-assamese-actress-purabi-sarma-passes-away?language_id=2। আহৰণ কৰা হৈছে: 15 July 2026.
- 1 2 3 "পৰিয়ালৰ বাবে সকলো ত্যাগ কৰিব পৰা মানুহগৰাকী গ'লগৈ.". Pratidin. 14 July 2026. https://www.asomiyapratidin.in/homepage/purabi-sharma-news-updates-12164107। আহৰণ কৰা হৈছে: 15 July 2026.
- ↑ "জীৱন নাটৰ যৱনিকা, বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান". ইটিভি ভাৰত. July 14, 2026 at 9:40 PM IST. https://www.etvbharat.com/as/entertainment/actress-purabi-sarma-passes-away-at-the-age-of-65-in-guwahati-ass26071407450। আহৰণ কৰা হৈছে: 15 July 2026.
- 1 2 "অসমীয়া চলচ্চিত্ৰ জগতলৈ অপূৰণীয় ক্ষতি: অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান". দৈনন্দিন-বাৰ্তা. https://www.dainandinbartagroup.in/actress-purvi-sharma/। আহৰণ কৰা হৈছে: 15 July 2026.
- 1 2 "জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মাৰ অকাল মৃত্যু". আমাৰ অসম. ১৫ জুলাই, ২০২৬. Archived from the original on 16 July 2026. https://web.archive.org/web/20260716160701/https://www.glpublications.in/AmarAsom/Guwahati/15-Jul-2026/Page-1। আহৰণ কৰা হৈছে: 15 July 2026.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- পূৰবী শৰ্মা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।