সমললৈ যাওক

পৃথ্বীৰাজ চৌহান (মহাকাব্য)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৃথ্বীৰাজ চৌহান  
লেখক লক্ষ্মী প্ৰসাদ দেৱকোটা
শিৰোনাম पृथ्वीराज चौहान
প্ৰচ্ছদ শিল্পী টেকবীৰ মুখীয়া
দেশ নেপাল
ভাষা নেপালী
প্ৰকাৰ ঐতিহাসিক মহাকাব্য
প্ৰকাশক সাজ প্ৰকাশন
প্ৰকাশ প্ৰায় ১৯৯২- ১৯৯৩
মিডিয়া প্ৰকাৰ ছপা
পৃষ্ঠা সংখ্যা ১৮৪
আই.এচ.বি.এন. 9993325104
অ.চি.এল.চি নং 611879243

পৃথিৱীৰাজ চৌহান (নেপালী: पृथ्वीराज चौहान; ইংৰাজী: Prithiviraj Chauhan) হৈছে 'মহাকবি' লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত এখন নেপালী ভাষামহাকাব্য[1][2] এইখন ১৯৪৬ চনত লিখা হৈছিল আৰু ২০৪৯ বিক্ৰম সম্বটত (প্ৰায় ১৯৯২-১৯৯৩ খ্ৰীষ্টাব্দ) সাজ প্ৰকাশনে প্ৰকাশ কৰিছিল।[3]পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত। এইখন কবিগৰাকীয়ে ৰচনা কৰা ছয়খন মহাকাব্যৰ ভিতৰত অন্যতম।[4] এই মহাকাব্যখন নেপালী লোকছন্দ 'ঝ্যাউৰে'ত লিখা হৈছে।

অনুমান কৰা হয় যে দেৱকোটাই ১৯৪৬ চনত ত্ৰি-চন্দ্ৰ কলেজত প্ৰবক্তা হিচাপে কৰ্মৰত অৱস্থাত এই মহাকাব্যখন লিখিছিল।[5] তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশনটোৱে নিজেই ইয়াৰ প্ৰকাশ কৰিছিল। ইয়াৰ পাণ্ডুলিপিটো বহু বছৰ ধৰি এটা ঠাইত সংৰক্ষিত হৈ আছিল। পাণ্ডুলিপিটোত যথেষ্ট কাট-কুট আছিল। প্ৰকাশন গোষ্ঠীটোৱে সহায়ৰ বাবে পাণ্ডুলিপি সম্পাদক শ্যাম দাস বৈষ্ণৱ আৰু দেৱকোটাৰ পুত্ৰ পদ্মা দেৱকোটাৰ সৈতে যোগাযোগ কৰিছিল। পাণ্ডুলিপিটোৰ ১৬টা সৰ্গৰ ভিতৰত ১৫তম সৰ্গটো নাছিল। সম্পাদকৰ মতে দেৱকোটাই ১৫তম সৰ্গটো লিখিবলৈ পৰিকল্পনা কৰিছিল যদিও লিখি উঠা নাছিল আৰু তেওঁ পাণ্ডুলিপিটো যেনে আছিল তেনেকৈয়ে নকল কৰিছিল। পাণ্ডুলিপিটো পৰৱৰ্তী সময়ত প্ৰকাশন গোষ্ঠীটোৱে ২১টা সৰ্গত পুনৰ সজাই তুলিছিল।[5]

মহাকাব্যখনত ২১টা সৰ্গ আছে। ই চৌহান বংশৰ উত্তৰ ভাৰতৰ ৰজা পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত, যিয়ে প্ৰায় ১১৭৮ চনৰ পৰা ১১৯২ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। মধ্যযুগীয় ভাৰতীয় সামন্তীয় সমাজখনক চিত্ৰিত কৰিবলৈ এই মহাকাব্যখন লিখা হৈছিল।[6]

গ্ৰন্থখনে ২০৪৯ বি. এছ. (প্ৰায় ১৯৯২-১৯৯৩ খ্ৰীষ্টাব্দ) বৰ্ষৰ বাবে সন্মানীয় সাজ পুৰস্কাৰ লাভ কৰিছিল। এই পুৰস্কাৰটো প্ৰতি বছৰে প্ৰকাশনটোৱে নিজৰ অধীনত প্ৰকাশিত শ্ৰেষ্ঠ গ্ৰন্থখনক প্ৰদান কৰে।[7]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "महाकवि लक्ष्मीप्रसाद देवकोटालाई हेर्दा : निनु चापागाई‌" (en-US ভাষাত). मूल्याङ्कन अनलाइन. 2015-11-10. Archived from the original on 2021-12-12. https://web.archive.org/web/20211212085114/https://emulyankan.org/the-great-poet-laxmi-prasad-devkota/ আহৰণ কৰা হৈছে: 2021-12-12.
  2. "महाकवि लक्ष्मीप्रसाद देवकोटा / गोपाल पराजुली | Online Sahitya". www.onlinesahitya.com. https://www.onlinesahitya.com/maha-kavi-laxmi-prasad-devkota-gopal-parajuli আহৰণ কৰা হৈছে: 2021-12-12.
  3. "लक्ष्मीप्रसाद देवकोटा र उनको ‘उद्बोधन’ কবিতাको বিশ্লেষণ" (ne ভাষাত). Balsirjana. 2020-09-09. https://www.balsirjana.com/thoughts/59259.html আহৰণ কৰা হৈছে: 2021-12-12.
  4. "समीक्षा- महाकवि लक्ष्मीप्रसाद देवकोटा र उनको ‘भिखारी’ কবিতামা मानवतावाद - रुपिन्द्र प्रभावी". www.rupindra.com.np. https://www.rupindra.com.np/2017/08/blog-post.html আহৰণ কৰা হৈছে: 2021-12-12.
  5. 1 2 Devkota, Laxmi Prasad (c. 1992) (ne ভাষাত). पृथ्वीराज चौहान. প্ৰকাশক Nepal: সাজ প্ৰকাশন. পৃষ্ঠা. 9. ISBN 9993325104. https://pustakalaya.org/media/uploads/op/pdf/LaxmiPrasadDevkoata2049BS_PrithiviRajChauhan.pdf/LaxmiPrasadDevkoata2049BS_PrithiviRajChauhan.pdf.
  6. "Memorable Aspects of Poet Laxmi Prasad Devkota" (en-US ভাষাত). The Gorkha Times. 2020-11-15. https://thegorkhatimes.com/2020/11/15/memorable-aspects-of-poet-laxmi-prasad-devkota/ আহৰণ কৰা হৈছে: 2021-12-12.
  7. Momila (2011) (en ভাষাত). Dancing Soul of Mount Everest (1 সম্পাদনা). প্ৰকাশক Kathmandu: Nepali Kalasahitya Dot Com Pratishthan. পৃষ্ঠা. 9. ISBN 978-9937-2-3657-7. http://www.nepalikalasahitya.com/en/pdf/dancing_soul_of_mount_everst_english.pdf.