পেইৰেন (নিম্ফ)
পেইৰেন (প্ৰাচীন গ্ৰীক: Πειρήνη,[1] ইংৰাজী: Pirene বা Peirene) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।[2] তেওঁ নামৰ অৰ্থ হৈছে “অচেয়াৰসকলৰ” (of the osiers)।[3] বিভিন্ন সংস্কৰণত তেওঁৰ পিতৃৰ নাম লেকনিয়ানৰ ৰজা অয়েবালাছ[4] বা নদী-দেৱতা অচেঅ′লাছ[5] বুলিও পোৱা যায়৷
পৰিয়াল
[সম্পাদনা কৰক]পেইৰেন পেলাছগাছ (পেলাগন[6]), ইছমেনাছ, কালচিছ, ছালেমিছ, এজিনা, কৰ্চাইৰা, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইনোপে, অৰ্নিয়া[2] আৰু হাৰ্পিনাৰ ভগ্নী আছিল।[7] কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।[8]
শ্ৰুতিকথা
[সম্পাদনা কৰক]যেতিয়া তেওঁৰ পুত্ৰ চেনক্ৰিয়াছক আৰ্টিমিচে অজানিতে হত্যা কৰিছিল, তেতিয়া পেইৰেনৰ দুখ ইমানেই গভীৰ হৈছিল যে তেওঁ চকুলো টুকি টুকি কৰিন্থৰ দুৱাৰৰ বাহিৰত পেইৰেন ফোৱাৰালৈ পৰিণত হৈছিল।[5] কৰিন্থীয়াসকলে ফোয়াৰাটোৰ কাষত পেইৰেনলৈ উৎসৰ্গা কৰা এখন সৰু অভয়াৰণ্য নিৰ্মাণ কৰিছিল আৰু তাত গৰমৰ আৰম্ভণিৰ শুকান মাহত তেওঁলৈ বুলি মৌ-কেক আগবঢ়াছিল।
এই ফোয়াৰাটো মিউজসকলৰ বাবে পবিত্ৰ আছিল আৰু তাতেই বেলেৰফনে পেগাছাছক মদ খাই থকা অৱস্থাত দেখা পাইছিল আৰু তেওঁক বশ কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Richmond, Henry J. (1905), The Pronunciation of Greek and Latin Proper Names in English, প্ৰকাশক Ann Arbor: George Wahr, p. 32, ISBN 9780857927866, https://books.google.com/books?id=XMGulz4NTfwC
- ↑ 2.0 2.1 Diodorus Siculus, 4.72.1.
- ↑ Graves, Robert (1960). The Greek Myths. প্ৰকাশক Harmondsworth, London, England: Penguin Books. পৃষ্ঠা. s.v. Sisyphus. ISBN 978-0-14-310671-5. https://archive.org/details/greekmythsvolume00robe.
- ↑ Hesiod, Megalai Ehoiai fr. 258, cited in Pausanias, 2.2.2.
- ↑ Pausanias, 2.2.2.
- ↑ Apollodorus, 3.12.6.
- ↑ Diodorus Siculus, 4.73.1.
- ↑ Scholia Vict. ad Homer Iliad, 14.291; Strabo, 10 p. 447