পূৰ্বী নাগৰী লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূৰ্বী নাগৰী
Eastern Nagari script.png
পূৰ্বী নাগৰী লিপি বুলি বঙালীত (ওপৰত) আৰু অসমীয়াত (তলত) লিখা আছে।
প্ৰকাৰ আবুগিডা
ভাষা অসমীয়া
বঙালী
বিষ্ণুপ্ৰিয়া মণিপুৰী
মেইতেই মণিপুৰী
ছিলঠীয়া
চাওতালী
খাচী
ককবৰক
গাৰো
হাজং
চট্টগ্ৰামীয়া
আৰু অন্যান্য।
সময় c. 1100–present
মাতৃ লিপি
ISO 15924 Beng, 325
দিশ বাওঁৰ পৰা সোঁ
ইউনিক'ড নাম Bengali
ইউনিক'ড ৰে'ঞ্জ U+0980–U+09FF
[a] ব্ৰাহ্মীয়া লিপিবিলাক চেমিটিয়া মূলৰ বুলি সকলোৱে নামানে।
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।


পূৰ্বী নাগৰী লিপি বা অসমীয়া লিপি বা বঙালী লিপি বা বঙালী-অসমীয়া লিপি হৈছে অসমীয়া আৰু বঙালী বৰ্ণমালাৰ ভেটি। ই প্ৰধানকৈ দুবিধ প্ৰধান ভাষাৰ বাবে ব্যৱহাৰ হয়: অসমীয়া আৰু বঙালী। এই দুবিধৰ বাহিৰেও ইয়াক বহুতো ভাষা যেনে বিষ্ণুপ্ৰিয়া মণিপুৰী, মেইতেই মণিপুৰী, ককবৰক আৰু আন আন অসমীয়া-বঙালী ভাষাৰ বাবে ব্যৱহাৰ কৰা হয়। অতীতত ই খাচী, বড়ো, কাৰ্বি, মিছিং আদি ভাষাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। আধুনিক ছিলঠীয়া ভাষাৰ কাৰণেও মাজে মাজে এই লিপি ব্যৱহাৰ কৰা হয়। সেইবাবে ই পৃথিৱীৰ ৫ম আটাইতকৈ বেছি ব্যৱহাৰ হোৱা লিপি।

বৰ্ণনা[সম্পাদনা কৰক]

ইয়াত থকা লিখনিত অসমীয়াত লিখা আছে আছে: "শ্ৰীশ্ৰীমত্‌শিৱসিংহমহাৰাজা" "Sri Sri Môt Xiwô Xinghô Môharaza" বুলি (লগতে চাওক শিৱ সিংহ)। এই ১৮ শতিকাৰ আহোম যোগীয়া পাণ্ডুলিপিত আধুনিক অসমীয়া "ৱ"ৰ সলনি পুৰণি অসমীয়া "ৰ" ব্যৱহাৰ কৰা হৈছে।

পূৰ্বী নাগৰী লিপিৰ আখৰবিলাক খুব কম ব্লকী কিন্তু বহুত সৰ্পিলাকাৰ। ই সিদ্ধম লিপিৰ পৰা উদ্ভৱ হৈছে। ১৭৭৮ চনত যেতিয়া চাৰ্লছ ৱিকিঞ্চ পূৰ্বী নাগৰী লিপিৰ প্ৰথম আখৰস্থাপক আছিল, তেতিয়া ইয়াৰ আধুনিক ৰূপ বিধিবদ্ধ কৰা হয়। বেলেগ বেলেগ ভাষাত বৰ্ণবিলাক কিদৰে উচ্চাৰণ কৰা হয় তাৰ ওপৰত ভিত্তি কৰি অসমীয়া আৰু বঙালী ভাষাত পূৰ্বী নাগৰী লিপিৰ একে আখৰৰে বেলেগ বেলেগ ৰূপ দেখা যায়।

আগতে পূৰ্বী নাগৰী লিপি কোনো নিৰ্দিষ্ট অঞ্চলৰ ভাষাৰ সৈতে যুক্ত নাছিল। তেও মধ্যযুগত ভাৰতবৰ্ষৰ পূৰ্বাঞ্চলৰ প্ৰধান লিপি হিচাপে প্ৰভাৱ বিস্তাৰ কৰিছিল। এই লিপিৰে সংস্কৃত ভাষাও লিখা হৈছিল। হিন্দু ধৰ্মৰ মহাকাব্য যেনেঃ মহাভাৰত আৰু ৰামায়ণ অতীজৰ পূৰ্বী নাগৰী লিপিত লিখা হৈছিল।

ইউনিক’ডত পূৰ্বী নাগৰী লিপি[সম্পাদনা কৰক]

পূৰ্বী নাগৰী লিপিৰ ইউনিক’ডত নাম হৈছে "Bengali"। ইয়াৰ ব্লকটো হ’ল U+0980–U+09FF:

বাংলা
বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+098x
U+099x
U+09Ax
U+09Bx ি
U+09Cx
U+09Dx
U+09Ex
U+09Fx
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ৮.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।

বাহিৰা সংযোগ[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • Bora, Mahendra (1981). The Evolution of Assamese Script. প্ৰকাশক Jorhat, Assam: Assam Sahitya Sabha.