প্ৰণিতা তালুকদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰণিতা তালুকদাৰ
অসম বিধানসভাৰ সদস্য
কাৰ্যকাল
১৯৬৭ – ১৯৭৮
পূৰ্বসূৰী অশোক কুমাৰ দাস
উত্তৰসূৰী হেমেন দাস
সমষ্টি সৰভোগ
ব্যক্তিগত তথ্য
জন্ম ৩ নৱেম্বৰ, ১৯৩৫[1]
উজান বজাৰ, গুৱাহাটী
মৃত্যু ২০ এপ্ৰিল, ২০১৯ (৮৩ বছৰ)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ঘনশ্যাম তালুকদাৰ
সন্তান
পুৰস্কাৰ নাৰী শক্তি পুৰস্কাৰ, ২০১৩

প্ৰণিতা তালুকদাৰ (ইংৰাজী: Pranita Talukdar, ১৯৩৫ - ২০ এপ্ৰিল ২০১৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী। তেওঁ সৰভোগ বিধানসভা সমষ্টিৰ পৰা ১৯৬৭ আৰু ১৯৭২ চনত দুবাৰকৈ বিধায়িকা হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। তেওঁ ২০১৩ চনত ভাৰত চৰকাৰমহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আগবঢ়োৱা নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৩৫ চনৰ ৩ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ উজান বজাৰত প্ৰণিতা তালুকদাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ পদ্মৰাম বৰুৱা আৰু মাতৃ পাৱিত্ৰ কুমাৰী বৰুৱা। প্ৰণীতা তালুকদাৰে সৰভোগৰ প্ৰাক্তন বিধায়ক জননেতা তথা বৰনগৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ ঘনশ্যাম তালুকদাৰৰ লগত বিবাহপাশত আবদ্ধ হয়।[1] ঘনশ্যাম তালুকদাৰ ১৯৫৭ চনত সৰভোগ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁলোকৰ এগৰাকী জীয়ৰী অনুৰূপা তালুকদাৰ, আৰু দুজন পুত্ৰ দেৱশ্যাম তালুকদাৰ আৰু নৱশ্যাম তালুকদাৰ।

কৰ্মজীৱন[সম্পাদনা কৰক]

প্ৰনীতা তালুকদাৰ ১৯৬০ চনত বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্যনিৰ্বাহ কৰিছিল। তাৰপিছত তেওঁ বৰনগৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপিকা হিচাপে কাম কৰাৰ লগতে বৰপেটা ছোৱালী মহাবিদ্যালয়তো ৮ বছৰ অধ্যাপনা কৰিছিল।[1]

প্ৰণিতা তালুকদাৰ কেন্দ্ৰীয় নাৰী আৰু শিশু কল্যাণ সমিতিৰ অধ্যক্ষ আছিল আৰু সৰভোগ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা পৰিচালনা সমিতিৰ লগত ওত:প্ৰোতভাৱে জড়িত হৈ আছিল।

তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। তেওঁ ১৯৬৭ চনৰ অসম বিধানসভা নিৰ্বাচনত সৰভোগ বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল।[2]১৯৭২ চনত তেওঁ পুনৰাই একে সমষ্টিৰ পৰা বিধানসভালৈ মুঠ দুবাৰকৈ নিৰ্বাচিত হৈছিল।[3] ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সৰভোগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এই নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰিছিল। তেওঁৰ কন্যা অনুৰূপা তালুকদাৰ হানাহো ৰাজনীতিৰ লগত জড়িত। তেওঁ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰঞ্জিত কুমাৰ দাসৰ হাতত পৰাজিত হয়।[4][5][6]

মহিলা সশক্তিকৰণত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০১৩ চনত ভাৰত চৰকাৰমহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আগবঢ়োৱা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে। ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ২০১৩ চনৰ ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা এই বঁটা প্ৰদান কৰে।[7][8][9]

মৃত্যু[সম্পাদনা কৰক]

২০১৯ চনৰ ২০ এপ্ৰিল তাৰিখে আবেলি ৪:৫০ বজাত গুৱাহাটীৰ দিছপুৰ হস্পিটেলত প্ৰণিতা তালুকদাৰৰ মৃত্যু হয়।[1] গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্য্যদাৰে তেওঁৰ অন্যষ্টি ক্ৰিয়া সম্পন্ন কৰা হয়।

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "সৰভোগৰ প্ৰাক্তন বিধায়িকা প্ৰণীতা তালুকদাৰৰ দেহাৱসান" (as ভাষাত). NE Now. 21 April 2019. https://assam.nenow.in/former-mla-of-sorbhog-pranita-talukder-died/। আহৰণ কৰা হৈছে: 31 October 2019. 
  2. "Assam Legislative Assembly - MLA 1967-72". Assam Legislative Assembly. http://assamassembly.gov.in/mla-1967-72.html। আহৰণ কৰা হৈছে: 31 October 2019. 
  3. "Assam Legislative Assembly - MLA 1972-78". Assam Legislative Assembly. http://assamassembly.gov.in/mla-1972-78.html। আহৰণ কৰা হৈছে: 31 October 2019. 
  4. Elections in
  5. ASSAM ELECTIONS 2016 RESULTS
  6. Election Commission of India
  7. "Pranab Mukherjee bestows Rani Laxmi Bai award on Delhi gangrape victim". The Indian Express. 8 March 2013. http://archive.indianexpress.com/news/pranab-mukherjee-bestows-rani-laxmi-bai-award-on-delhi-gangrape-victim/1085215/। আহৰণ কৰা হৈছে: 31 October 2019. 
  8. "Rani Lakshmibai award for Delhi braveheart". The Hindu. 8 March 2013. https://www.thehindu.com/news/national/rani-lakshmibai-award-for-delhi-braveheart/article4488915.ece। আহৰণ কৰা হৈছে: 31 October 2019. 
  9. "President gives Stree Shakti awards on International Women's Day". News18. 9 March 2013. https://www.news18.com/news/india/president-gives-stree-shakti-awards-on-international-womens-day-595399.html। আহৰণ কৰা হৈছে: 31 October 2019.