পোহন বিয়া
অসমীয়া লোকজীৱনত নাৰীৰ প্ৰথম গৰ্ভ-ধাৰণ উপলক্ষে অনুষ্ঠিত সংস্কাৰমূলক কৃত্য বিশেষেই হৈছে পোহন বিয়া বা পুংসৱন ক্ৰিয়া। পোহন বিয়াৰ উদ্দেশ্য হৈছে সন্তান লাভ। বৈদিক যুগত মুখ্যতঃ পুত্ৰ সন্তান প্ৰাপ্তিৰ কামনাৰে নৱবধূৰ ক্ষেত্ৰত এই অনুষ্ঠান আয়োজন কৰা হৈছিল। বেদত উল্লেখ আছে যে--
আ তে যোনিং গৰ্ভ এতুপুমান্ ৱান ইবেষুধিম্।
আবীৰোহত্ৰ জায়তাম পুত্ৰস্তে দশ মাসস্য॥
অৰ্থাৎ, ধনুৰে নিক্ষেপ কৰা শৰৰ দৰে তীব্ৰ গতি বিশিষ্ট পুৰুষ ভ্ৰূণ মোৰ গৰ্ভত নিক্ষেপ কৰা - যিয়ে দহমাহৰ মূৰত বীৰ পুত্ৰ সন্তান এটি জন্ম দিব পাৰে।[1]
সাধাৰণতে প্ৰথমা গৰ্ভৱতীৰ ৮ম মাহত পোহন বিয়া অনুষ্ঠিত হয়। এই অনুষ্ঠানত আয়তীসকলে নানান গীত-পদ পৰিৱেশন কৰে। এনে গীত-পদত গৰ্ভস্থ সন্তান আৰু মাতৃথৰ মংগল কামনা কৰাৰ উপৰি গৰ্ভস্থ সন্তানক শ্ৰীকৃষ্ণৰ সৈতে তুলনা কৰা হয়। এনে গীতৰ নমুনা এটি তলত উদ্ধৃত কৰা হ'ল--
দিহাঃ অমন তই ৰাম কৃষ্ণ বোল
হৰি নভজিবা মন তই
কেনে গৈলি ভোল॥
পদঃ কি অ ব্ৰহ্মায়ে প্ৰাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস।
লৈলা দৈৱকীৰ উদৰত আসি বাস॥
কি-অ গৰ্ভতে বিধাতাই স্তুতি কৰিলন্ত আসি।
দৈৱকী দেৱীক বাক্য বুলিলা আশ্বাসি।
কিন্তু হৰিবাক কংসে আক নকৰিবা ভয়।
ৰাখিলন্ত যদুবংশ তোমাৰ তনয়।
কি অ, পঞ্চ মাহে পঞ্চ দিনে শৰীৰত ধৰে।
অ দিনে দিনে মাতৃৰ গৰ্ভে শিশু বাঢ়ে॥
কি অ, দিন পক্ষ মাহ ভেদ মাতৃ গণি চায়।
জানিলাহা মাতৃ, সিটো মৰণৰ সময়॥
কিন্তু নাজানো তোমাৰ স্তুতি আমি মূঢ় মতি।
নকৰা বঞ্চিত প্ৰভু ইবাৰ সম্প্ৰতি॥...
কি অ, ভূমিতে পৰি বাচা শব্দ কোৰলি বৰ।
কি অ, মায়া ধাম পুৰী পাই হৰাইলা চেতন॥
কাটিলেহে জীয়ে গাছ নাকাটিলে মৰে।
গুৰি কাটি বৃক্ষ ডেলিত আগত পানী ঢালে।
কিন্তু গীতা-ভাগৱতৰ কথা এতি তত্ত্বসাৰ
শুনা নৰ-নাৰীসৱে কৰিয়া বিচাৰ॥[2]