সমললৈ যাওক

পোলেন বৰকটকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পোলেন বৰকটকী
জন্ম ২০ অক্টোবৰ ১৯৪২
তিনিচুকীয়া, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়
পেচা ঔপন্যাসিক, গল্পকাৰ, অভিযন্তা
উল্লেখযোগ্য কৰ্ম এজন দধীচিৰ অন্বেষণত, শিকলি, ফগ্লু

পোলেন বৰকটকী (জন্ম: ২০ অক্টোবৰ ১৯৪২) এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ। তেওঁ সাহিত্যৰ লগতে অসম চৰকাৰৰ জলসিঞ্চন বিভাগত মুখ্য অভিযন্তা হিচাপেও কৰ্মৰত আছিল।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

পোলেন বৰকটকীৰ জন্ম ১৯৪২ চনৰ ২০ অক্টোবৰত তিনিচুকীয়াত হৈছিল। তেওঁ ১৯৫৯ চনত চামতা হাইস্কুলৰ পৰা মেট্ৰিক, ১৯৬১ চনত কটন কলেজৰ পৰা পি.ইউ. উত্তীৰ্ণ হয় আৰু ১৯৬৫ চনত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী অৰ্জনৰ পাছত তেওঁ অসম চৰকাৰৰ জলসিঞ্চন বিভাগত কৰ্মজীৱন আৰম্ভ কৰে। ২০০০ চনত বিভাগটোৰ মুখ্য অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰে।

সাহিত্যজীৱন

[সম্পাদনা কৰক]

উপন্যাস

[সম্পাদনা কৰক]
  • এজন দধীচিৰ অন্বেষণত (১৯৭৩)
  • শিকলি (১৯৮১)
  • দুঃসময়ৰ গান (১৯৯৬)
  • ফগ্লু (২০০১)

গল্পসংকলন

[সম্পাদনা কৰক]
  • মানুহৰ দান (২০০১)

তথ্য উৎস

[সম্পাদনা কৰক]
  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬