পেৰ্নিয়া কুৰেশ্বী
| পেৰ্নিয়া কুৰেশ্বী | |
|---|---|
২০১৬ চনত লেকমে ফেশ্বন উইকত কুৰেশ্বী | |
| জন্ম | পাকিস্তান[1] |
| নাগৰিকত্ব |
|
| পেচা | উদ্যোগী, কুচিপুডী নৃত্যশিল্পী, অভিনেত্ৰী, শৈলী বিশেষজ্ঞ (Stylist), পডকাষ্টাৰ |
| দাম্পত্যসঙ্গী | |
পেৰ্নিয়া কুৰেশ্বী (ইংৰাজী: Pernia Qureshi) এগৰাকী ভাৰতীয় আমেৰিকান ফেশ্বন উদ্যোগী আৰু শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ বৰ্তমান নতুন দিল্লী আৰু মুম্বাইত বসবাস কৰে।[5][6][7][8]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]কুৰেশ্বীৰ শিপা উত্তৰ প্ৰদেশৰ ৰামপুৰ চহৰৰ সৈতে জড়িত।[9] তেওঁ ভাৰতৰ মুছৌৰীৰ উডষ্টক স্কুলৰপৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল আৰু তেওঁ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী।[10][6][11]
জীৱন আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]সৰুৰেপৰাই তেওঁ পদ্মভূষণ বঁটা বিজয়ী ৰাজা আৰু ৰাধা ৰেড্ডীৰ শিষ্যত্বত এগৰাকী কুচিপুডী নৃত্যশিল্পী হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। তেওঁ ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁৰ অনুষ্ঠানসমূহৰ ভিতৰত কমনৱেলথ গেমছ, খাজুৰাহো নৃত্য মহোৎসৱ আৰু জশন-এ-ৰেখতা মহোৎসৱ অন্যতম।[12]
কৰ্মজীৱনৰ আৰম্ভণিতে কুৰেশ্বীয়ে হাৰ্পাৰছ বজাৰ, এলে আৰু কণ্ডে নাষ্টৰ শৈলী বিশেষজ্ঞ হিচাপে কাম কৰিছিল আৰু ২০১০ চনৰ বলিউড ছবি আইশাৰ বাবে পোছাক ডিজাইন কৰিছিল। ২০১২ চনত কুৰেশ্বীৰ উদ্যোগী যাত্ৰা আৰম্ভ হয় যেতিয়া তেওঁ 'পেৰ্নিয়াছ পপ আপ শ্বপ' প্ৰতিষ্ঠা কৰে। এয়া আছিল বিশ্বজুৰি গ্ৰাহকক ভাৰতীয় ডিজাইনাৰৰ পোছাক বিক্ৰী কৰা ভাৰতৰ প্ৰথমটো ই-কমাৰ্চ প্লেটফৰ্ম।[13]
কুৰেশ্বী এগৰাকী প্ৰকাশিত লেখিকা। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়াৰ সৈতে বি ষ্টাইলিছ উইথ পেৰ্নিয়া কুৰেশ্বী শীৰ্ষক এখন কিতাপ মুকলি কৰিছিল। ২০১৩ চনৰ অক্টোবৰ মাহত প্ৰকাশিত এই কিতাপখন দক্ষিণ এছীয় মহিলাসকলৰ বাবে এখন ফেশ্বন গাইড। ইয়াত শৰীৰৰ গঠন, সাংস্কৃতিক প্ৰেক্ষাপট আৰু বিভিন্ন অনুষ্ঠানৰ পোছাক আদিৰ বিষয়ে আলোচনা কৰা হৈছে। শেহতীয়াকৈ কুৰেশ্বীয়ে ৰোলি বুকছৰ সৈতে আম্মিছ কিচেন নামৰ এখন কিতাপ প্ৰকাশ কৰিছে। ইয়াত উত্তৰ প্ৰদেশৰ ৰামপুৰৰ শ্ৰেষ্ঠ ব্যঞ্জনসমূহৰ লগতে তেওঁৰ আইতাকৰ হাতৰ পৰম্পৰাগত ৰন্ধন প্ৰণালীসমূহ সন্নিৱিষ্ট কৰা হৈছে।[14][15][16]
২০২৪ চনত কুৰেশ্বীয়ে বিলাসিতা, জীৱন-শৈলী আৰু ফেশ্বন শ্ৰেণীত ভাৰতৰ প্ৰথমটো ভিডিঅ' পডকাষ্ট আৰম্ভ কৰে। 'ফেশ্বনেবলি কুৰেশ্বী' হৈছে বৰ্তমান ভাৰতৰ এই উদ্যোগসমূহৰ ওপৰত এক ভাষ্য আৰু প্ৰতিফলন। সব্যসাচী মুখাৰ্জী, মনীষ মালহোত্ৰা আৰু সোণম কাপুৰৰ দৰে জীৱন-শৈলী আৰু ফেশ্বন জগতৰ অগ্ৰগামী ব্যক্তিসকলে ইয়াত অতিথি হিচাপে অংশ লৈছে। এই পডকাষ্টটো বাবে স্পটিফাই আৰু ইউটিউবত উপলব্ধ।[4]
ইনষ্টাগ্ৰামত বৃহৎসংখ্যক অনুগামী থকা কুৰেশ্বীয়ে ডাইচন, জিঅ' ৱৰ্ল্ড প্লাজা, বিএমডব্লিউ, কনৰাড হোটেলছ, লেভিছ আৰু লেনকম (Lancome Paris) আদিকে ধৰি কেইবাটাও ব্ৰেণ্ডৰ সৈতে অংশীদাৰিত্ব কৰিছে।
কৰ্মৰাজি
[সম্পাদনা কৰক]পেৰ্নিয়াই মুজফ্ফৰ আলীৰ স্বাধীনতাৰ পূৰ্বৰ ভাৰতৰ পটভূমিত নিৰ্মিত পিৰিয়ড ড্ৰামা ছবি জানিসাৰত এগৰাকী তৱাইফৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন ২০১৫ চনৰ ৭ আগষ্টত মুক্তি লাভ কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Fashionista Extraordinaire: Pernia Qureshi". Sunday Magazine. 23 January 2014. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304055112/http://sunday.com.pk/people/23-Jan-2014/fashionista-extraordinaire-pernia-qureshi#.VkQv8LcrLIX। আহৰণ কৰা হৈছে: 12 November 2015. "My trips to Pakistan have always been very good. Pakistan is like home to me. I have family there, I was born in Pakistan and my mother is from Pakistan."
- ↑ Don't revoke PIO card of Moin Qureshi's daughter till April 15: HC to government. PTI. 22 March 2019. New Indian Express.
- ↑ "Pernia Qureshi I will marry when the time is right". 7 August 2015. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Pernia-Qureshi-I-will-marry-when-the-time-is-right/articleshow/48388785.cms.
- 1 2 Pernia Qureshi gets married to beau Sahil Gilani in Turkey. mid-day.
- ↑ Home Tour: Pernia Qureshi’s Bright And Airy Apartment In Mumbai. January 11, 2019. Beautiful Homes.
- 1 2 Re-designing The Game. August 3, 2017. Femina.
- ↑ "A style guide by ace designer Pernia Qureshi on kinder wardrobe staples" (en ভাষাত). Financialexpress. 8 September 2022. https://www.financialexpress.com/lifestyle/a-style-guide-by-ace-designer-pernia-qureshi-on-kinder-wardrobe-staples/2659424/। আহৰণ কৰা হৈছে: 2022-11-22.
- ↑ "I'd swipe Randeep Hooda right, says stylist/actor Pernia Qureshi". www.hindustantimes.com. https://www.hindustantimes.com/brunch/i-d-swipe-randeep-hooda-right-says-stylist-actor-pernia-qureshi/story-tOj5IJMQfx3qCh1ST9YFYI.html.
- ↑ Reddy, Sujata (2015-02-12). "We get a good night's sleep, says Pernia Qureshi". The Economic Times. https://economictimes.indiatimes.com/magazines/panache/we-get-a-good-nights-sleep-says-pernia-qureshi/articleshow/46207860.cms?from=mdr.
- ↑ Alumni Spotlight – Kilang Yanger '02 Archived 24 July 2024 at the Wayback Machine. 23 March 2021. Woodstock School.
- ↑ Kumar, Anuj (9 March 2017). "Girl on the move". The Hindu. https://www.thehindu.com/life-and-style/fashion/girl-on-the-move/article17433458.ece। আহৰণ কৰা হৈছে: 27 February 2025.
- ↑ "Pernia Qureshi and Imran Abbas Khan in Jaanisaar". Times Of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Pernia-Qureshi-and-Imran-Abbas-Khan-in-Jaanisaar/articleshow/46455835.cms। আহৰণ কৰা হৈছে: 31 March 2015.
- ↑ "Bright young thing". https://www.indiatoday.in/magazine/supplement/story/20110516-bright-young-thing-745937-2011-05-03.
- ↑ "Imran Abbas is the life of 'Jaanisaar'". Indian Express. 23 January 2015. http://indianexpress.com/article/entertainment/screen/imran-abbas-is-the-life-of-jaanisaar/। আহৰণ কৰা হৈছে: 26 Feb 2015.
- ↑ "First look of Pernia Qureshi and Imran Abbas Naqvi starrer Jaanisaar revealed!". Bollywood Life. 11 March 2015. http://www.bollywoodlife.com/news-gossip/first-look-of-pernia-qureshi-and-imran-abbas-naqvi-starrer-jaanisaar-revealed/। আহৰণ কৰা হৈছে: 31 March 2015.
- ↑ "'Jaanisaar': Check Pernia Qureshi's royal avatar". India Glitz. Archived from the original on 5 July 2015. https://web.archive.org/web/20150705082705/http://www.indiaglitz.com/jaanisaar-check-pernia-qureshis-royal-avatar-hindi-news-128149। আহৰণ কৰা হৈছে: 31 March 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত পেৰ্নিয়া কুৰেশ্বী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- পেৰ্নিয়া কুৰেশ্বী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত পেৰ্নিয়া কুৰেশ্বী
- আধিকাৰিক ৱেবছাইট