প্ৰকৃতি শ্ৰেষ্ঠ
| প্ৰকৃতি শ্ৰেষ্ঠ | |
|---|---|
| স্থানীয় নাম | प्रकृति श्रेष्ठ |
| জন্ম | ১০ ছেপ্টেম্বৰ, ১৯৯২ (৩৩ বছৰ) দোলাখা, নেপাল |
| ৰাষ্ট্ৰীয়তা | নেপালী |
| পেচা | মডেল, অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১২–বৰ্তমান |
| 'Modeling information' | |
| Height | ১.৬০ মিটাৰ (U=ft}}) |
| Hair color | ক'লা |
প্ৰকৃতি শ্ৰেষ্ঠ (प्रकृति श्रेष्ठ; জন্ম ১০ ছেপ্টেম্বৰ, ১৯৯২) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰথমবাৰৰ বাবে ইউ আৰ ষ্টাইল টিভিৰ সংগীত ভিডিঅ’ আইডিয়া হানি বানি-ত মডেল হিচাপে আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ নেপালী চলচ্চিত্ৰ উদ্যোগত হোষ্টেল চলচ্চিত্ৰৰ জৰিয়তে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]প্ৰকৃতি শ্ৰেষ্ঠৰ জন্ম নেপালৰ ডোলাখা জিলা। পিছত তেওঁ সূৰ্যবিনায়ক, ভক্তপুৰলৈ স্থানান্তৰিত হয়। তেওঁ ভক্তপুৰৰ মডাৰ্ণ কলেজ অৱ মেনেজমেণ্টত অধ্যয়ন কৰিছিল, য’ত তেওঁ "মিছ মডাৰ্ণ" উপাধি লাভ কৰিছিল।
কৰিয়াৰ
[সম্পাদনা কৰক]প্ৰকৃতি শ্ৰেষ্ঠই মেগা মডেলৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ প্ৰথম ৰাণাৰ আপ স্থান লাভ কৰিছিল।[2]
তেওঁ তাৰ পিছত ইভ’ক মেগাজিন, ফেশ্বন ৰানৱে, কালাৰ্ছ মোবাইল আদি বিভিন্ন স্থানত মডেল হিচাপে কাম কৰিছিল। তেওঁ কো হোলা ত্যো সংগীত ভিডিঅ’যোগে আত্মপ্ৰকাশ কৰিছিল, যি জনপ্ৰিয় হৈছিল। তাৰ পিছতে আইডিয়া হানি বানি ভিডিঅ’ৰ জৰিয়তে তেওঁ নেপালৰ বাহিৰত, বিশেষকৈ ভাৰততো পৰিচিতি লাভ কৰে।
তেওঁ প্ৰথম ছবিখন হোষ্টেল-ত অন্মল কে.চি.ৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ "শ্ৰেষ্ঠ নবাগত অভিনেত্ৰী" বঁটা লাভ কৰিছিল।[3]
চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বছৰ | শিৰোনাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০১৩ | হোষ্টেল | শ্ৰীষ্টি | মুখ্য চৰিত্ৰ/আত্মপ্ৰকাশ চলচ্চিত্ৰ |
| ২০১৪ | শুভাৰম্ভ | চুটি চলচ্চিত্ৰ | |
| উৎসৱ | মুখ্য চৰিত্ৰ[4] | ||
| ২০১৫ | জিন্দাগী ৰক্স | ৰবিনা | সহায়ক চৰিত্ৰ |
| ২০১৫ | আৱাস | সহায়ক চৰিত্ৰ | |
| ২০২৩ | বিএ পাছ |
সংগীত ভিডিঅ’
[সম্পাদনা কৰক]| বছৰ | গান শিৰোনাম | শিল্পী | টোকা |
|---|---|---|---|
| ২০১২ | কো হোলা ত্যো | সুনিল গিৰি | আত্মপ্ৰকাশ সংগীত ভিডিঅ’ |
| হানি বানি | |||
| ২০১৩ | পূৰ্ণিমাৰ জোন | টেকেন দাহাল | |
| মায়া গৰ্ছু | সন্তোষ লামা | ||
| ২০১৪ | ফুল বাৰিকো ফুল | সন্তোষ লামা | |
| এই সংসাৰত | আজিশ বিস্তা | ||
| জুনি লাই | ডি এ প্ৰ’ | প্ৰকৃতিৰ স্বামীৰ সৈতে | |
| আই লাভ ইউ | কমল ছেত্ৰী | ||
| পুনৰ্জন্ম | টেকেন দাহাল | ||
| ফিদা | জন্ম ৰাই | ||
| সনসনি | বিজয় তিমলছিনা |
বঁটা
[সম্পাদনা কৰক]| বছৰ | বঁটা | শাখা | মনোনীত কৰ্ম | ফলাফল |
|---|---|---|---|---|
| ২০১৩ | কামনা ফিল্ম বঁটা | শ্ৰেষ্ঠ নবাগত অভিনেত্ৰী | হোষ্টেল | বিজয়ী[3] |
| ২০১৪ | ৰাষ্ট্ৰীয় বক্স অফিছ বঁটা २०७১ | শ্ৰেষ্ঠ নবাগত অভিনেত্ৰী | হোষ্টেল | বিজয়ী[5] |
| NEFTA Film Awards | শ্ৰেষ্ঠ নবাগত অভিনেত্ৰী | হোষ্টেল | মনোনীত [6] |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Prakriti Shrestha biography". nfilmreviews.com. Archived from the original on 2017-07-28. https://web.archive.org/web/20170728115109/http://nfilmreviews.com/biography/prakriti-shrestha/। আহৰণ কৰা হৈছে: 2025-03-16.
- ↑ "Nepal picks its Mega model in rashmita, Himalayan times". wetlandnepal.org. Archived from the original on 2014-01-26. https://web.archive.org/web/20140126104819/http://wetlandnepal.org/nepal-news/nepal-picks-its-mega-model-in-rashmita-himalayan-times/। আহৰণ কৰা হৈছে: 2025-03-16.
- ↑ 3.0 3.1 "Keki, benisha and Prakriti win kamana film awards". Nepali actress.com. 2014-12-02. http://nepaliactress.com/keki-benisha-amd-prakriti-win-kamana-film-awards/.
- ↑ "Nepali movie Utsav". nepalifilm.net. 2014-09-15. http://www.nepalifilm.net/2014/09/15/nepali-movie-utsav-2014/.
- ↑ "Rhythm bagged BO film award". Xnepali.net. 2014-06-14. http://xnepali.net/movies/rhythm-bagged-bo-film-award-2071-rekha-thapa-and-jiwan-luitel-best-actors/.
- ↑ "NEFTA award to be held in hongkong nomination list announced". Xnepali.net. http://xnepali.net/movies/nefta-award-to-be-held-in-hong-kong-nomination-announced-nomination-list/.