সমললৈ যাওক

প্ৰকৃতি কক্কৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰকৃতি কক্কৰ এগৰাকী ভাৰতীয় গায়িকা। নতুন দিল্লীত জন্মগ্ৰহণ কৰা কক্কৰৰ কেৰিয়াৰ ২০১২ চনৰ বলীউড ছবি তুতিয়া দিলৰ টাইটেল গীত গোৱাৰ পৰা আৰম্ভ হৈছিল । ইয়াৰ পিছত ২০১৩ চনত মুক্তি পোৱা ছবিৰ বাবে কিছু ট্ৰেকত কণ্ঠদান কৰে, বেছিভাগেই বেকিং ভোকেলছ দিছিল। ইয়াৰ পিছত তেওঁ অংকিত তিৱাৰীৰ সহযোগত এল'নৰ "কতৰা কতৰা" আৰু খামোছিয়াঁৰ "ভীগ লুঁ" গীত মুকলি কৰে।[1] যমজ ভগ্নী সুকৃতি কক্কৰ সৈতে তেওঁ "সুধৰ যা", "মাফিয়াঁ", "কেহদী হা কেহদী না", "হম তুম", "সোনা লগদা", আৰু "মজনু"কে ধৰি স্বতন্ত্ৰ মিউজিক ভিডিঅ' মুকলি কৰে।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৯৫ চনৰ ৮ মে'ত ভাৰতৰ নতুন দিল্লীত প্ৰকৃতি কক্কৰে জন্মগ্ৰহণ কৰিছিল।[3] দেউতাকৰ বাহিৰে বায়েক আকৃতি আৰু যমজ ভগ্নী সুকৃতি, পৰিয়ালৰ সকলোৱে গান গায়। সংগীত শিক্ষয়িত্ৰী মাকৰ পৰা সংগীত শিকিবলৈ আৰম্ভ কৰিছিল। সংগীতৰ প্ৰতি তেওঁৰ আগ্ৰহৰ বাবে মাকে তেওঁক পেছাদাৰীভাৱে প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয়। কক্কৰে সাত বছৰ বয়সতে শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লয় আৰু কীবৰ্ড আৰু পশ্চিমীয়া সংগীত বজাবলৈ আৰম্ভ কৰে। যিহেতু তেওঁৰ বায়েক আকৃতি কক্কৰে বলীউডত গান গাব বিচাৰিছিল, সেয়েহে তেওঁ দেউতাকৰ সৈতে মুম্বাইলৈ গুচি যায় আৰু পিছত প্ৰকৃতি আৰু পৰিয়ালৰ বাকীসকলে তেওঁলোকৰ লগত সংগ দিয়ে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]