পেৰিছৰ ময়ূৰী
পেৰিছৰ ময়ূৰী | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Papilio |
প্ৰজাতি: | P. paris |
বৈজ্ঞানিক নাম | |
Papilio paris Linnaeus, 1758 |
পেৰিছৰ ময়ূৰী (ইংৰাজী: Paris Peacock, বৈজ্ঞানিক নাম-Papilio paris) দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ চাতকনেজীয়া পখিলাৰ প্ৰজাতি।
বিৱৰণ
[সম্পাদনা কৰক]মতা পেৰিছৰ ময়ূৰী পখিলাৰ পাখিৰ ওপৰ অংশ (Upperwings) ক'লা বৰণৰ আৰু পাখিত গাঢ় সেউজীয়া বৰণৰ আঁচ (scales) থাকে। এই আঁচবোৰে এটা ঠেক বক্ৰৰেখা গঠন কৰে। ইয়াৰ পিছফালৰ পাখি ( hindwing) তো এনে গাঢ় সেউজীয়া আঁচ দেখা যায় যদিও ই কাষ (margin) নাপায়গৈ। পাখিৰ দুয়োকাষে সেই অংশতে দুটা বহল ফোঁট (postdiscal area)ৰ দৰে এলেকা থাকে। এই ফোঁট দুটাৰ কাষতে সেউজীয়া আঁচবোৰ মিলি পৰে।

ইয়াৰ পাখিৰ তলৰফালে গাঢ় ক'লা বৰণীয়া। ইয়াৰ মাজে মাজে আগ আৰু পাছফালৰ পাখিত কিছুমান হালধীয়া আঁচ থকা দেখা যায়। [1]
মাইকী পেৰিছৰ ময়ূৰী পখিলা দেখাত মতা পখিলাৰ সৈতে প্ৰায় একে যদিও ইয়াৰ বৰণ কিছু শেঁতা হয়। ইয়াৰ আগফালৰ পাখিৰ ওপৰৰ অংশত সেউজীয়া ফোঁট থাকে কিন্তু এই ফোঁটটো মতা পখিলাটোতকৈ অসম্পূৰ্ণকৈ থকা দেখা যায়। ইয়াৰ পাখিৰ তলৰফালটোও মতা পখিলাটোৰ দৰেই ক'লা বৰণীয়া কিন্তু অন্যান্য দাগবোৰ ধূসৰ হয়।[1]
এই পখিলাবিধৰ পাখিৰ দৈৰ্ঘ্য প্ৰায় ১০৬-১৩২ মিমি হয়।
বিতৰণ
[সম্পাদনা কৰক]
পেৰিছৰ ময়ূৰী হিমালয়ৰ কুমায়ুনৰ পৰা ছিক্কিম, নেপাল, ভূটান, অসমৰ পৰ্বতীয়া অঞ্চল, বাৰ্মালৈকৈ দেখা পোৱা যায়। তদুপৰি ই চীন, মালয়েছিয়া আদি দেশতো বিস্তৃত হৈ আছে। [1] ইয়াক দাক্ষিণাত্যৰ কিছু কিছু অঞ্চলতো দেখিবলৈ পোৱা যায়।

তথ্যসূত্ৰ
[সম্পাদনা কৰক]লগতে চাওক
[সম্পাদনা কৰক]- Erich Bauer and Thomas Frankenbach, 1998 Schmetterlinge der Erde, Butterflies of the world Part I (1), Papilionidae Papilionidae I: Papilio, Subgenus Achillides, Bhutanitis, Teinopalpus. Edited by Erich Bauer and Thomas Frankenbach. Keltern : Goecke & Evers; Canterbury : Hillside Books ISBN 9783931374624