প্ৰণিতা সুভাষ
| প্ৰণিতা সুভাষ | |
|---|---|
![]() ২০১৫ চনত প্ৰণিতা | |
| জন্ম | প্ৰণিতা সুভাষ ১৭ অক্টোবৰ, ১৯৯২ (৩৩ বছৰ) বাংগালুৰু, কৰ্ণাটক, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১০–বৰ্তমান |
| দাম্পত্যসঙ্গী | নীতিন ৰাজু (বি. ২০২১) |
| সন্তান | ২ |
প্ৰণিতা সুভাষ (ইংৰাজী: Pranitha Subhash; জন্ম: ১৭ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কন্নড়, তেলুগু, তামিল, হিন্দী আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰে। ২০১০ চনৰ কানাড়া ছবি পুৰ্কীৰ জৰিয়তে তেওঁ অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল। ২০১২ চনত তেওঁ ভীমা তীৰদল্লীত অভিনয় কৰি সফলতা লাভ কৰে আৰু ইয়াৰ পিছত তেওঁ বাভা (২০১০), আত্তািণ্টিকী দাৰেদী (২০১৩), মাছু এনগিৰা মাচিলামানি (২০১৫) আৰু হেল্ল’ গুৰু প্ৰেমা কোছামে (২০১৮) আদি কেইবাখনো ব্যাৱসায়িকভাৱে সফল ছবিত অভিনয় কৰিছে।
কেৰিয়াৰ
[সম্পাদনা কৰক]প্ৰণিতাই ২০১০ চনত দৰ্শনৰ বিপৰীতে পুৰ্কী নামৰ কানাড়া ছবিখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। পুৰ্কীৰ সফলতাৰ পিছত তেওঁ কানাড়া ছবিৰ কেইবাটাও প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে আৰু সিদ্ধাৰ্থৰ বিপৰীতে অভিনয় কৰা তেলেগু প্ৰেম কাহিনীৰ ছবি বাভাত চহী কৰাৰ আগতে নিজৰ প্ৰকল্পসমূহৰ ক্ষেত্ৰত যথেষ্ট নিৰ্বাচনী হৈ পৰে।[1] ছবিখনত এগৰাকী তেলেগু গাঁৱলীয়া জীয়ৰীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সৰ্বসন্মতভাৱে প্ৰশংসিত হয়। ইয়াৰ পিছত তেওঁ অৰুলনিথিৰ সৈতে তেওঁৰ প্ৰথম তামিল ছবি উদয়নত অভিনয় কৰে।[2]
তাৰ পিছত তেওঁ কাৰ্তিকৰ বিপৰীতে তেওঁৰ দ্বিতীয়টো তামিল প্ৰকল্প সগুনীৰ বাবে চুক্তিবদ্ধ হয়, যিখন তামিল আৰু তেলেগু দুয়োটা ভাষাতে মুক্তি পাইছিল। সগুনী আছিল তেওঁৰ আটাইতকৈ ডাঙৰ মুক্তি: যিখন ছবি বিশ্বজুৰি অভিলেখসংখ্যক ১,১৫০টা ছবিগৃহত মুক্তি পাইছিল।
ইয়াৰ পিছত তেওঁ দুনীয়া বিজয়ৰ বিপৰীতে জৰাসন্ধ আৰু এজন নক্সালপন্থীৰ বাস্তৱ জীৱনৰ কাহিনীৰ আধাৰত নিৰ্মিত ভীমা তীৰদল্লীত অভিনয় কৰে। সমালোচকসকলে ভীমাৱা চৰিত্ৰত তেওঁ কৰা অভিনয়ৰ উচ্চ প্ৰশংসা কৰে আৰু ইয়াৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।[3] সেই বছৰতে ভীমা তীৰদল্লীৰ বাবে তেওঁ সন্তোষম বঁটা লাভ কৰে।
ইয়াৰ পিছত তেওঁ কানাড়া ছবি হুইচেলত অভিনয় কৰে, যাৰ বাবে তেওঁ ছিইমা বঁটাৰ মনোনয়ন লাভ কৰে।
ইয়াৰ পিছত তেওঁ ২০১৩ চনৰ ছেপ্টেম্বৰত মুক্তি পোৱা তেলেগু ছবি আত্তািণ্টিকী দাৰেদীত অভিনয় কৰে যিখন ১০০ কোটিতকৈ অধিক উপাৰ্জনেৰে সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী তেলেগু ছবি হিচাপে পৰিগণিত হয়। ইয়াৰ জৰিয়তে তেওঁ বিভিন্ন বঁটা বিতৰণী অনুষ্ঠানত মনোনয়ন লাভ কৰিবলৈ সক্ষম হয়। ছবিখন আন ভাষাতো পুনৰ নিৰ্মাণ কৰা হৈছে।
একে সময়তে তেওঁ উপেন্দ্ৰৰ বিপৰীতে কানাড়া ছবি ব্ৰহ্মাত কাম কৰিছিল। ইয়াৰ উপৰি ৰবীণা টেণ্ডন আৰু মোহন বাবু অভিনীত পাণ্ডাভুলু পাণ্ডাভুলু থুম্মেদাত তেওঁ মাঞ্চু মনোজৰ বিপৰীতে অভিনয় কৰিছিল। দুয়োখন ছবিয়ে ভাল ফলাফল দেখুৱাইছিল। দুবছৰৰ চমু বিৰতিৰ পিছত তেওঁ ২০১৪ চনৰ নৱেম্বৰৰ শেষৰফালে সূৰ্যৰ বিপৰীতে আন এখন তামিল ছবি মাছু এনগিৰা মাচিলামানিৰ বাবে চুক্তিবদ্ধ হয়।[4] ২০১৪ চনৰ শেষৰফালে তেওঁ মাঞ্চু বিষ্ণুৰ বিপৰীতে ডাইনামাইট নামৰ এখন তেলেগু ছবিত অভিনয় কৰে।[5]
২০১৫ চনৰ জুন মাহৰ শেষৰফালে তেওঁ মহেশ বাবু অভিনীত তেলেগু ছবি ব্ৰহ্মোৎসৱমত অভিনয় কৰে।
শেহতীয়াকৈ তেওঁ আয়ুস্মান খুৰানাৰ সৈতে "চান কিট্থান" গীতটোত কাম কৰিছিল।[6]
২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰণিতাই তেওঁৰ কাৰ্যবাহী শিক্ষা সমাপ্ত কৰে আৰু হাৰ্ভাৰ্ড কেনেডী স্কুলৰপৰা 'প্ৰফেচনেল এণ্ড লিডাৰশ্বিপ ডেভেলপমেণ্ট'ৰ ডিগ্ৰী লাভ কৰে।[7]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০২১ চনৰ ৩০ মে’ত এক অন্তৰংগ অনুষ্ঠানত প্ৰণিতাই ব্যৱসায়ী নীতিন ৰাজুৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[8][9] ২০২২ চনৰ জুন মাহত তেওঁ এগৰাকী কন্যা সন্তান জন্ম দিয়ে।[10][11] ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ এজন পুত্ৰ সন্তান জন্ম দিয়ে।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Daithota, Madhu (1 July 2010). "Pranitha moves to Tollywood" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/regional/movie-details/news-interviews/pranitha-moves-to-tollywood/articleshow/6110237.cms.
- ↑ "I don't like to overwork: Pranitha Subhash" (en ভাষাত). The Times of India. 23 June 2011. https://timesofindia.indiatimes.com/entertainment/regional/movie-details/news-interviews/i-dont-like-to-overwork-pranitha-subhash/articleshow/8950305.cms.
- ↑ "60th Idea Filmfare Awards 2013 (South) Nominations". Filmfare. 4 July 2013. http://www.filmfare.com/features/60th-idea-filmfare-awards-2013-south-nominations-3603.html। আহৰণ কৰা হৈছে: 24 October 2013.
- ↑ "Pranitha Subhash joins Suriya's Masss" (en ভাষাত). The Times of India. 16 January 2017. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/Pranitha-Subhash-joins-Suriyas-Masss/articleshow/45268060.cms.
- ↑ Srinivasan, Latha (2 September 2015). "Pranitha Subhash says Telugu action flick 'Dynamite' will show her in a new avatar". DNA. https://www.dnaindia.com/entertainment/report-pranitha-subhash-says-telugu-action-flick-dynamite-will-show-her-in-a-new-avatar-2121171.
- ↑ T-Series (28 June 2018), Official Video: Chan Kitthan Song | Ayushmann | Pranitha | Bhushan Kumar | Rochak | Kumaar, https://www.youtube.com/watch?v=JFYCc577kjQ, আহৰণ কৰা হৈছে: 4 July 2018
- ↑ "Actress Pranitha Subhash is now a Harvard alumni". The Times of India. 2 December 2020. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/actress-pranitha-subhash-is-now-a-harvard-alumni/articleshow/79526052.cms.
- ↑ "Actor Pranitha Subhash gets married to Nitin Raju in private ceremony" (en-IN ভাষাত). The Hindu. PTI. 1 June 2021. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/actor-pranitha-subhash-gets-married-to-nitin-raju-in-private-ceremony/article34697326.ece.
- ↑ "Kannada actor Pranitha Subhash marries businessman Nitin Raju". The News Minute. 31 May 2021. https://www.thenewsminute.com/article/kannada-actor-pranitha-subhash-marries-businessman-nitin-raju-149818। আহৰণ কৰা হৈছে: 14 August 2021.
- ↑ Daithota, Madhu (12 June 2022). "Exclusive: I was secretly hoping for a baby girl: Pranitha Subhash". The Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/exclusive-i-was-secretly-hoping-for-a-baby-girl-pranitha-subhash/articleshow/92147018.cms.
- ↑ Cyril, Gace (11 June 2022). "Pranitha Subhash blessed with baby girl, shares pics from hospital". India Today. https://www.indiatoday.in/movies/regional-cinema/story/pranitha-subhash-blessed-with-baby-girl-shares-pics-from-hospital-1961067-2022-06-11। আহৰণ কৰা হৈছে: 15 November 2023.
- ↑ "Pranitha Subhash blessed with 2nd child, a son: 'This time I feel more chilled out and nothing is really stressing me'". Hindustan Times. 5 September 2024. https://www.hindustantimes.com/entertainment/telugu-cinema/pranitha-subhash-blessed-with-2nd-child-a-son-this-time-i-feel-more-chilled-out-and-nothing-is-really-stressing-me-101725519467096.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Pranitha Subhash সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ফেইচবুকত প্ৰণিতা সুভাষ
- প্ৰণিতা সুভাষ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
