সমললৈ যাওক

প্ৰজ্ঞা প্ৰসুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰজ্ঞা প্ৰসুন

প্ৰসুনে লাভ কৰিলে নাৰি শক্তিপুৰস্কাৰ বঁটা
জন্ম প্ৰায় ১৯৮৪
ভাৰতৰ ঝাৰখণ্ডৰ ধনবাদ
ৰাষ্ট্ৰীয়তা ভাৰত
পেচা কৰ্মী
জনা যায় নাৰী শক্তিপুৰস্কাৰ বঁটা প্ৰাপক

প্ৰজ্ঞা প্ৰসুন (ইংৰাজী: : Pragya Prasun জন্ম প্ৰায় ১৯৮৩); এগৰাকী ভাৰতীয় কৰ্মী, তেওঁ এচিড আক্ৰমণৰ পৰা ৰক্ষা পৰে আৰু অতিজীৱন ফাউণ্ডেশ্যন স্থাপন কৰে। সংস্থাটোৱে আন ২৫০ জনতকৈ অধিক জীৱিত ব্যক্তিক সহায় আগবঢ়াইছে আৰু ২০১৯ চনত তেওঁৰ কৰ্মৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে প্ৰদান কৰা নাৰী শক্তিপুৰস্কাৰ (শব্দ অৰ্থত "মহিলা শক্তি বঁটা") লাভ কৰে।

প্ৰজ্ঞা প্ৰছুনৰ জন্ম হৈছিল প্ৰায় ১৯৮৩ চনত ভাৰতৰ ঝাৰখণ্ডৰ ধনবাদত আৰু চাৰিটা সন্তানৰ ভিতৰত তেওঁ আছিল ডাঙৰ ।[1][2] তেওঁৰ পিতৃয়ে কয়লা ইণ্ডিয়াত কাম কৰিছিল আৰু পিতৃৰ কৰ্ম সূত্ৰে পৰিয়ালটো বাৰাণসীলৈ গুচি যায়।[1][2] ২০০৬ চনত প্ৰসুনে বাৰাণসীত স্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ বাৰ দিনৰ পিছত যেতিয়া তেওঁ ৰেলযোগে নতুন দিল্লীলৈ গৈ আছিল, তেতিয়া তেওঁৰ এজন ঈৰ্ষাপৰায়ণ প্ৰাক্তন প্ৰেমিকে তেওঁক শুই থকা অৱস্থাত এচিডেৰে আক্ৰমণ কৰে।[3] ৪৭% জ্বলি যোৱা প্ৰসুনক এজন চিকিৎসককে ধৰি সহযাত্ৰীসকলে চিকিৎসালয়লৈ নিয়াৰ আগতে তেওঁৰ যত্ন লোৱাত সহায় কৰিছিল।[4] পিছদিনা পুনৰ প্ৰসুনক আক্ৰমণ কৰিবলৈ চেষ্টা কৰা অপৰাধীজনক গ্ৰেপ্তাৰ কৰা হয় আৰু চাৰি বছৰৰ ছয় মাহ কাৰাদণ্ড বিহা হয়।[5] ৯টা অস্ত্ৰোপচাৰৰ অন্তত প্ৰসুন সুস্থ হৈ উঠে আৰু দুটা সন্তানৰ সৈতে এটা পৰিয়াল গঢ়ি তুলিছে লগতে কেটাৰিং ব্যৱসায় চলাই আছে। তেওঁ এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ পিছত একে ধৰনৰ আন ভুক্তভোগী সকলকো সহায় কৰিবলৈ আৰম্ভ কৰে।[4]

অতিজীৱন ফাউণ্ডেচন

[সম্পাদনা কৰক]

প্ৰসুনে ২০১৩ চনত অতিজীৱন ফাউণ্ডেশ্যন গঠন কৰে। এইটো এটা বেচৰকাৰী সংস্থা যিয়ে এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলক সহায় কৰে, আক্ৰমণৰ পৰা সুস্থ হোৱা লোকসকলৰ অস্ত্ৰোপচাৰ আৰু অন্যান্য চিকিৎসাৰ বাবে ধন আগবঢ়ায়।[3] ভাৰতত প্ৰতি বছৰে ১০০ৰো অধিক এচিড আক্ৰমণৰ বাতৰি পোৱা যায়, মূলতঃ মহিলাৰ ওপৰত, কিন্তু প্ৰসুনে বিশ্বাস কৰে যে প্ৰকৃত সংখ্যা ১০০০ৰো অধিক হব[4][6] ২০১৯ চনলৈকে এই ফাউণ্ডেচনে ২৫০ জনতকৈ অধিক জীৱিত লোকক সহায় কৰিছিল।[3]এই লোক সকলক বেংগালুৰু, চেন্নাই, দিল্লী আৰু মুম্বাইৰ চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হয়।[1] চেন্নাইৰ ষ্টেনলি মেডিকেল কলেজ হাস্পতালে ২০১৮ চনত বিনামূলীয়াকৈ চুলি সংৰোপণৰ ব্যৱস্থা কৰি গোটটোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২০১৯ চনত প্ৰসুনক ২০১৮ চনৰ নাৰী শক্তিপুৰস্কাৰ বঁটা প্ৰদান কৰে, তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে। এই বঁটা ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে ব্যক্তিগত মহিলা বা মহিলা সৱলীকৰণৰ কামত কাম কৰা প্ৰতিষ্ঠানক প্ৰদান কৰে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Chakravorty, Joyeeta (3 April 2019). "Meet Bengaluru's acid attack survivor who is an inspiration to many" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/life-style/spotlight/meet-bengalurus-acid-attack-survivor-who-is-an-inspiration-to-many/articleshow/68686609.cms. 
  2. 2.0 2.1 "Pragya Prasun Singh – Acid Attack Ambassador" (en ভাষাত). Bossgirl. 24 February 2020. Archived from the original on 14 November 2020. https://web.archive.org/web/20201114191649/https://bossgirl.in/2020/02/24/pragya-prasun-singh-acid-attack-ambassador/। আহৰণ কৰা হৈছে: 14 November 2020. 
  3. 3.0 3.1 3.2 Nath, Sayantani (16 September 2019). "Attacked With Acid at 23, Mom of Two Gives 250+ Survivors a Fresh Start at Life!". The Better India. https://www.thebetterindia.com/195366/bengaluru-woman-acid-attack-survivor-job-surgery-cost-inspiring-hero-india/. 
  4. 4.0 4.1 4.2 Kannadasan, Akila (6 March 2015). "Looking at the face of courage" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/features/metroplus/society/looking-at-the-face-of-courage/article6966410.ece. 
  5. Rao, Sunitha (24 April 2017). "Acid attack survivor is a mentor: Acid attack survivor is a mentor, healer for others like her" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/bengaluru/acid-attack-survivor-is-a-mentor-healer-for-others-like-her/articleshow/58332170.cms. 
  6. "Why acid attacks are on the rise in India". DW. 8 June 2016. https://www.dw.com/en/why-acid-attacks-are-on-the-rise-in-india/a-19313750. 
  7. Service, Tribune News. "President confers Nari Shakti awards on 44 women" (en ভাষাত). Tribune India News Service. https://www.tribuneindia.com/news/archive/nation/president-confers-nari-shakti-awards-on-44-women-739961.