সমললৈ যাওক

পেয়মান মাডী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পেয়মান মাডী

২০১৯ চনৰ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত মাডী
স্থানীয় নাম پیمان معادی
জন্ম ৯ জুলাই ১৯৭০
নিউয়ৰ্ক চহৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
নাগৰিকত্ব আমেৰিকা যুক্তৰাষ্ট্ৰ, ইৰান
পেচা অভিনেতা, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক
সক্ৰিয় হৈ থকা সময় ২০০০–বৰ্তমান
দাম্পত্যসঙ্গী ফাৰনাক কাভানলো
সন্তান

পেয়মান মাডী (ফাৰ্চী: پیمان معادی; জন্ম ৯ জুলাই ১৯৭০) হৈছে এগৰাকী ইৰানী-আমেৰিকান অভিনেতা, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ ইৰানৰ অস্কাৰ বঁটা বিজয়ী পৰিচালক আছগৰ ফাৰহাদীৰ এ চেপাৰেশ্যন (২০১১) আৰু এবাউট এলি (২০০৯), লাষ্ট নাইটছ (২০১৫) আৰু স্বতন্ত্ৰ ড্ৰামা চলচ্চিত্ৰ কেম্প এক্স-ৰে (২০১৪) ত কৰা অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত। এ চেপাৰেশ্যন চলচ্চিত্ৰখনত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ ৬১সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (২০১১) শ্ৰেষ্ঠ অভিনেতাৰ চিলভাৰ বিয়েৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1][2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মাডীৰ জন্ম নিউয়ৰ্ক চহৰত ইৰানী পিতৃ-মাতৃৰ ঘৰত হৈছিল। তেওঁৰ বয়স যেতিয়া ৫ বছৰ আছিল, তেতিয়া তেওঁৰ অধিবক্তা পিতৃয়ে ইৰাণলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লয়।[4] তেওঁ ইছলামিক আজাদ বিশ্ববিদ্যালয়ৰ কাৰাজ শাখাৰ পৰা মেটালৰ্জিকেল ইঞ্জিনিয়াৰিং বিষয়ত ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত মাডীয়ে এগৰাকী চিত্ৰনাট্যকাৰ হোৱাৰ সিদ্ধান্ত লয়।[5]

কেৰিয়াৰ

[সম্পাদনা কৰক]

মাডীয়ে ২০০০ চনত শ্বৱান ছং চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ হিচাপে নিজৰ চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কেইবাখনো প্ৰখ্যাত ইৰানী চলচ্চিত্ৰৰ চিত্ৰনাট্য ৰচনা কৰে। তেওঁ আছগৰ ফাৰহাদীৰ চলচ্চিত্ৰ এবাউট এলি (২০০৯) ৰ জৰিয়তে নিজৰ অভিনয় জীৱন আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত পৰিচালকগৰাকীৰ সৈতে থকা কৰ্মসম্পৰ্ক ধৰি ৰাখি এ চেপাৰেশ্যন নামৰ চলচ্চিত্ৰখনত অভিনয় কৰে, যিখন ছবিয়ে বিশ্বজুৰি ব্যাপক প্ৰশংসা লাভ কৰিছিল।

ইয়াৰ দুবছৰ পিছত আছগৰ ফাৰহাদীৰ এ চেপাৰেশ্যন (২০১১) চলচ্চিত্ৰত নাদেৰ চৰিত্ৰত কৰা অনবদ্য অভিনয়ৰ বাবে তেওঁ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুখ্য চৰিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰ চিলভাৰ বিয়েৰ বঁটা লাভ কৰে।[6] তেওঁক স্বতন্ত্ৰ ড্ৰামা চিনেমা কেম্প এক্স-ৰেত দেখিবলৈ পোৱা গৈছিল, যিখন ছবি ২০১৪ চনৰ ছানডেন্স চলচ্চিত্ৰ মহোৎসৱৰ আমেৰিকান ড্ৰামা প্ৰতিযোগিতা শাখাৰ বাবে নিৰ্বাচিত হৈছিল আৰু ২০১৪ চনৰ ১৭ অক্টোবৰত মুক্তি পাইছিল। ইয়াৰ উপৰিও মাডীয়ে এইচবিঅ’ৰ টেলিভিছন ধাৰাবাহিক দ্য নাইট অফত অভিনয় কৰিছিল।[7][8] ২০১৪ চনত তেওঁ ১৭ সংখ্যক চাংহাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ সদস্য আছিল।

তেওঁ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত ৱালনাট ট্ৰী (২০২০) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ক্ৰিষ্টাল চিমৰ্ঘ বঁটা লাভ কৰিছিল। এই চলচ্চিত্ৰখনৰ কাহিনীভাগ আছিল এজন পিতৃৰ ওপৰত কেন্দ্ৰিত, যিয়ে যুদ্ধৰ ভয়াৱহ ছাঁৰ তলত নিজৰ সন্তানৰ শোকৰ বোজা বহন কৰিবলগীয়া হৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মাডীয়ে তেহৰাণ আৰু লছ এঞ্জেলছৰ মাজত নিজৰ সময় অতিবাহিত কৰে। তেহৰাণত তেওঁৰ এটা ঘড়ীৰ গেলেৰী আছে। ধৰ্মীয় দিশৰ পৰা তেওঁ এগৰাকী মুছলমান।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Brooks, Brian (February 19, 2011). "Iran's "Separation" Wins Berlinale's Golden Bear". IndieWire. https://www.indiewire.com/2011/02/irans-separation-wins-berlinales-golden-bear-243580/ আহৰণ কৰা হৈছে: February 19, 2011.
  2. Scott J. Davis (March 22, 2015). "Blu-ray details for Camp X-Ray starring Kristen Stewart". Flickering Myth. http://www.flickeringmyth.com/2015/03/blu-ray-details-for-camp-x-ray-starring-kristen-stewart.html.[সংযোগবিহীন উৎস]
  3. "Soureh Cinema". Archived from the original on April 8, 2009. https://web.archive.org/web/20090408182800/http://www.sourehcinema.com/People/People.aspx?Id=138112170105 আহৰণ কৰা হৈছে: September 22, 2009.
  4. "Male star of 'A Separation' gets role in US television miniseries – Iran Times". November 8, 2013. https://iran-times.com/male-star-of-a-separation-gets-role-in-us-television-miniseries/.
  5. "Payman Maadi: Stars are no guarantee of a film\'s success, but the script is!". https://www.siff.com/english/content?aid=import-cms-1261.
  6. Biography
  7. "sundance.org". Archived from the original on October 24, 2014. https://web.archive.org/web/20141024031814/http://www.sundance.org/festival/release/2014-festival-us-world-and-next-films-announced/ আহৰণ কৰা হৈছে: May 31, 2026.
  8. Festival
  9. "The Night Of's Payman Maadi on Middle Eastern Stereotypes in Hollywood and Getting Past the Censors in Iran". August 22, 2016. https://www.vulture.com/2016/08/the-night-of-hbo-payman-maadi.html.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]