সমললৈ যাওক

পূৰ্বাঞ্চল তাই সাহিত্য সভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বান অক পাপ লিক মৌঙ তাই
Ban Ok Pup Lik Mioung Tai
𑜈𑜃𑜫 𑜒𑜨𑜀𑜫 𑜆𑜆𑜫 𑜎𑜢𑜀𑜫 𑜉𑜢𑜤𑜂𑜫 𑜄𑜩 𑜽
পূৰ্বাঞ্চল তাই সাহিত্য সভা
প্ৰতিষ্ঠা ১৯৮১ চন
উদ্দেশ্য তাই ভাষা, তাই সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি
প্ৰধান  কাৰ্যালয় ডম্বৰু দেওধাই ফুকন ভৱন, পাটসাকো, চৰাইদেউ, অসম
আনুষ্ঠানিক  ভাষা তাই ভাষা
সভাপতি অতুল ফুকন

বান অক পাপ লিক মৌঙ তাই (ইংৰাজী : Ban Ok Pup Lik Mioung Tai, তাই : 𑜈𑜃𑜫 𑜒𑜨𑜀𑜫 𑜆𑜆𑜫 𑜎𑜢𑜀𑜫 𑜉𑜢𑜤𑜂𑜫 𑜄𑜩 𑜽) অসমীয়াত পূৰ্বাঞ্চল তাই সাহিত্য সভা হ’ল তাই ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে ১৯৮১ চনত গঠন হোৱা এক জাতীয় অনুষ্ঠান। ইয়াৰ প্ৰধান কাৰ্যালয় চৰাইদেউ জিলাৰ পাটসাকোৰ ডম্বৰু দেওধাই ফুকন ভৱনত অৱস্থিত। ডম্বৰু দেওধাই ফুকন আছিল পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ড° পুষ্প গগৈ ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।

১৯৮১ চনৰ ৮ এপ্ৰিলত ধেমাজিত বান অক পাপ লিক মৌঙ তাই বা পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল ১৯৮২ চনৰ ৭, ৮ আৰু ৯ মাৰ্চত অবিভক্ত শিৱসাগৰ আৰু বৰ্তমানৰ চৰাইদেউ জিলাৰ পাটসাকোত। অধিৱেশনত সভাপতিত্ব কৰিছিল ডম্বৰু দেওধাই ফুকনে আৰু ড° পুষ্প গগৈ আছিল সম্পাদক। এই ডম্বৰু দেওধাই ফুকনৰ স্মৃতিতে পৰৱৰ্তী সময়ত সভাৰ মুখ্য কাৰ্যালয়টো ডম্বৰু দেওধাই ফুকন ভৱন নামেৰে নামাকৰণ কৰা হয়।

পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা

[সম্পাদনা কৰক]
সভাপতি কাৰ্যকাল
ডম্বৰু দেওধাই ফুকন ১৯৮১-৮৩
ৰত্নেশ্বৰ বুঢ়াগোহাঞি ১৯৮৩-৮৭
হেম বুঢ়াগোহাঞি ১৯৮৭-৯১
ডিম্বেশ্বৰ চেতিয়া ১৯৯১-৯৪
জীৱেশ্বৰ মহন ১৯৯৪-৯৬
কামিনী গগৈ ১৯৯৬-২০০২
ড° পুষ্প গগৈ ২০০২-০৪
মনোৰঞ্জন ফুকন ২০০৪-০৬
জীৱেশ্বৰ মহন ২০০৬-০৭
ড° যোগেন্দ্ৰনাথ ফুকন ২০০৭-০৯
কেশৱানন্দ দিহিঙীয়া ২০০৯-১১
প্ৰণৱ গগৈ ২০১১-১৩
ড° দয়ানন্দ বৰগোহাঞি ২০১৩-২২
অতুল ফুকন ২০২২-বৰ্তমানলৈকে

তথ্যসূত্ৰ

[সম্পাদনা কৰক]