পেগেছাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পেগাছাছৰ পৰা পুনঃনিৰ্দেশিত)

গ্ৰীক কিংবদন্তি অনুসৰি পেগেছাছ এটা উৰণীয়া ঘোঁৰাপাৰ্ছিয়াছে মেডুছাৰ শিৰচ্ছেদ কৰাৰ পাছত মেডুছাৰ তেজৰ পৰা পেগাছাছৰ জন্ম হয়। বেলেৰ'ফ'নে পেগাছাছক ধৰি কেইবাটাও অভিযানত আৰোহণ কৰিছিল। কাইমেৰাৰ লগতো বেলেৰ'ফ'নে পেগাছাছত উঠি যুঁজ কৰিছিল। কিন্তু যেতিয়া তেওঁ উৰণীয়া ঘোঁৰাটোত বহি স্বৰ্গলৈ যাব খোজে তেওঁ তাৰ পৰা বাগৰি পৰি মৃত্যু হয়। পেগাছাছ আকাশত তাৰকাপুঞ্জ হৈ থাকে। পেগাছাছৰ উৰণক প্ৰায়েই কাব্যিক অনুপ্ৰেৰণাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hoiberg Dale H. (Editor) (2013). Britannica reference Encyclopedia. Encycopaedia Britannica Inc.. পৃষ্ঠা. 551.