পৌণ্ড্ৰক
| পৌণ্ড্ৰক বাসুদেৱ | |
|---|---|
| ভাগৱত পুৰাণৰ চৰিত্ৰ | |
| তথ্য | |
| পৰিয়াল | বসুদেৱ (পিতৃ) সুতনা (মাতৃ) |
পৌণ্ড্ৰক বাসুদেৱ মহাভাৰত আৰু ভাগৱত পুৰাণত উল্লিখিত এজন ৰজা আছিল। পুৰাণৰ মতে তেওঁ পোণ্ড্ৰ ৰাজ্যৰ ৰজা আছিল। কিছুমান সূত্ৰত উল্লেখ থকা অনুসৰি তেওঁ মগধ ৰাজ জৰাসন্ধ আৰু গান্ধাৰ ৰাজ্যৰ ৰজা শকুনি দুয়োৰে মিত্ৰ আছিল। তেওঁ কৃষ্ণৰ এজন প্ৰধান শত্ৰু আছিল। তেওঁ নিজকে বাসুদেৱ বা ঈশ্বৰ বুলি বিশ্বাস কৰি কৃষ্ণৰ অনুকৰণ কৰিছিল। পৰৱৰ্তী সময়ত যুদ্ধক্ষেত্ৰত তেওঁক কৃষ্ণই বধ কৰে। কিছুমান শাস্ত্ৰৰ মতে পৌণ্ড্ৰক কৃষ্ণৰ সদৃশ মুখাৱয়বৰ (doppelganger) আছিল। কিছুমান সূত্ৰত তেওঁক অসুৰৰ ৰজা বেনৰ অৱতাৰ বুলিও গণ্য কৰা হয়। তেওঁক কাশীৰাজ (কাশীৰ ৰজা) বুলিও উল্লেখ কৰা হৈছে।
ভগবান বুলি ঘোষণা
[সম্পাদনা কৰক]শ্ৰীমদ্ভাগৱতৰ কিছুমান সংস্কৰণ অনুসৰি পৌণ্ড্ৰক বসুদেৱ আৰু কাশীৰ ৰাজকুমাৰী সুতনা/সুতনুৰ পুত্ৰ আছিল। বসুদেৱৰ পুত্ৰ হোৱা বাবে তেওঁৰ নাম বাসুদেৱ। তেওঁৰ মাতৃৰফালৰ ককাকৰ কোনো পুত্ৰ নাছিল বাবে তেওঁ কাশীৰ ৰজা হৈছিল।[1] মহাৰাজ কংসই বসুদেৱক বন্দী কৰি থৈছিল বাবে পৌণ্ড্ৰকৰ শৈশৱ কাল পিতৃ অবিহনেই পাৰ হৈছিল।[2] পৌণ্ড্ৰকে কেইবাজনো ৰজাৰপৰা কৰ সংগ্ৰহ কৰিছিল।[3] তেওঁৰ মিত্ৰসকলে তেওঁক প্ৰৰোচনামূলকভাৱে ঈশ্বৰ বুলি প্ৰশংসা কৰা কথাত তেওঁ মূৰ্খৰ দৰে বিশ্বাস কৰিছিল। দ্বাৰকাত বলোৰামৰ অনুপস্থিতিৰ সময়ত পৌণ্ড্ৰকে কৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰি কৈছিল যে গৰুড়ৰ পতাকাকে আদি কৰি কৃষ্ণই ব্যৱহাৰ কৰা সকলোবোৰ ঐশ্বৰীক প্ৰতীকৰ প্ৰকৃততে তেওঁহে অধিকাৰী। কৃষ্ণ নহয় তেওঁহে প্ৰকৃত বাসুদেৱ (ঈশ্বৰ) আৰু পৰম পুৰুষ বুলি ঘোষণা কৰে আৰু তেওঁ কৃষ্ণক “তেওঁৰ” পৰিচয় ব্যৱহাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত কৃষ্ণই পৌণ্ড্ৰকৰ সৈতে যুদ্ধ কৰি তেওঁক বধ কৰে।
মৃত্যু
[সম্পাদনা কৰক]শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ ৬৬ নং অধ্যায় অনুসৰি পৌণ্ড্ৰকে যেতিয়া নিজকে ঈশ্বৰ বুলি দ্বাৰকালৈ বাৰ্তা প্ৰেৰণ কৰিছিল, তেতিয়া কৃষ্ণই তেওঁৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।[3] ঈশ্বৰ হিচাপে তেওঁৰ মিছা অভিনয়ৰ দাবী এৰি দিবলৈ বহু সতৰ্কবাণী দিয়াৰ পিছতো পৌণ্ড্ৰকে তেওঁৰ ৰথখন গৰুড়ৰ পতাকাৰ সৈতে কৃষ্ণৰ দৰেই সজায় লৈছিল। যুদ্ধত যেতিয়া বাসুদেৱ কৃষ্ণই পৌণ্ড্ৰকক সুদৰ্শন চক্ৰৰে শিৰশ্ছেদ কৰি বধ কৰে তেতিয়া কাশীৰাজৰ পুত্ৰ সুদক্ষিণে দ্বাৰকা ৰাজ্যক ধ্বংস কৰিবলৈ কিছুমান দুৰ্নীতিগ্ৰস্ত পুৰোহিতৰ সহায়ত ক’লা যাদু ব্যৱহাৰ কৰি এক দুষ্ট আসুৰিক আত্মাৰ সৃষ্টি কৰিছিল। শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰই সমগ্ৰ কাশী জুই লগাই দিয়ে। সমগ্ৰ ৰাজ্যৰ লগতে সুদক্ষিণ আৰু তেওঁৰ পুৰোহিতসকলো এই অগ্নিৰ কৱলত জ্বলি ছাই হৈ যায়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Vijaya-dhvaja's Bhagavata Purana, Chapter 69
- ↑ Bhagavata Purana Skandha X Chapter 66, Motilal Bansaridass Publishers Book 4 Appendix (66A) pages 1884- 1885, additional verses in Vijaya-dhvaja's Bhagavata Purana, Chapter 69
- ↑ 3.0 3.1 "Srimad Bhagavatam: Canto 10 Chapter 66-". bhagavata.org. http://bhagavata.org/canto10/chapter66.html। আহৰণ কৰা হৈছে: 2020-08-05.