সমললৈ যাওক

প্ৰজেক্ট নন্‌হী কলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(প্ৰজেক্ট নানহী কলীৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰজেক্ট নানহী কলী হৈছে এক ভাৰতীয় বেচৰকাৰী সংস্থা যিয়ে ভাৰতবৰ্ষৰ দৰিদ্ৰ কিশোৰী সকলৰ বাবে শিক্ষাৰ অধিকাৰ আৰু অগ্ৰগতিত সমৰ্থন কৰে।[1][2]

১৯৯৬ চনত আনন্দ মহিন্দ্ৰাই এই প্ৰজেক্ট নানহী কলী প্ৰতিষ্ঠা কৰে, এই প্ৰকল্প নন্দী ফাউণ্ডেচন আৰু কে চি মহিন্দ্ৰা এডুকেশ্বন ট্ৰাষ্টৰ দ্বাৰা যুটীয়াভাৱে পৰিচালনা কৰা হয়, যি মহিন্দ্ৰা গোটৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা কাৰ্যকলাপৰ এক অংশ।[3]

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

প্ৰজেক্ট নানহী কলীয়ে ছোৱালী আৰু মহিলাসকলক শিক্ষিত কৰি দীৰ্ঘম্যাদীভাৱে ভাৰতক ইতিবাচকভাৱে প্ৰভাৱিত কৰাৰ উপায় হিচাপে লৈছে। অলাভজনক সংগঠনটোৰ সভাপতি শীতল মেহতাই ডেইলী নিউজ এণ্ড এনালাইচিছক এক সাক্ষাৎকাৰত কয় যে "আমি দেশৰ যুৱতীসকলৰ দুৰ্দশাৰ বিষয়ে বিশ্বব্যাপী সজাগতা সৃষ্টি কৰিব বিচাৰিছিলো যিসকলক তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।"[4]

নানহী কলীৰ বাবে নিৰ্বাচিত শিক্ষাৰ্থীসকলে বিত্তীয় আৰু শৈক্ষিক দুয়োধৰণৰ সমৰ্থন লাভ কৰে। তেওঁলোকক বিশেষভাৱে গণিত, বিজ্ঞান আৰু ভাষা সাহিত্য আদি শিকোৱা হয়। নানহী কলী তেওঁলোকৰ শিক্ষাৰ গোপন ব্যয়, যাৰ ভিতৰত আছে পেঞ্চিল, টোকাবহী, স্কুল বেগ, ইউনিফৰ্ম, কাপোৰ আৰু জোতা আদিও এই প্ৰকল্পৰে অন্তৰ্গত।[3] এই প্ৰকল্পলৈ আগবঢ়োৱা পুঁজি ব্যক্তিগত আৰু কৰ্পৰেট দাতাৰ পৰা গ্ৰহণ কৰা হয়, যিয়ে বিশেষ এগৰাকী নিৰ্দিষ্ট মেধাৱী কিশোৰীক পৃষ্ঠপোষকতা কৰে আৰু বিদ্যালয়ত তেওঁৰ অগ্ৰগতিৰ বিষয়ে নিয়মীয়াকৈ আপডেট লাভ কৰা হয়। পৃষ্ঠপোষকসকলে এজন শিক্ষাৰ্থীৰ বাবে নিৰ্দিষ্ট সামগ্ৰী ক্ৰয় কৰিবলৈ অনলাইন "গিফ্ট ষ্টোৰ"লৈও যাব পাৰে।[5] মহিন্দ্ৰা গ্ৰুপে প্ৰকল্প নানহী কলীৰ জৰিয়তে ২২,০০০ গৰাকী কন্যা শিশুৰ শিক্ষাৰ পৃষ্ঠপোষকতা কৰে।[6]

তৃতীয় পক্ষৰ মূল্যায়নে দেখুৱায় যে নানহী কলীয়ে ছোৱালীবোৰৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱিত কৰিছে। এক বছৰৰ ভিতৰত, নানহী কলীৰ শিক্ষাৰ্থীসকলৰ শিক্ষণৰ উন্নত ফলাফল ছত্তীশগড়ত ৪৯ শতাংশৰ পৰা মুম্বাইত ৭৮ শতাংশলৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Waldie, Paul (2011-02-18). "A school trip turns into a fundraising drive". The Globe and Mail. Archived from the original on 2012-10-24. https://web.archive.org/web/20121024093641/http://www.theglobeandmail.com/report-on-business/managing/giving-back/a-school-trip-turns-into-a-fundraising-drive/article1913652/ আহৰণ কৰা হৈছে: 2011-02-19.
  2. "Adlabs Cinemas roots for girl child education via CSR initiative". BusinessofCinema.com. 2008-09-13. Archived from the original on 2011-07-08. https://web.archive.org/web/20110708105117/http://www.businessofcinema.com/news.php?newsid=9894 আহৰণ কৰা হৈছে: 2011-02-19.
  3. 1 2 3 "About Nanhi Kali". NanhiKali.org. 2007. Archived from the original on 2011-07-27. https://web.archive.org/web/20110727110152/http://www.nanhikali.org/nanhikali/about_nanhi_kali.aspx আহৰণ কৰা হৈছে: 2011-02-18.
  4. Lobo, Joanna (2010-06-22). "Donate if you want this film to take the next step". Daily News and Analysis. Archived from the original on 2010-07-28. https://web.archive.org/web/20100728211938/http://www.dnaindia.com/lifestyle/report_donate-if-you-want-this-film-to-take-the-next-step_1399610 আহৰণ কৰা হৈছে: 2011-02-19.
  5. "Nanhi Kali Organization Helps Girls Get an Education in India with 'A Girl Store'". Huffington Post. 2011-01-28. Archived from the original on 2011-01-31. https://web.archive.org/web/20110131195522/http://www.huffingtonpost.com/2011/01/28/nanhi-kali-organization-h_n_815191.html আহৰণ কৰা হৈছে: 2011-02-18.
  6. "Project Nanhi Kali". mahindra.com. 2011. Archived from the original on 2011-07-14. https://web.archive.org/web/20110714021820/http://mahindra.com/mahindra/how-we-help.page?cname=how-we-help&dname=Education&scat=Nanhi-Kali আহৰণ কৰা হৈছে: 2011-02-18.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]