সমললৈ যাওক

পৌলমী ঘটক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৌলমী ঘটক

২০১০ চনত পৌলমী ঘটক
ব্যক্তিগত তথ্যাৱলী
জন্ম ৩ জানুৱাৰী, ১৯৮৩ (৪৩ বছৰ)
কলকাতা, পশ্চিম বংগ

পৌলমী ঘটক (ইংৰাজী: Poulomi Ghatak; জন্ম: ৩ জানুৱাৰী ১৯৮৩) ভাৰতপশ্চিম বংগৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। তেওঁ তিনিবাৰ জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ (১৯৯৬, ১৯৯৮ আৰু ১৯৯৯) জয় কৰাৰ লগতে ১৯৯৮ চনৰপৰা ২০১৬ চনৰ ভিতৰত সাতবাৰকৈ চিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত বিজয়ী হৈছিল।

১৯৯৮ চনত তেওঁ চিনিয়ৰ আৰু জুনিয়ৰ দুয়োখন ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতে জয়লাভ কৰিছিল। পৌলমীয়ে ২০০৬ চনত মেলবৰ্ণত অনুষ্ঠিত কমনৱেলথ গেমচ আৰু ২০০০ চনৰপৰা ২০০৮ চনৰ ভিতৰত কমনৱেলথ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৬ বছৰ বয়সতে তেওঁ ছিডনী অলিম্পিকত খেলিছিল। ইয়াৰ উপৰি তেওঁ ২০০৭ চনৰ ইণ্ডিয়ান অপেনৰ ফাইনেলতো খেলিছিল। তেওঁ ১৯৯২ চনত খেলিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছৰপৰা সফলতাৰ জখলাৰে আগবাঢ়ি গৈছিল।

ভাৰতীয় টেবুল টেনিছ ফেডাৰেচনৰ ২০১৮ চনৰ ৰেংকিং অনুসৰি ভাৰতৰ মহিলা খেলুৱৈসকলৰ ভিতৰত পৌলমীৰ স্থান ২২ নম্বৰত আছিল।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৮৩ চনৰ ৩ জানুৱাৰীত ভাৰতপশ্চিম বংগকলকাতাত পৌলমী ঘটকৰ জন্ম হৈছিল।[2] তেওঁ সুভাষ চন্দ্ৰ ঘটকৰ কন্যা, যিয়ে তেওঁৰ সমগ্ৰ জীৱনত অহৰহ সহায়-সহযোগিতা আগবঢ়াই আহিছে।[2] টেবুল টেনিছ খেলাৰ উপৰি তেওঁৰ ছবি অঁকাৰ প্ৰতিও ধাউতি আছে। ৯ বছৰ বয়সতে তেওঁ টেবুল টেনিছ কেৰিয়াৰ আৰম্ভ কৰিছিল।

পৌলমীয়ে নৱ নালন্দা হাইস্কুলত অধ্যয়ন কৰিছিল আৰু পৰৱৰ্তী সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যোগমায়া দেৱী মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।[3] ২০১০ চনৰ কমনৱেলথ গেমচৰ ঠিক পিছতেই তেওঁ পেছাদাৰী টেবুল টেনিছ খেলুৱৈ সৌম্যদীপ ৰয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

তেওঁ ১৯৯২ চনত ন বছৰ বয়সত নিজৰ টেবুল টেনিছ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ নিয়মীয়াকৈ টালিগঞ্জ বৈশাখী সংঘত অনুশীলন কৰিছিল।[2] ১৬ বছৰ বয়সতে তেওঁ অলিম্পিক গেমচত অংশগ্ৰহণ কৰিছিল।[5] তেওঁ শৰত কমল আৰু অংকিতা দাসৰ সৈতে বিভিন্ন মেচ খেলিছিল। মহিলা চিনিয়ৰ টেবুল টেনিছ খেলুৱৈৰ ভিতৰত তেওঁ শীৰ্ষ ২গৰাকীৰ ভিতৰত আছিল।

তেওঁ কোৰিয়াত অনুষ্ঠিত এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপ; ৰাছিয়া অ’পেন; জাপানৰ টয়োটা কাপ; জাৰ্মান আৰু পলিচ অ’পেন; ২০০৬ চনত দোহাত অনুষ্ঠিত ১৫তম এছিয়ান গেমচ আৰু চিলি অ’পেনত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ২০০৭ চনত তেওঁ ক্ৰোৱেছিয়াত অনুষ্ঠিত বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপ; ভিয়েটনামৰ গোল্ডেন ৰেকেট চেম্পিয়নশ্বিপ আৰু ইণ্ডোনেচিয়াৰ আন্তঃৰাষ্ট্ৰীয় অ’পেন টুৰ্ণামেণ্টত খেলিছিল। একে বছৰতে তেওঁ অষ্ট্ৰিয়া, ফ্ৰান্স আৰু জাৰ্মান অ’পেনতো দেশক প্ৰতিনিধিত্ব কৰিছিল।[2] তেওঁ ২০১০ চনৰ কমনৱেলথ গেমচত ৰূপৰ পদক বিজয়ী আছিল।[6] তেওঁ ২০১২ চনৰ এছিয়ান গেমচৰ টেবুল টেনিছৰ কোৱাৰ্টাৰ ফাইনেলতো উপনীত হৈছিল।[7] লগতে তেওঁ ২০১২ চনৰ অলিম্পিকৰ বাবেও এগৰাকী সম্ভাৱ্য খেলুৱৈ আছিল।

শেহতীয়াকৈ, ২০১৪ চনত তেওঁ এছিয়ান গেমচত অংকিতা দাসৰ সৈতে পাকিস্তানৰ বিৰুদ্ধে খেলি জয়লাভ কৰিছিল।[8] একেটা অনুষ্ঠানতে তেওঁ শৰত কমলৰ সৈতে মিশ্ৰিত ডাবলছ খেলিছিল যদিও সফলতা লাভ কৰিব নোৱাৰিলে। তেওঁৰ প্ৰতিভাৰ বাবে লাভ কৰা কৃতিত্ব অপৰিসীম।[8] ১৯৯৮-২০০৭ চনৰ ভিতৰত তেওঁৰ নামত তিনিটা জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰু পাঁচটা চিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আছে।

বৰ্তমান পৌলমীয়ে ভাৰত পেট্ৰলিয়ামৰ ক্ৰীড়া বিভাগৰ সহকাৰী পৰিচালক হিচাপে কৰ্মৰত; তেওঁ পি.এচ.পি.বি.-ক প্ৰতিনিধিত্ব কৰে।[9][10]

সাফল্য আৰু সন্মান

[সম্পাদনা কৰক]
  • কমনৱেলথ গেমচ ২০০৬ (ব্ৰঞ্জ)
  • মহিলা দলীয়, চাফ গেমচ (SAF Games), ২০০৬ (সোণ)
  • মহিলা ডাবলছ, চাফ গেমচ, ২০০৬ (সোণ)
  • মহিলা ডাবলছ, ইউ.এচ. অ’পেন, ২০০৬ (ৰূপ)
  • কমনৱেলথ চেম্পিয়নশ্বিপ, ২০০৭ (ব্ৰঞ্জ)
  • ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, ২০০৫ (ব্ৰঞ্জ)
  • ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, ২০০৬ (সোণ)
  • মহিলা একক, ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, ২০০৬ (ৰূপ)
  • ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, ২০০৭ (সোণ)
  • মহিলা একক, ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, ২০০৭ (সোণ)
  • কমনৱেলথ গেমচ ২০১০ (ৰূপ)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Table Tennis Federation of India 2018 Ranking". Table Tennis Federation of India. 8 August 2018. Archived from the original on 7 December 2022. https://web.archive.org/web/20221207002549/http://ttfi.org/app/webroot/pdf/Ranking2018/Men_AAI_2018.pdf আহৰণ কৰা হৈছে: 27 August 2018.
  2. 1 2 3 4 "Poulomi Ghatak". veethi.com. http://www.veethi.com/india-people/poulomi_ghatak-profile-981-15.htm আহৰণ কৰা হৈছে: 2017-05-13.
  3. History of the College
  4. "From TT court to grand courtship". The Telegraph. https://www.telegraphindia.com/1140111/jsp/bihar/story_17774287.jsp.
  5. "Poulomi Ghatak". Olympedia. https://www.olympedia.org/athletes/93983 আহৰণ কৰা হৈছে: 18 July 2020.
  6. "Sharath Kamal, Ghatak among Olympic Table Tennis probables". Jagran Post. Archived from the original on 2019-03-27. https://web.archive.org/web/20190327085703/http://post.jagran.com/sharath-kamal-ghatak-among-olympic-table-tennis-probables-1328326511.
  7. "Poulomi leads India into Asian TT quarterfinals". Jagran Post. Archived from the original on 2019-03-27. https://web.archive.org/web/20190327085700/http://post.jagran.com/poulomi-leads-india-into-asian-tt-quarterfinals-1330079847.
  8. 1 2 "Mixed day for Indian Paddlers at Asian Games" (en-US ভাষাত). Firstpost. 2014-09-29. http://www.firstpost.com/sports/mixed-day-for-indian-paddlers-at-asian-games-1734991.html.
  9. "The Telegraph - Calcutta (Kolkata) | Entertainment | MIXED DOUBLES". www.telegraphindia.com. https://www.telegraphindia.com/1090910/jsp/entertainment/story_11472728.jsp আহৰণ কৰা হৈছে: 2018-08-27.
  10. "TTFI Players". ttfi.org. Archived from the original on 2018-08-27. https://web.archive.org/web/20180827142608/http://ttfi.org/players/index/poulomi/All/All/Search আহৰণ কৰা হৈছে: 2018-08-27.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]