সমললৈ যাওক

পূৰ্ণিমা (তিথি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূৰ্ণিমাৰ নিশা চন্দ্ৰৰ সৌন্দৰ্য

পূৰ্ণিমা (ইংৰাজী: Purnima, সংস্কৃত: पूर्णिमा) হʼল এটি সংস্কৃত শব্দ। প্ৰতি মাহৰ পূৰ্ণিমা তিথিত পূৰ্ণ চন্দ্ৰ দেখা যায়, আৰু এই দিনটোৱে দুটা চন্দ্ৰ পাক্ষিকৰ (পক্ষ) মাজত বিভাজন চিহ্নিত কৰে। এই দিনা চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীয়ে ঠিক একেডাল সৰলৰেখাত অৱস্থান কৰে, যাক চিজিজি (Syzygy) বোলা হয়। পূৰ্ণিমাক চন্দ্ৰৰ চাৰিটা প্ৰাথমিক পৰ্যায়ৰ তৃতীয় পৰ্যায় বুলি গণ্য কৰা হয়; আন তিনিটা পৰ্যায় হʼল অমাৱস্যা, প্ৰথম চতুৰ্থাংশৰ চন্দ্ৰ আৰু তৃতীয় চতুৰ্থাংশৰ চন্দ্ৰ। পূৰ্ণিমাই ১০০% আলোকসজ্জা দেখুৱায়, উচ্চ জোৱাৰ-ভাটা সৃষ্টি কৰে আৰু ই চন্দ্ৰ গ্ৰহণৰ লগতো সম্পৰ্কযুক্ত।[1]

পূৰ্ণিমাত নিম্নলিখিত উৎসৱসমূহ উদযাপিত হয়। মানৱ পুৰাণত (উপ-পুৰাণৰ এটি) পূৰ্ণিমাৰদিনা পালন কৰা উৎসৱসমূহৰ বৰ্ণনা কৰা হৈছে।

  • কাৰ্তিক পূৰ্ণিমা, কাতি মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। ইয়াক ত্ৰিপূৰা পূৰ্ণিমাও বোলা হয়।
  • শ্ৰাৱণ পূৰ্ণিমা, শাওণ মাহৰ পূৰ্ণিমা দিন। এই দিনটোৰ বিভিন্ন নাম আছে। হয়গ্ৰীৱ জয়ন্তী আৰু গায়ত্ৰী জয়ন্তীও শ্ৰাৱণ পূৰ্ণিমাতেই পালন কৰা হয়। ই ৰাখীবন্ধন নামেৰেও পৰিচিত।
  • জেঠ মাহৰ পূৰ্ণিমা তিথিত বট পূৰ্ণিমা পালন কৰা হয়। মহিলাসকলে সেই দিনা আঁহত গছৰ চাৰিওফালে সূতা বান্ধি তেওঁলোকৰ স্বামীৰ বাবে প্ৰাৰ্থনা কৰে। ই সত্যবানৰ পত্নী সাবিত্ৰীলৈ যচা এক সন্মান। সাবিত্ৰীয়ে তেওঁৰ স্বামীৰ প্ৰাণ ঘূৰাই পাবলৈ মৃত্যুৰ হাতৰপৰা ৰক্ষা পৰিছিল। ই যম দেৱৰ উপাসনাৰ বাবেও নিৰ্বাচিত দিন।
  • গুৰু পূৰ্ণিমা, আহাৰ মাহৰ পূৰ্ণিমাৰদিনা ভক্তসকলে তেওঁলোকৰ গুৰুক পূজা (উপাসনা) কৰে। মহাভাৰতৰ লেখক ব্যাসৰ জন্মদিনৰ পিছত ই ব্যাস পূৰ্ণিমা (সংস্কৃত: व्यास) নামেৰে পৰিচিত, যাক শিৱ পুৰাণত সকলোৰে গুৰু হিচাপে ঘোষণা কৰা হৈছে।[2]
  • শাৰদ পূৰ্ণিমা বা কোজাগিৰি পূৰ্ণিমা, শৰৎ ফচল উৎসৱ, আহিন মাহৰ পূৰ্ণিমা দিনা পালন কৰা হয়।
  • বুদ্ধ পূৰ্ণিমা, ব’হাগ মাহৰ পূৰ্ণিমা তিথিত গৌতম বুদ্ধৰ জন্ম, জ্ঞানলাভ আৰু মৃত্যুৰ দিন। এই দিনটোতেই কূৰ্ম জয়ন্তীও পালন কৰা হয়।
  • হোলি / ফাল্গুন পূৰ্ণিমা, হিন্দুধৰ্ম/বৌদ্ধ/জৈন ধৰ্মে ৰঙেৰ বসন্ত উৎসৱ, ফাগুন মাহৰ পূৰ্ণিমাতেই পালন কৰা হয়।
  • আঘোণ মাহৰ পূৰ্ণিমা তিথিত দত্তাত্ৰেয় জয়ন্তী পালন কৰা হয়।
  • চʼত মাহৰ পূৰ্ণিমা তিথিত হনুমান জয়ন্তী পালন কৰা হয়। এই উৎসৱ ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন দিনত পালন কৰা হয়। উৰিষ্যাত বৈশাখ সংক্ৰান্তি হিচাপে পালন কৰা হয়, অন্ধ্ৰপ্ৰদেশত বৈশাখ শুক্লপক্ষ দশমী তিথি হিচাপে পালন কৰা হয় আৰু কেৰালাত ইয়াক মাৰ্গশিৰা অমাৱস্যাত মূল নক্ষত্ৰৰ সৈতে সংগতি ৰাখি আগৰ মাহত উদ্‌যাপন কৰা হয়। চৈত্ৰ পূৰ্ণিমা হʼল চন্দ্ৰ দেৱতাৰ পূজাৰ বাবে নিৰ্বাচিত দিন।
  • পুহ মাহৰ পূৰ্ণিমা তিথিত পৌষ পূৰ্ণিমা (শাকম্ভৰী পূৰ্ণিমা) পালন কৰা হয়।
  • ভাদ মাহৰ পূৰ্ণিমা তিথিত শ্ৰাদ্ধ পূৰ্ণিমা পালন কৰা হয়। এইদিনাখন উমা মহেশ্বৰ ব্ৰত আৰু শক্ৰ ব্ৰত পালন কৰা হয়, যʼত শিশুসকলৰ বাবে ইন্দ্ৰৰ পূজা কৰা হয়।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "The Full Moon" (en ভাষাত). www.timeanddate.com. https://www.timeanddate.com/astronomy/moon/full-moon.html। আহৰণ কৰা হৈছে: 25 November 2017. 
  2. LLP, Adarsh Mobile Applications. "2023 Guru Purnima | Vyasa Purnima Puja Date and Time for New Delhi, NCT, India" (en ভাষাত). Drikpanchang. http://www.drikpanchang.com/festivals/guru-purnima/guru-purnima-date-time.html। আহৰণ কৰা হৈছে: 2022-11-03. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]