সমললৈ যাওক

পৌষপাৰ্বণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পৌষপাৰ্বণ বা পিঠেপাৰ্বণ হʼল পশ্চিমবংগ আৰু বাংলাদেশত পালিত এটি হিন্দু লোক-উৎসৱ।[1] পুহ মাহৰ সংক্ৰান্তিত এই উৎসৱ পালন কৰা হয়। এইদিনাখন হিন্দুসকলে পিঠা (বঙালী: পিঠে) প্ৰস্তুত কৰি দেৱতাৰ উদ্দেশ্যে নিবেদন কৰে।

প্ৰাচীন কালৰপৰাই দেৱতাৰ পূজাত পিঠাৰ অৰ্ঘ্য প্ৰদানৰ ৰীতি চলি আহিছে। মধ্যযুগত ধৰ্মপূজাত মদ্যমাংসৰ লগত পিঠা নৈৱেদ্যও আগবঢ়োৱা হৈছিল। অৱশ্যে, দেৱতাৰ পূজাত নিবেদনৰ বাবে বছৰৰ বিভিন্ন সময়ত বিভিন্নপ্ৰকাৰৰ পিঠা প্ৰস্তুত কৰাৰ বিধান আছে। কিন্তু গ্ৰীষ্মকালত পিঠা-পনা বৰ ৰুচিকৰ নহয় বাবে, বৰ্ষা বা শীতকালতেই এই জাতীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। বছৰৰ বিভিন্ন সময়ত অনুষ্ঠিত পিঠা-পৰ্বৰ ভিতৰত পৌষ সংক্ৰান্তিৰ পৌষপাৰ্বণেই সৰ্বাধিক প্ৰসিদ্ধ। এই দিনটো হিন্দু পঞ্জিকাত ‘মকৰ সংক্ৰান্তি’ বা ‘উত্তৰায়ণ সংক্ৰান্তি’ নামেৰেও পৰিচিত। প্ৰাচীন হিন্দুসকলে এই দিনটোত পিতৃপুৰুষ অথবা বাস্তুদেৱতাৰ উদ্দেশ্যে তিল নতুবা খেজুৰীৰ গুৰেৰে প্ৰস্তুত কৰা তিলুৱা আৰু নতুন ধান-চাউলৰপৰা প্ৰস্তুত কৰা পিঠাৰ অৰ্ঘ্য প্ৰদান কৰিছিল। এইবাবেই পৌষ সংক্ৰান্তিৰ আন এটি নাম তিলুলা সংক্ৰান্তি বা পিঠে সংক্ৰান্তি। এই প্ৰাচীন উৎসৱৰ আন এটি ৰূপ অদ্যাবধি পিঠেপাৰ্বণৰ ৰূপত বাঙালী হিন্দু সমাজত প্ৰচলিত।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  • বাংলাৰ লোকসংস্কৃতিৰ বিশ্বকোষ, ড° দুলাল চৌধুৰী সম্পাদিত, আকাদেমি অফ ফোকলোৰ, কলকাতা, ২০০৪, পৃ. ৩২০