পূৰ্ণেন্দু পত্ৰী
পূৰ্ণেন্দু পত্ৰী | |
---|---|
জন্ম | ০২ ফেব্ৰুৱাৰী, ১৯৩১ নকোল, হাওৰা, বেঙ্গল প্ৰেচিডেন্সি, বৃটিছ ভাৰত |
মৃত্যু | ১৯ মাৰ্চ, ১৯৯৭ (৬৬ বছৰ) |
পেচা | কবি, লেখক, সম্পাদক, শিল্পী,চিত্ৰকৰ, বোলছবি পৰিচালক |
ভাষা | বাংলা, ইংৰাজী |
ৰাষ্ট্ৰীয়তা | বৃটিছ ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | স্ত্ৰীৰ পত্ৰ, কথোপকথন |
দাম্পত্যসংগী | উমা পত্ৰী |
সন্তান | এজন পুত্ৰ, তিনিগৰাকী কন্যা |
পূৰ্ণেন্দুশেখৰ পত্ৰী (২ ফেব্ৰুৱাৰী ১৯৩১ – ১৯ মাৰ্চ ১৯৯৭) বেছি পৰিচিত পূৰ্নেন্দু পত্ৰী নামেৰে; তেওঁৰ ছদ্মনাম সমুদ্ৰগুপ্ত। এজন বিশিষ্ট ভাৰতীয় বাঙালী কবি, ঔপন্যাসিক, প্ৰাবন্ধিক, শিশু সাহিত্যিক, সাহিত্য গৱেষক, কলিকতাৰ গৱেষক, বোলছবি পৰিচালক আৰু প্ৰচ্ছদশিল্পী।
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]পূৰ্ণেন্দু পত্ৰীৰ জন্ম বৰ্তমানৰ পশ্চিমবঙ্গৰ হাওৰা জিলাৰ শ্যামপুৰৰ নাকোলেত। তেওঁৰ পিতৃ পুলিনবিহাৰী পত্ৰী আৰু মাতৃ নিৰ্মলা দেৱী। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পাৰিবাৰিক বিবাদৰ বাবে পৈতৃক ঘৰ এৰি কলকাতালৈ যায়। ১৯৪৯ চনত ভাৰতীয় কলা মহাবিদ্যালয়ত বাণিজ্যিক কলাৰ ছাত্ৰ হিচাপে যোগদান কৰে।[1] কিন্তু বিভিন্ন কাৰণত তেওঁৰ বাবে এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰা সম্ভৱ নহ’ল। সৰুতে বাগনানৰ বিশিষ্ট কমিউনিষ্ট নেতা অমল গাংগুলীৰ সংস্পৰ্শলৈ আহি কমিউনিষ্ট পাৰ্টিৰ বিভিন্ন সাংস্কৃতিক কাম-কাজৰ লগত জড়িত হৈ পৰে। কলিকতাত তেওঁ অভিভাৱক খুড়াক নিকুঞ্জবিহাৰী পত্ৰীৰ চলচ্চিত্ৰ আলোচনী ‘চিত্ৰিতা’ আৰু সাহিত্য-কাকত দীপালীত অংকন আৰু লিখিবলৈ আৰম্ভ কৰে। পঞ্চাশৰ দশকৰ আৰম্ভণিতে কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় সদস্য হোৱাৰ পিছত তেওঁ ৰাজনীতি আৰু সাহিত্য চৰ্চা দুয়োটাকে অব্যাহত ৰাখিছিল।
প্ৰকাশন
[সম্পাদনা কৰক]১৯৫১ সালে তেওঁৰ প্ৰথম কাব্যগ্ৰন্থ একমুঠো ৰোদ প্ৰকাশিত হয়। ১৯৫৮ সালে প্ৰকাশিত প্ৰথম উপন্যাস দাঁড়েৰ ময়না ই মাণিক পুৰস্কাৰ লাভ কৰে। তেওঁৰ আন আন কাব্যগ্ৰন্থবোৰ হ'ল শব্দেৰ বিছানা (১৯৭৫), তুমি এলেসূৰ্যোদয় হয় (১৯৭৬) আমাদেৰ তুমুল হৈ-হল্লা (১৯৮০) আৰু গভীৰ ৰাতেৰ ট্ৰাঙ্ককল (১৯৮১), আমিই কচ আমিই দেবযানী ইত্যাদি। সাহিত্য গৱেষক শিশিৰ কুমাৰ দাশে তেওঁৰ কাব্য সম্পৰ্কে মন্তব্য কৰি কৈছিল - ছন্দৰ কৌশল, প্ৰতীক নিৰ্মাণৰ স্পষ্টতা আৰু কথনভঙ্গিৰ ঘৰুৱা শৈলী তেওঁৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। পূৰ্ণেন্দু পত্ৰীৰ আন আন উপন্যাসৰ ভিতৰত উল্লেখযোগ্য ভোমৰাগুড়ি, মালতীমঙ্গল ইত্যাদি। ৰূপসী বাংলাৰ দুই কবি তেওঁৰ এখন বিখ্যাত প্ৰবন্ধসঙ্কলন। পূৰ্ণেন্দু পত্ৰী কলকাতাৰ বিষয়ে প্ৰায় এক ডজন গ্ৰন্থ ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল শহৰ কলকাতাৰ আদি পৰ্ব, বঙ্গভঙ্গ, কি কৰে কলকাতা হল, ছড়ায় মোড়া কলকাতা, কলকাতাৰ ৰাজকাহিনী, এক যে ছিল কলকাতা ইত্যাদি। জীবনৰ শেষপৰ্বত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ বিষয়ে এক বিশাল গৱেষণাৰ কাম আৰম্ভ কৰিছিল। মৃত্যুৰ পূৰ্বে ১৯৯৬ চনত তেওঁৰ প্ৰথম খণ্ড বঙ্কিম যুগ প্ৰকাশিত হয়। শিশুসাহিত্যতো তেওঁ আছিল এজন জনপ্ৰিয় লেখক। সৰু ল'ৰা-ছোৱালীৰ বাবে লিখিছিল - আলটুং ফালটুং, ম্যাকেৰ বাবা খ্যাঁক, ইল্লীবিল্লী, দুষ্টুৰ ৰামায়ণ, জুনিয়ৰ ব্যোমকেশ, জাম্বো দি জিনিয়াস, প্ৰভৃতি হাঁহিৰ কিতাপ। আমাৰ ছেলেবেলা নামেৰে তেওঁৰ এখন স্মৃতিকথাৰ কিতাপো আছে। সামগ্ৰিক সাহিত্যকৰ্মৰ বাবে পশ্চিমবঙ্গ সৰকাৰে তেওঁক বিদ্যাসাগৰ পুৰস্কাৰেৰে সন্মানিত কৰিছিল।
বোলছবি
[সম্পাদনা কৰক]১৯৬৫ চনত প্ৰেমেন্দ্ৰ মিত্ৰৰ কাহিনীৰ আধাৰত তেওঁৰ প্ৰথমখন বোলছবি স্বপ্ন নিয়ে মুক্তি পায়। ইয়াৰ পিছত তেওঁ ৰবীন্দ্ৰনাথৰ কাহিনীৰ আধাৰত স্ত্ৰীৰ পত্ৰ আৰু মালঞ্চকে ধৰি পাঁচখন বোলছবি পৰিচালনা কৰে। ইয়াৰ উপৰিও সাতখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। ১৯৭২ চনত নিৰ্মিত স্ত্ৰীৰ পত্ৰ ছবিখনে ২০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদানত বাংলা ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে ৰজত কমল (ৰূপালী পদুম) বঁটা লাভ কৰে।[2]স্ত্ৰীৰ পত্ৰ বোলছবিখনৰ বাবে তেওঁক তাছকেন্দ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰদান কৰা হয়।[3] সমৰেশ বসুৰ কাহিনীৰ আধাৰত ১৯৭৪ চনত নিৰ্মিত তেওঁৰ বোলছবি ছেঁড়া তমছুক -এ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।
প্ৰচ্ছদশিল্পী
[সম্পাদনা কৰক]সাহিত্য আৰু বোলছবি পৰিচালনাৰ বাহিৰেও পূৰ্ণেন্দু পত্ৰীৰ অন্যতম পৰিচয় হৈছে প্ৰচ্ছদশিল্পী হিচাপে। তেওঁ বাংলা সাহিত্যৰ শ শ ধ্ৰুপদী গ্ৰন্থৰ বেটুপাত আঁকিছিল। তেওঁৰ দ্বাৰা অংকিত বেটুপাতসমূহৰ গুণগত মান আৰু স্বকীয় বৈশিষ্ট্য বিশেষ স্বাতন্ত্ৰ্যৰ দাবিদাৰ।
চলচ্চিত্ৰায়ণ
[সম্পাদনা কৰক]পৰিচালনা:
- স্বপ্ন নিয়ে (১৯৬৬)
- স্ত্ৰীৰ পত্ৰ (১৯৭২)
- ছেঁড়া তমসুক (১৯৭৪)
- অবনীন্দ্ৰনাথ (১৯৭৬)
- পটচিত্ৰ (তথ্যচিত্ৰ, ১৯৭৭)
- মালঞ্চ (১৯৭৯)
- কালীঘাট (তথ্যচিত্ৰ, ১৯৮১)
- গীতগোবিন্দম্ (১৯৮১)
- ছোটো বকুলপুৰেৰ যাত্ৰী (১৯৮১)
- ক্ষীৰেৰ পুতুল (তথ্যচিত্ৰ, ১৯৮২)
চিত্ৰনাট্য:
- স্ত্ৰীৰ পত্ৰ (১৯৭২)
আন আন তথ্যৰ উৎস
[সম্পাদনা কৰক]- সংগসাদ বাংলা চৰিতবিধান, দ্বিতীয় খণ্ড (সংশোধিত তৃতীয় সংস্কৰণ), অঞ্জলি বসুৰ সম্পাদনা, সাহিত্য সংগসাদ, কলকাতা, ২০০৪
- সংকলন আৰু সম্পাদনা: শিশিৰকুমাৰ দাস, সাহিত্য সংগসাদ, কলকাতা, ২০০৩
- বাংলা সাহিত্যৰ অভিধান, দ্বিতীয় খণ্ড, হন্সনাৰায়ণ ভট্টাচাৰ্য, ফাৰ্মা কে এল এম প্ৰাইভেট লিমিটেড, কলকাতা, ১৯৯০
- "পূৰ্ণেন্দু পত্ৰীৰ কবিতা: এজন সপোন দেখাৰ ডায়েৰী", বিক্ৰম দাস, কলকাতা, দে প্ৰকাশন, ২০২১
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Purnendu Pattrea". bengalfoundation.org. https://bengalfoundation.org/artist/purnendu-pattrea/। আহৰণ কৰা হৈছে: 4 May 2018.
- ↑ "National Film Award for Best Feature Film in Bengali – Indian Honour". www.indianhonour.com. Archived from the original on 24 April 2018. https://web.archive.org/web/20180424202543/http://www.indianhonour.com/national-film-award-for-best-feature-film-in-bengali/। আহৰণ কৰা হৈছে: 4 May 2018.
- ↑ "On Streer Patra – Silhouette Magazine". learningandcreativity.com. 29 December 2011. https://learningandcreativity.com/silhouette/streer-patra-bengali-film/। আহৰণ কৰা হৈছে: 4 May 2018.