সমললৈ যাওক

পেৰাগুৱেৰ বটল নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্পেইনৰ ফুয়েনগিৰোলাত পেৰাগুৱেৰ বটল নৃত্যৰ প্ৰদৰ্শন

পেৰাগুৱেৰ বটল নৃত্য (ইংৰাজী: Paraguayan bottle dance) হ’ল পেৰাগুৱেৰ এক পৰম্পৰাগত লোকনৃত্য, য’ত নৃত্যশিল্পীসকলে মূৰৰ ওপৰত কাঁচৰ বটলৰ ভাৰসাম্য ৰাখি নৃত্য পৰিৱেশন কৰে।[1]

বটল নৃত্যৰ উৎপত্তি এতিয়াও অস্পষ্ট হৈ আছে। এটা তত্ত্ব অনুসৰি এই নৃত্যটো গালোপা নামৰ লোকনৃত্যৰ পৰা উদ্ভৱ হৈছে, য’ত নৃত্যশিল্পীসকলে মূৰৰ ওপৰত জগ লৈ নৃত্য কৰিছিল আৰু পৰৱৰ্তী সময়ত জগৰ ঠাইত কাঁচৰ বটল ব্যৱহাৰ কৰিবলৈ লয়।[2]

প্ৰদৰ্শন

[সম্পাদনা কৰক]

বটল নৃত্যত মহিলা নৃত্যশিল্পীসকলে উনবিংশ শতিকাৰ গ্ৰাম্য পোছাক পিন্ধে য’ত ভৰিৰ গাঁঠি পৰ্যন্ত দীঘল স্কাৰ্ট অন্তৰ্ভুক্ত থাকে।[3] এই প্ৰদৰ্শনত সাধাৰণতে পাৰাগুৱেৰ পোলকা ধাৰাৰ সংগীত সংগত কৰা হয়।[4] বটল নৃত্যৰ প্ৰদৰ্শনসমূহ বহু পৰিমাণে স্বতঃস্ফূৰ্ত হয় আৰু ইয়াৰ মৌলিক অংগী-ভংগীসমূহৰ ভিতৰত হাত মেলি স্কাৰ্টটো ধৰি ৰখা অন্তৰ্ভুক্ত, যাতে মূৰত কোনো বটল নাই তেনে এক ধাৰণাৰ সৃষ্টি হয়।[4][5] এই নৃত্য একক, যুটীয়া বা দলীয়ভাৱে পৰিৱেশন কৰিব পাৰি য’ত প্ৰতিজন নৃত্যশিল্পীয়ে এটা বা দুটা বটলৰ ভাৰসাম্য ৰাখে, কিন্তু অধিক দক্ষ নৃত্যশিল্পীসকলে মূৰত দহ বা ততোধিক বটলৰ ভাৰসাম্য ৰাখিবলৈ সক্ষম।[6][7] নৃত্যশিল্পীসকলে ব্যৱহাৰ কৰা বটলসমূহ সাধাৰণতে পাৰাগুৱেৰ পতাকাৰ দৰে ত্ৰিৰংগী ফিতা বা ফুলৰ দ্বাৰা সজোৱা হয়।[8] লগতে, যেতিয়া এগৰাকী নৃত্যশিল্পীয়ে এটাৰ ওপৰত আনটো বটল থৈ নৃত্য কৰে, তেতিয়া তেওঁ এনেধৰণে তৈয়াৰ কৰা বটল ব্যৱহাৰ কৰে যিবোৰ এটাৰ সৈতে আনটো লাগি ধৰে যদিও মূৰৰ সৈতে লাগি নাথাকে।[9]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

আমেৰিকান ৰিয়েলিটি শ্ব’ দা আমেজিং ৰেচ-ৰ বিংশ আৰু ত্ৰিংশতম ছিজনত এটা কাৰ্য অন্তৰ্ভুক্ত কৰা হৈছিল য’ত প্ৰতিযোগীসকলে আচুনচিয়নত বটল নৃত্য পৰিৱেশন কৰিব লগা হৈছিল।[10][11]

গট টেলেণ্ট এছ্পানিয়াৰ দ্বিতীয় ছিজনৰ সময়ত এগৰাকী প্ৰতিযোগী বেলেন টৰেছে বটল নৃত্যৰ সৈতে অডিচন দিছিল য’ত তেওঁ পাঁচটা বটলৰ এটা স্তুপৰ সৈতে নৃত্য কৰি প্ৰদৰ্শন সমাপ্ত কৰিছিল।[12] তিনি বছৰৰ পিছত আন এগৰাকী প্ৰতিযোগী এৰিকা ভেগাই শ্ব’টোৰ পঞ্চম ছিজনত বটল নৃত্যৰে অডিচন দিছিল যিটো দহটা বটলৰ স্তুপৰ সৈতে কৰা নৃত্যৰে সমাপ্ত হৈছিল।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Carpenter, Allan (1970). Paraguay. Children's Press. পৃষ্ঠা. 59.
  2. Marshall, Euan (November 15, 2017). "A Guide to South America’s Most Iconic Dances". Culture Trip. Archived from the original on September 8, 2022. https://web.archive.org/web/20220908145641/https://theculturetrip.com/ আহৰণ কৰা হৈছে: April 26, 2020.
  3. Jermyn, Leslie; Jui Lin, Yong (2010). Cultures of the World Paraguay. Benchmark Books. পৃষ্ঠা. 107.
  4. 1 2 Nettl, Bruno; Porter, James; Stone, Ruth; Rice, Timothy (1999). Garland Encyclopedia of World Music. Routledge. পৃষ্ঠা. 461.
  5. "El Baile de la Botella (danza del Paraguay)" (es ভাষাত). Artigoo. http://artigoo.com আহৰণ কৰা হৈছে: April 26, 2020.
  6. "DANZA PARAGUAYA" (es ভাষাত). ABC Color. August 23, 2011. https://www.abc.com.py আহৰণ কৰা হৈছে: April 26, 2020.
  7. "Culture". Embassy of the Republic of Paraguay to the Republic of Korea. http://www.embaparcorea.org আহৰণ কৰা হৈছে: April 26, 2020.
  8. "La danza paraguaya" (es ভাষাত). ABC Color. April 23, 2012. https://www.abc.com.py আহৰণ কৰা হৈছে: April 26, 2020.
  9. Morrison, Marion (1987). Paraguay. Chelsea House Publishers. পৃষ্ঠা. 57.
  10. Lynch, Joseph (March 5, 2012). "The Amazing Race recap: Pyramid Scheming and Dancing on Broken Glass". Entertainment Weekly. https://ew.com আহৰণ কৰা হৈছে: April 26, 2020.
  11. Caruso, Nick (November 4, 2020). "Amazing Race Recap: Lost and Found". TVLine. https://tvline.com আহৰণ কৰা হৈছে: November 5, 2020.
  12. "Paraguaya sorprende con baile en programa español" (es ভাষাত). HOY. March 26, 2016. https://www.hoy.com.py আহৰণ কৰা হৈছে: April 26, 2020.
  13. "Joven paraguaya arrasa en España con la "Danza de la Botella"" (es ভাষাত). HOY. November 9, 2019. https://www.hoy.com.py আহৰণ কৰা হৈছে: April 26, 2020.