পেশী তন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
10:19, 9 April 2015-ত Bishnu Saikia (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (টেগ)
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)
পেশী তন্ত্ৰ

মানুহৰ পেশী
সবিশেষ
চিনাক্তকাৰক
লেটিন ছিষ্টেমা মাছকুলেৰি
TA98 A04.0.00.000
A04.6.02.001
A04.7.02.001
TA2 1975
FMA 72954
দেহতাত্ত্বিক পৰিভাষা

পেশী তন্ত্ৰ (ইংৰাজী: Muscular system) হৈছে কংকালীয় পেশী, মৃসন পেশী আৰু হৃদ পেশীৰ দ্বাৰা গঠিত একপ্ৰকাৰৰ অংগ তন্ত্ৰ। পেশী তন্ত্ৰই দেহৰ সঞ্চালন, শৰীৰৰ অৱস্থান নিয়ন্ত্ৰণ, আৰু তেজৰ চলাচল কৰোৱাই। মেৰুদণ্ডী প্ৰাণীৰ পেশী তন্ত্ৰ স্নায়ু তন্ত্ৰই নিয়ন্ত্ৰণ কৰে, যদিও কিছুমান পেশী (যেনে- হৃদ পেশী) স্বয়ংক্ৰিয়। পেশী তন্ত্ৰ আৰু কংকাল তন্ত্ৰৰ সন্মিলনত পেশীয়কংকাল তন্ত্ৰ গঠন হয়, যিয়ে দেহৰ সঞ্চালন কৰোৱাই।

পেশী[সম্পাদনা কৰক]

পেশী তিনি প্ৰকাৰৰ: কংকালীয় পেশী, হৃদ পেশী, আৰু মৃসন পেশী। পেশীয়ে শক্তি প্ৰদান, ভাৰসাম্য ৰক্ষা, দেহৰ অৱস্থান, সঞ্চালন আৰু দেহটো গৰম কৰি ৰাখিবলৈ তাপ উপলব্ধ কৰোৱাই।

  • কংকালীয় পেশী: কংকালীয় পেশীবোৰ হাড়ৰ লগত সংযুক্ত হৈ থাকে। ইহঁতৰ বেছিভাগেই ঐচ্ছিক পেশী। ইহঁতৰ ঐচ্ছিক স্নায়ু তন্ত্ৰই নিয়ন্ত্ৰণ কৰে। মানৱ দেহত প্ৰায় ৬৩৯ সংখ্যক কংকালীয় পেশী আছে।
  • হৃদ পেশী: হৃদ পেশীৰ পেশীয় আঁহবোৰ এডাল আনডালৰ লগত পাৰ্শীয়ভাৱে সংযুক্ত হৈ থাকে। এই পেশীবোৰ স্বয়ংক্ৰিয় যদিও স্বয়ং নিয়ন্ত্ৰিত নহয়। ইহঁতক স্বয়ংক্ৰিয় স্নায়ু তন্ত্ৰৰ দ্বাৰা প্ৰভাৱিত ছাইনাছ নডবোৰে নিয়ন্ত্ৰণ কৰে।
  • মৃসন পেশী: মৃসন পেশীবোৰ স্বয়ংক্ৰিয় স্নায়ু তন্ত্ৰই প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে আৰু ইহঁত অনৈচ্ছিক অৰ্থাৎ ইহঁতক ইচ্ছমতে সঞ্চালন কৰিব নোৱাৰি। হৃদস্পন্দন আৰু হাওঁফাওঁৰ পেশীৰোৰো অনৈচ্ছিক কিন্তু মৃসন পেশী নহয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]