পূৰ্ণিমা (বাংলাদেশী অভিনেত্ৰী)
| পূৰ্ণিমা (বাংলাদেশী অভিনেত্ৰী) | |
|---|---|
২০২৩ চনত পূৰ্ণিমা | |
| স্থানীয় নাম | পূৰ্ণিমা |
| জন্ম | দিলাৰা হানিফ ৰিতা ১১ জুলাই, ১৯৮১ (৪৫ বছৰ) ফটিকছড়ি, চট্টগ্ৰাম, বাংলাদেশ |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৮–বৰ্তমান |
| দাম্পত্যসঙ্গী |
|
| সন্তান | ১ |
দিলাৰা হানিফ ৰিতা (ইংৰাজী: Dilara Hanif Rita; জন্ম: ১৯৮১), যি তেওঁৰ মঞ্চনাম পূৰ্ণিমা নামেৰেহে অধিক পৰিচিত, এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে "মোনেৰ মাঝে তুমি" (২০০৩), "মেঘেৰ পৰে মেঘ" (২০০৪), "শুভা" (২০০৫), "হৃদয়েৰ কথা" (২০০৬), আৰু "আকাশ ছোঁৱা ভালোবাসা" (২০০৮)। ২০১০ চনত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1]
আত্মপ্ৰকাশৰ পিছত তেওঁ এগৰাকী মুখ্য অভিনেত্ৰী হিচাপে চলচ্চিত্ৰত অভিনয় অব্যাহত ৰাখে। আৰম্ভণিতে তেওঁৰ কেৰিয়াৰ বৰ সফল নাছিল, কাৰণ মধু পূৰ্ণিমা, চেয়ানা পাগল, তুমি যে আমাৰ আৰু জীৱন ছবিকে ধৰি তেওঁৰ কেইবাখনো ছবি বিফল (flop) হৈছিল।
অৱশেষত তেওঁৰ কেৰিয়াৰে মস্তানেৰ ওপৰ মস্তান নামৰ সফল ছবিখনৰ জৰিয়তে গতি লাভ কৰে; যিখন ছবি ২০০০ চনৰ দশকৰপৰা ২০০৮ চনলৈকে সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছিল। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি মেঘলা আকাশৰ জৰিয়তে তেওঁ সফলতাৰ মুখ দেখে। মোনেৰ মাঝে তুমি চলচ্চিত্ৰখনৰ জৰিয়তে পূৰ্ণিমা অতি কম সময়ৰ ভিতৰতে ঢালিউডৰ এগৰাকী সফল মুখ্য অভিনেত্ৰী হৈ পৰে আৰু তেওঁৰ আটাইতকৈ বিশিষ্ট চলচ্চিত্ৰ সংগী ৰিয়াজৰ সৈতে তেওঁৰ এই সফলতা অব্যাহত থাকে।[2] তেওঁৰ আন আন উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে আজকেৰ সমাজ, আজকেৰ দাপট, ভালোবাসাৰ লাল গোলাপ, নিশ্বাসে তুমি বিশ্বাসে তুমি, টক ঝাল মিষ্টি, মেয়েৰ জন্য পাগল, বিদ্ৰোহী ছালাউদ্দিন, বাস্তৱ, আমাৰ স্বপ্ন, বিয়েৰ প্ৰস্তাৱ, মা আমাৰ স্বৰ্গ, সবাই তো ভালোবাসা চাই, কে আমি, সখী তুমি কাৰ, তোমাকেই খুঁজছি, মনে ৰেখো আমায়, বন্ধু তুমি আমাৰ, খবৰদাৰ, আৰু পিতা মাতাৰ আমানত।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৮১ চনত চট্টগ্ৰামৰ ফটিকছড়িত পূৰ্ণিমাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ মহম্মদ হানিফ আৰু চুফিয়া বেগম। তেওঁৰ এগৰাকী ভগ্নী আছে— দিলাৰুবা হানিফ; যিগৰাকী নিজেও এগৰাকী অভিনেত্ৰী। পূৰ্ণিমাই কম বয়সতে তেওঁৰ পিতৃক হেৰুৱাইছিল।
কেৰিয়াৰ
[সম্পাদনা কৰক]পূৰ্ণিমাই ১৯৯৭ চনত নিৰ্মিত আৰু ১৯৯৮ চনত মুক্তি লাভ কৰা এ জীৱন তোমাৰ আমাৰ চলচ্চিত্ৰখনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। ২০০৩ চনত তেওঁ ভাৰত-বাংলাদেশৰ যুটীয়া নিৰ্মাণৰ ছবি মোনেৰ মাঝে তুমিত ৰিয়াজৰ বিপৰীতে অভিনয় কৰিছিল, যিখন ছবি অতি জনপ্ৰিয় হৈছিল। তেওঁ অভিনেতা ৰিয়াজ, মান্না, শাকিব খান, ফেৰদৌছ আহমেদ আৰু আমিন খানৰ সৈতে বহুতো চলচ্চিত্ৰত কাম কৰিছে।
তেওঁৰ উল্লেখযোগ্য অভিনয়ৰ ভিতৰত আছে চাষী নজৰুল ইছলামৰ পৰিচালনাত পাকিস্তানৰ মুক্তি যুদ্ধৰ আধাৰত নিৰ্মিত মেঘেৰ পৰে মেঘ (২০০৪)। একেজন পৰিচালকৰদ্বাৰা বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা কাহিনীৰ আধাৰত নিৰ্মিত শাস্তি (২০০৪) চলচ্চিত্ৰখনে তেওঁক সমালোচকৰ প্ৰশংসা বুটলাত সহায় কৰিছিল।[3] ২০০৫ চনৰ আগষ্ট মাহত তেওঁ চাষী নজৰুল ইছলামৰ পৰিচালনাত ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত নিৰ্মিত শুভা নামৰ চলচ্চিত্ৰখনত শাকিব খানৰ সৈতে অভিনয় কৰে। এই চিনেমাখনৰ লগতে তেওঁৰ অভিনয়েও সমালোচকৰপৰা অতি ইতিবাচক সঁহাৰি লাভ কৰিছিল। এই ছবিখনত পূৰ্ণিমাই এগৰাকী বোবা ছোৱালীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।
তেওঁৰ আন আন উল্লেখযোগ্য বাণিজ্যিকভাৱে সফল ছবিসমূহৰ ভিতৰত আছে এছ এ হক অলিকৰ পৰিচালনাত নিৰ্মিত হৃদয়েৰ কথা (২০০৬) আৰু আকাশ ছোঁৱা ভালোবাসা (২০০৮)।
২০১০ চনত 'ওৰা আমাকে ভালো হতে দিল না' চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰি পূৰ্ণিমাই নিয়মিতভাৱে টেলিভিছন নাটকত কাম কৰি আহিছে। তেওঁ "এৰং পূৰ্ণিমা", "পূৰ্ণিমাৰ আলো" আৰু "বৰ মঞ্চেৰ তাৰকাৰা" নামৰ তাৰকা কথা-বতৰাৰ অনুষ্ঠানসমূহৰ আঁত ধৰিছিল। ইয়াৰ উপৰি তেওঁ ফেৰদৌছৰ সৈতে "মেৰিল-প্ৰথম আলো বঁটা ২০১৬" আৰু "মেৰিল-প্ৰথম আলো বঁটা ২০১৭" অনুষ্ঠানটো উপস্থাপন কৰিছিল।
২০২১ চনত অমিতাভ ৰেজা চৌধুৰীৰ 'মুন্সিগিৰি'ৰ জৰিয়তে তেওঁ ৱেব-ফিল্মত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ চঞ্চল চৌধুৰীৰ বিপৰীতে অভিনয় কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]পূৰ্ণিমাই তিনিবাৰ বিবাহপাশত আবদ্ধ হৈছে। ২০০৫ চনৰ ৬ ছেপ্টেম্বৰত তেওঁ প্ৰথম স্বামী মোস্তাক কিবৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়, কিন্তু ২০০৭ চনৰ ১৫ মে’ত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।[4] তাৰ পিছত ২০০৭ চনৰ ৪ নৱেম্বৰত তেওঁ আহমেদ জালাল ফাহাদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ আৰ্ছিয়া উমাইজা (জন্ম ১৪ এপ্ৰিল ২০১৪) নামৰ এগৰাকী কন্যা সন্তান আছে।[5] ২০২২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত ২০২২ চনৰ ২৭ মে’ত তেওঁ আছফাকুৰ ৰহমান ৰবিনৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয়।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "PM gives away film awards". bdnews24.com. 2012-04-03. https://bdnews24.com/bangladesh/2012/04/03/pm-gives-away-film-awards.
- ↑ "My greatest fortune is audience love". The Daily Star. 2024-06-11. https://www.thedailystar.net/entertainment/tv-film/news/my-greatest-fortune-my-audiences-love-purnima-3654416.
- ↑ "Tagore's Shasti goes on celluloid". The Daily Star. 27 June 2004. http://www.thedailystar.net/2004/06/27/d40627140297.htm.
- ↑ (bn ভাষাত)banglanews24.com. 2022-07-23. https://banglanews24.com/entertainment/news/bd/945568.details.
- ↑ "আৰ্কাইভ কপি" (bn ভাষাত). The Prothom Alo. 16 April 2014. Archived from the original on 18 April 2014. https://web.archive.org/web/20140418080630/http://www.prothom-alo.com/entertainment/article/193243/%E0%A6%95%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%B0_%E0%A6%AE%E0%A6%BE_%E0%A6%B9%E0%A6%B2%E0%A7%87%E0%A6%A8_%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A7%8D%E0%A6%A3%E0%A6%BF%E0%A6%AE%E0%A6%BE#.U13vtOZdXjE.
- ↑ "Actress Purnima gets married" (en ভাষাত). Prothom Alo. https://en.prothomalo.com/entertainment/movies/1idg8xzkpi.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত পূৰ্ণিমা (বাংলাদেশী অভিনেত্ৰী) সম্পৰ্কীয় মিডিয়া ফাইল।- পূৰ্ণিমা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- সাঁচ:BMDb person
- সাঁচ:Rotten Tomatoes person
- ফেইচবুকত পূৰ্ণিমা