সমললৈ যাওক

পেহেলগাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পেহেলগাম
পেহেলগাম
চহৰ
লিড্ডাৰ নদী
বৈশাৰণ উপত্যকা
লেভেণ্ডাৰ পাক
চহৰৰ এটা দৃশ্য
শীতকালত উপত্যকাৰ দৃশ্য
উপত্যকাটোৰ দৃশ্য
Map
স্থানাংক: 34°01′N 75°11′E / 34.01°N 75.19°E / 34.01; 75.19স্থানাংক: 34°01′N 75°11′E / 34.01°N 75.19°E / 34.01; 75.19
চৰকাৰ
 • পৰিচালনা পেহেলগাম পীৰ নিগম
কালি
 • মুঠ
১৮.০২ km2 (6.96 sq mi)
উচ্চতা
২,২০০ মিটাৰ (৭,২০০ ফুট)
জনসংখ্যা
 (২০১১)[2]
 • মুঠ
৯২৬৪
 • ঘনত্ব 510/km2 (1,300/sq mi)

পেহেলগাম (ইংৰাজী: Pahalgam) ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন নগৰ। লিড্ডাৰ নদীৰ পাৰত ই কাশ্মীৰ উপত্যকাৰ উচ্চত অৱস্থিত। পেহেলগাম হৈছে অনন্তনাগ জিলাৰ এঘাৰটা তহচিলৰ ভিতৰত অন্যতম পেহেলগাম তহচিলৰ মুখ্য কাৰ্যালয়। অনন্তনাগৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত এই চহৰখন জনপ্ৰিয় পৰ্যটন স্থলী আৰু পাহাৰীয়া ষ্টেচন। এই চহৰখন জুলাই–আগষ্ট মাহত অনুষ্ঠিত হোৱা অমৰনাথ মন্দিৰৰ বাৰ্ষিক তীৰ্থযাত্ৰাৰ আৰম্ভণিৰ স্থান।

নামতত্ত্ব

[সম্পাদনা কৰক]

পেহেলগাম শব্দটোৰ কাশ্মিৰী অৰ্থ হৈছে 'ভেড়াৰখীয়াৰ গাঁও'৷ Puheyl-ৰ অৰ্থ হৈছে ভেড়া আৰু gam-ৰ অৰ্থ হৈছে গাঁও৷ [4][5] হিন্দু সাহিত্যত এই অঞ্চলটোক "বৈলগাঁও" অৰ্থাৎ "ম'হৰ গাঁও" বুলি উল্লেখ কৰা হৈছে৷ হিন্দু দেৱতা শিৱই অমৰনাথলৈ যোৱাৰ পথত নিজৰ ম'হটো ইয়াতে এৰি থৈ গৈছিল বুলি বুজোৱা হয়।[6][7]

পেহেলগাম ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত অৱস্থিত।[1][8] ই কাশ্মীৰ উপত্যকাৰ ঝেলুম নদীৰ পূব দিশত বিস্তৃত লিদ্দে উপত্যকাৰ উচ্চতাত অৱস্থিত।[4][9] লিডাৰ নদীৰ দুটা ধাৰা—পূব আৰু পশ্চিম লিডাৰ—পেহেলগামৰ ওচৰত সংযুক্ত হৈ সংকীৰ্ণ উপত্যকাটোৰ মাজেৰে আগবাঢ়ি যায়।[10] পেহেলগামত উপত্যকাটো দুটা ভাগত বিভক্ত হয়, এটা উত্তৰ-পূবে অমৰনাথলৈ আৰু আনটো উত্তৰ-পশ্চিমে আৰুলৈ।[4] এই অঞ্চলটো আগ্নেয়গিৰি আৰু চূণশিলৰ শিলৰ দ্বাৰা গঠিত আৰু ইয়াৰ মাজতে অসমতাপূৰ্ণ ৰ'চ শিল আছে।[11] এই অঞ্চলৰ গছ-গছনিত চিৰসেউজ ফাৰ আৰু পাইন আৰু স্প্ৰুচৰ দৰে কনিফেৰাছ গছ দেখিবলৈ পোৱা যায়।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Pahalgam". citypopulation.de. https://citypopulation.de/en/india/jammukashmir/anantnag/0140601000__pahalgam/। আহৰণ কৰা হৈছে: 1 June 2024. 
  2. "Basic Population Figures of India, States, Districts, Sub-District and Village, 2011". Census Commission of India. https://censusindia.gov.in/nada/index.php/catalog/42554/download/46180/2011-IndiaStateDistSbDistVill-0000.xlsx। আহৰণ কৰা হৈছে: 1 June 2024. 
  3. 3.0 3.1 "Pincodes and STD codes". Government of Jammu and Kashmir. https://anantnag.nic.in/std-pin-code/। আহৰণ কৰা হৈছে: 1 June 2024. 
  4. 4.0 4.1 4.2 Ahmad 2003, পৃষ্ঠা. 6.
  5. Betts & McCulloch 2014, পৃষ্ঠা. 234.
  6. Raina 2014, পৃষ্ঠা. 325.
  7. Hazra 2003, পৃষ্ঠা. 71.
  8. "Rain Genomics – Pahalgam". Galling Rain. http://www.fallingrain.com/world/IN/12/Pahalgam.html। আহৰণ কৰা হৈছে: 1 May 2016. 
  9. Kaul 1990, পৃষ্ঠা. 31.
  10. Kaul 1990, পৃষ্ঠা. 25.
  11. Ahmad 2003, পৃষ্ঠা. 137.
  12. Kaul 1990, পৃষ্ঠা. 35.