সমললৈ যাওক

প্ৰজ্ঞা জয়ছোৱাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰজ্ঞা জয়ছোৱাল

২০২৫ চনৰ ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰজ্ঞা জয়ছোৱাল
জন্ম ১২ জানুৱাৰী, ১৯৯৩ (৩৩ বছৰ)
জবলপুৰ, মধ্যপ্ৰদেশ, ভাৰত
শিক্ষানুষ্ঠান চিম্বায়’ছিছ ল স্কুল
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৪–বৰ্তমান

প্ৰজ্ঞা জয়ছোৱাল (ইংৰাজী: Pragya Jaiswal; জন্ম: ১২ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ এটা ফিল্মফেয়াৰ বঁটা আৰু এটা দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।[1]

জয়ছোৱালে ২০১৪ চনত তামিল ভাষাৰ চলচ্চিত্ৰ বিৰাট্টুৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। তেওঁ তেলেগু পিৰিয়ড ড্ৰামা কাঞ্চে (২০১৫)ৰ জৰিয়তে বিশেষ সফলতা লাভ কৰে, যাৰ বাবে তেওঁক শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (দক্ষিণ) প্ৰদান কৰা হয়।[2][3] জয়ছোৱালে টিটু এম.বি.এ ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ নক্ষত্ৰম (২০১৭), আচাৰী আমেৰিকা যাত্ৰা (২০১৮) আৰু অখণ্ড (২০২১)ৰ দৰে ছবিত অভিনয় কৰে, যিখন তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জয়ছোৱালৰ জন্ম হৈছিল ১৯৯৩ চনৰ ১২ জানুৱাৰীত[4] ভাৰতৰ মধ্যপ্ৰদেশৰ জবলপুৰত। প্ৰজ্ঞা জয়ছোৱালে পুনেৰ চিম্বায়’ছিছ ল স্কুলৰপৰা শিক্ষা সম্পূৰ্ণ কৰিছিল।[5][6] চিম্বায়’ছিছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ বিভিন্ন সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু মডেল হিচাপে কাম কৰিছিল। ২০১৪ চনত তেওঁ কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 'চিম্বায়’ছিছ সাংস্কৃতিক পুৰস্কাৰ' লাভ কৰে।[7]

কৰ্মজীৱন

[সম্পাদনা কৰক]

জয়ছোৱালে ২০১৪ চনত তামিল চলচ্চিত্ৰ বিৰাট্টুৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।[8] একে বছৰতে তেওঁ নিশান্ত দাহিয়াৰ বিপৰীতে টিটু এম.বি.এ ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।[9]

২০১৫ চনত জয়ছোৱালে অভিজিতৰ বিপৰীতে মিৰ্চি লাণ্টি কুৰ্ৰাডুৰ জৰিয়তে তেলেগু চলচ্চিত্ৰত খোজ পেলায়।[উদ্ধৃতিৰ প্ৰয়োজন] বৰুণ তেজৰ বিপৰীতে এগৰাকী ৰাজকুমাৰীৰ চৰিত্ৰত অভিনয় কৰা কাঞ্চে ছবিখনে তেওঁৰ কৰ্মজীৱনত এক মোৰ সলায়। ছবিখন ব্যাৱসায়িকভাৱে সফল হিচাপে পৰিগণিত হয়।[10][11][12] ডেক্কান ক্ৰনিকলৰ সুৰেশ কবিৰায়নীয়ে উল্লেখ কৰিছিল যে, "প্ৰজ্ঞাক দেখিবলৈ ধুনীয়া আৰু তেওঁক ৰাজকুমাৰীৰ চৰিত্ৰটোত সম্পূৰ্ণ খাপ খাই পৰিছে।" [13]

কাঞ্চেৰ সফলতাৰ পিছত ২০১৭ চনত তেওঁৰ চাৰিখন ছবি মুক্তি পায়। তেওঁ প্ৰথমে ঔঁ নমো ভেংকটেশায়ত অভিনয় কৰে, যিখন বক্স অফিচত বিফল হয়।[14] মঞ্চু মনোজৰ বিপৰীতে তেওঁৰ পৰৱৰ্তী ছবি গুণ্টুৰোডুও বক্স অফিচত বিফল হয়।[15] ইয়াৰ পিছত জয়ছোৱালে নক্ষত্ৰম ছবিত এগৰাকী আই.পি.এছ বিষয়াৰ চৰিত্ৰত অভিনয় কৰে।[16] দ্য টাইমছ অৱ ইণ্ডিয়াৰ শ্ৰীধৰ আদিভিয়ে মন্তব্য কৰিছিল যে তেওঁৰ চৰিত্ৰটোত "গ্লেমাৰ আৰু গুৰুত্ব" দুয়োটাই আছিল।[17] বছৰটোৰ শেষৰখন ছবি জয়া জানকী নায়কত তেওঁক এক বিশেষ চৰিত্ৰত দেখা গৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ২০১৮ চনত তেওঁ বিষ্ণু মঞ্চুৰ বিপৰীতে আচাৰী আমেৰিকা যাত্ৰাত অভিনয় কৰে, যিখন বক্স অফিচত মধ্যমীয়া আছিল।[18]

তিনিবছৰীয়া বিৰতিৰ অন্তত জয়ছোৱালে নন্দমুৰী বালকৃষ্ণৰ বিপৰীতে অখণ্ডত এগৰাকী আই.এ.এছ বিষয়াৰ চৰিত্ৰত অভিনয় কৰে।[19] ছবিখন ব্যাৱসায়িকভাৱে সফল হয় আৰু ২০২১ চনৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী তেলেগু চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।[20] ফাৰ্ষ্টপোষ্ট-এ উল্লেখ কৰিছিল যে, "শাৰণ্যৰ চৰিত্ৰটো আপেক্ষিকভাৱে ভালদৰে লিখা হৈছিল আৰু প্ৰজ্ঞাই ইয়াক সুন্দৰকৈ ফুটাই তুলিছিল।" [21]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Pragya Jaiswal interview". FHM India. Archived from the original on 17 June 2015. https://web.archive.org/web/20150617040659/http://fhmindia.com/upgrade-girlfriend-pragya-jaiswal/ আহৰণ কৰা হৈছে: 16 June 2015.
  2. Kavirayani, Suresh (12 September 2015). "I was scared to slap Varun: Pragya Jaiswal". Deccan Chronicle. https://www.deccanchronicle.com/150911/entertainment-tollywood/article/i-was-scared-slap-varun-pragya-jaiswal আহৰণ কৰা হৈছে: 5 February 2016.
  3. "Sai Pallavi, Pragya Jaiswal share Best Debut Actress award at 63rd Britannia Filmfare Awards South 2016". The Times of India. 18 June 2016. http://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Sai-Pallavi-Pragya-Jaiswal-share-Best-Debut-Actress-award-at-63rd-Britannia-Filmfare-Awards-South-2016/articleshow/52811674.cms আহৰণ কৰা হৈছে: 2 September 2016.
  4. "pragya-jaiswal-figure-size" (en ভাষাত). publicbiography.com. https://publicbiography.com/news1/4591/-pragya-jaiswal-figure-size/ আহৰণ কৰা হৈছে: 21 April 2021.
  5. Anjali Shetty (22 January 2014). "'I am pleasantly surprised' - City-Pune". DNA. http://dnasyndication.com/showarticlerss.aspx?nid=5KVmzSwRjpVwmr7nU9vHoGw9sn5TnQ8RgGN/EU0zOis= আহৰণ কৰা হৈছে: 23 July 2016.
  6. Amit Kumar (22 January 2014). "Pragya Jaiswal Biography". infoknocks.com. https://www.infoknocks.com/biography/pragya-jaiswal/ আহৰণ কৰা হৈছে: 23 July 2016.
  7. "Alumini Newsletter-2014". symlaw.ac.in. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304110159/http://www.symlaw.ac.in/pdf/Alumni-Newsletter-2014.pdf আহৰণ কৰা হৈছে: 23 July 2016.
  8. "An Unexciting Chase". https://www.newindianexpress.com/cities/bengaluru/2014/mar/29/an-unexciting-chase-592019.html আহৰণ কৰা হৈছে: 27 July 2022.
  9. "Titoo MBA". The Times of India. 1 October 2014. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/previews/Titoo-MBA/articleshow/43990424.cms আহৰণ কৰা হৈছে: 12 October 2014.
  10. "'Kanche' transported me to a different era, says Telugu actress Pragya Jaiswal". The Indian Express. 19 October 2015. http://indianexpress.com/article/entertainment/regional/kanche-transported-me-to-a-different-era-says-telugu-actress-pragya-jaiswal/ আহৰণ কৰা হৈছে: 23 July 2016.
  11. Devalla, Rani (27 October 2015). "'Kanche' team savouring the success". The Hindu. http://www.thehindu.com/news/cities/Visakhapatnam/kanche-team-savouring-the-success/article7807683.ece.
  12. "25 Greatest Telugu Films Of The Decade | Film Companion" (en ভাষাত). www.filmcompanion.in. https://www.filmcompanion.in/fc-decades/pages/telugu.html আহৰণ কৰা হৈছে: 26 June 2021.
  13. Kavirayani, Suresh (24 October 2015). "Movie review 'Kanche': Love reigns in war zone". Deccan Chronicle. https://www.deccanchronicle.com/151024/entertainment-movie-review/article/movie-review-kanche-love-reigns-war-zone আহৰণ কৰা হৈছে: 2 February 2016.
  14. "'Om Namo Venkatesaya' Review". The New Indian Express. 10 February 2017. https://www.newindianexpress.com/entertainment/telugu/2017/feb/10/om-namo-venkatesaya-review-1569148.html আহৰণ কৰা হৈছে: 4 January 2021.
  15. "Gunturodu movie review: Something goes wrong". https://www.deccanchronicle.com/entertainment/movie-reviews/050317/gunturodu-movie-review-something-goes-wrong.html আহৰণ কৰা হৈছে: 21 July 2023.
  16. "Ram Charan Teja launches first look of Sundeep's Nakshatram". The Indian Express. 8 October 2016. Archived from the original on 30 October 2016. https://web.archive.org/web/20161030103807/http://indianexpress.com/article/entertainment/regional/ram-charan-teja-launches-first-look-of-sundeeps-nakshatram-3072129/ আহৰণ কৰা হৈছে: 30 October 2016.
  17. "Nakshatram Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movie-reviews/nakshatram/movie-review/59913432.cms.
  18. Y Sunita Chowdhary (27 April 2018). "Achari America Yatra: Amateurish effort at comedy". The Hindu. https://www.thehindu.com/entertainment/movies/achari-america-yatra-is-an-amateurish-effort-at-comedy/article23696876.ece.
  19. Dundoo, Sangeetha Devi (22 November 2021). "Pragya Jaiswal: I took up 'Akhanda' with the trust I have in director Boyapati Srinu" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/pragya-jaiswal-i-took-up-akhanda-with-the-trust-i-have-in-director-boyapati-srinu/article37624464.ece.
  20. Singh, Jatinder (1 February 2022). "Akhanda final box office update; Balakrishna - Boyapati film is True Blue BLOCKBUSTER". Pinkvilla. https://www.pinkvilla.com/entertainment/box-office/akhanda-final-box-office-update-balakrishna-boyapati-film-true-blue-blockbuster-1011855 আহৰণ কৰা হৈছে: 12 May 2022.
  21. "Akhanda movie review: For better or worse, this is everything you expect from a Nandamuri Balakrishna-Boyapati Srinu film" (en ভাষাত). Firstpost. https://www.firstpost.com/entertainment/akhanda-movie-review-for-better-or-worse-this-is-everything-you-expect-from-a-nandamuri-balakrishna-boyapati-srinu-film-10181101.html.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]