পেট্ৰিচিয়া বাৰ্গলুণ্ড
| পেট্ৰিচিয়া বাৰ্গলুণ্ড | |
|---|---|
| জন্ম | ৱাউকেছা, WI |
| ক্ষেত্ৰ | তথ্য ব্যৱস্থাপনা আৰু বিশ্লেষণ, মনোবিজ্ঞান, মনোৰোগ |
| কৰ্মস্থান | ইউনিভাৰ্চিটি অৱ মিচিগান ইনষ্টিটিউট ফৰ ছ'চিয়েল ৰিচাৰ্চ |
| শিক্ষানুষ্ঠান | নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি, বি এ, এম বি এ |
| জনা যায় | মানসিক স্বাস্থ্যৰ ওপৰত গৱেষণা, যুৱক-যুৱতীসকলৰ দ্ৰব্যৰ অপব্যৱহাৰ, জৰীপ পদ্ধতি |
পেট্ৰিচিয়া এ বাৰ্গলুণ্ড মিছিগান বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ ছ’চিয়েল ৰিচাৰ্চৰ এগৰাকী গৱেষক।[1] ২০১৪, ২০১৫ আৰু ২০১৬ চনৰ ক্লাৰিভেট এনালাইটিক্সৰ তালিকাত তেওঁক মনোৰোগ আৰু মনোবিজ্ঞানৰ ক্ষেত্ৰত "উচ্চ উদ্ধৃত গৱেষক"ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।[2] আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইচকনচিনৰ ৱাউকেছা কাউন্টিৰ এখন চহৰৰ জন্ম গ্ৰহণ কৰা পেট্ৰিচিয়াৰ মানসিক চিকিৎসাৰ লগতে খেল আৰু সংগীততো দখল আছে।
তেওঁ মানুহৰ মেজৰ ডিপ্ৰেছিভ ডিছঅৰ্ডাৰৰ বাবে পৰীক্ষাৰ সম্প্ৰসাৰণ আৰু চিকিৎসাৰ মানদণ্ড উন্নত কৰাৰ পোষকতা কৰে, তেওঁ যুক্তি দিছিল যে প্ৰাৰম্ভিক চিকিৎসাৰ বাবে চিকিৎসকৰ সৈতে তৎকালীন যোগাযোগ নকৰাটো আমেৰিকাত মানসিক স্বাস্থ্যৰ যত্নৰ বাবে এক ব্যাপক ক্ষতিকাৰক দিশ।[3]
পটভূমি আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]বাৰ্গলুণ্ডৰ গৃহ চহৰ উইচকনচিনৰ ৱাউকেছা আৰু ১৯৮৮ চনত নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ বিয়েনেন স্কুল অৱ মিউজিকৰপৰা সংগীতত বি এ আৰু নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ কেলগ স্কুল অৱ মেনেজমেণ্টৰপৰা এম বি এ ডিগ্ৰী লাভ কৰে।[[4][5] ১৯৯৩ চনত মিছিগান বিশ্ববিদ্যালয়ত যোগদান কৰাৰ আগতে তেওঁ টেনিছ শিক্ষয়িত্ৰী আৰু গৱেষণা বিশ্লেষক হিচাপে কাম কৰিছিল।[5]
বাৰ্গলুণ্ডে কেইবাখনো কিতাপ ৰচনা কৰিছে আৰু তেওঁ প্ৰকাশনৰ লেখক বা সহ-লেখক আৰু তথ্য বিশ্লেষণ আৰু এছ এ এছ চফ্টৱেৰৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষক।[5] বৰ্তমান তেওঁৰ গৱেষণাই ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী মানসিক স্বাস্থ্য জৰীপ যেনে মনিটৰিং দ্য ফিউচাৰ, নেচনেল ক’মৰবিডিটি জৰীপ আৰু বিশ্ব মানসিক স্বাস্থ্য জৰীপৰ পদক্ষেপ ব্যৱহাৰ কৰি মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।[4][6]
এছ এ এছ ইনষ্টিটিউটে তেওঁক পৰিসংখ্যা আৰু তথ্য বিশ্লেষণত শ্ৰেষ্ঠ অৱদানমূলক গৱেষণা পত্ৰৰ খিতাপ প্ৰদান কৰিছে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Faculty | ISR Summer Institute" (en ভাষাত). si.isr.umich.edu. http://si.isr.umich.edu/faculty। আহৰণ কৰা হৈছে: 2018-01-30.[সংযোগবিহীন উৎস]
- ↑ "Archived Lists - HCR". clarivate.com. https://clarivate.com/hcr/researchers-list/archived-lists/। আহৰণ কৰা হৈছে: 2018-01-30.
- ↑ Wang, Philip S.; Berglund, Patricia; Olfson, Mark; Pincus, Harold A.; Wells, Kenneth B.; Kessler, Ronald C. (2005). "Failure and Delay in Initial Treatment Contact After First Onset of Mental Disorders in the National Comorbidity Survey Replication". Arch Gen Psychiatry খণ্ড 62 (6): 603–613. doi:10.1001/archpsyc.62.6.603. PMID 15939838.
- 1 2 "MWSUG - MidWest SAS Users Group". www.mwsug.org. http://www.mwsug.org/mil2010/bios.htm। আহৰণ কৰা হৈছে: 2018-06-07.
- 1 2 3 "Patricia Berglund | SAS Instructor" (en ভাষাত). support.sas.com. https://support.sas.com/training/instructor/berglund_pat.html। আহৰণ কৰা হৈছে: 2018-06-07.
- ↑ "Patricia Berglund" (en ভাষাত). www.icpsr.umich.edu. Archived from the original on 2018-06-15. https://web.archive.org/web/20180615215055/https://www.icpsr.umich.edu/icpsrweb/sumprog/instructors/165068। আহৰণ কৰা হৈছে: 2018-06-07.