প্ৰণৱ কুমাৰ বৰ্মন
| প্ৰণৱ কুমাৰ বৰ্মন | |
|---|---|
| জন্ম | নলবাৰী জিলা, অসম, ভাৰত |
| পেচা | কবি, সাহিত্যিক |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| ধৰণ | কবিতা |
| উল্লেখযোগ্য বঁটা | কাব্য কোঁৱৰ, সাহিত্যজ্যোতি বঁটা |
প্ৰণৱ কুমাৰ বৰ্মন অসমৰ এগৰাকী সমকালীন অসমীয়া কবি আৰু সাহিত্যিক। আধুনিক অসমীয়া কবিতাত ভাষা, অনুভৱ, প্ৰেম, সমাজ আৰু মানৱীয় চিন্তাধাৰাক কেন্দ্ৰ কৰি তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।[1] সন্দকৈ কলেজ উপন্যাস, সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কাব্য সংকলন আৰু আত্মকথামূলক গদ্য সংকলন কলকাতাৰ বেশ্যা দিল্লীৰ বৰষুণৰ বাবে তেওঁ বিশেষভাবে পৰিচিত।
জীৱন আৰু সাহিত্যিক পৰিচয়
[সম্পাদনা কৰক]প্ৰণৱ কুমাৰ বৰ্মন অসমীয়া ভাষাৰ এজন সুপ্ৰতিষ্ঠিত কবি হিচাপে পৰিচিত। তেওঁ বিভিন্ন সাহিত্য-অনুষ্ঠান, কবিতা পাঠ আৰু সাহিত্য সভাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অসমীয়া কবিতাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। বেংগালুৰুত সাহিত্য অকাডেমিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত তেওঁ কবিতা পাঠ কৰা ঘটনাই সাহিত্য মহলত বিশেষ গুৰুত্ব লাভ কৰিছিল।[2]
সাহিত্যকৃতি
[সম্পাদনা কৰক]প্ৰণৱ কুমাৰ বৰ্মনে একাধিক কবিতা পুথি ৰচনা কৰিছে। তেওঁৰ উল্লেখযোগ্য সাহিত্যকৃতিসমূহ হ’ল—
- সন্দিকৈ কলেজ[3]
- সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ[4]
- সাগৰিকা সমীপেষু
- জালুকবাৰীৰ ডায়েৰী অথবা শংখলীনাৰ পদ্য
- সৰি পৰা নক্ষত্ৰৰ টোপনি[5][4]
- পাগলী বৰষুণ দিছে চোৱা[4]
- তুমি ভালপাওঁ বুলি ক'লে মোৰ বুকুত সূৰ্যমুখী ফুলে
- ভোক আৰু ভালপোৱাৰ টোকাবহী[6]
- কলকাতাৰ বেশ্যা দিল্লীৰ বৰষুণ
সাহিত্যিক শৈলী আৰু বিষয়বস্তু
[সম্পাদনা কৰক]প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাসমূহত প্ৰেম, একাকিত্ব, সমাজ-জীৱন, স্মৃতি আৰু মানৱীয় অনুভৱৰ সূক্ষ্ম প্ৰকাশ দেখা যায়। সহজ অথচ গভীৰ ভাষা-ব্যৱহাৰ আৰু অনুভৱপ্ৰবণ শৈলীয়ে তেওঁৰ কবিতাক পাঠকৰ বাবে অধিক সংবেদনশীল কৰি তোলে।
সন্মান আৰু স্বীকৃতি
[সম্পাদনা কৰক]তেওঁ সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিছে। তেজপুৰত অনুষ্ঠিত এক সাহিত্যিক অনুষ্ঠানত তেওঁক কাব্য কোঁৱৰ উপাধিৰে সন্মানিত কৰা হয়।[1] ইয়াৰ উপৰিও তেওঁ সাহিত্যজ্যোতি বঁটা আদি লাভ কৰিছে।[7]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিউদ্ধৃতিত প্ৰণৱ কুমাৰ বৰ্মন বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Poet Pranab Kumar Barman conferred with ‘Kavya Konwar’ title in Tezpur" (en ভাষাত). Sentinel AssamThe Sentinel Assam. 22 July 2025. https://www.sentinelassam.com/north-east-india-news/assam-news/poet-pranab-kumar-barman-conferred-with-kavya-konwar-title-in-tezpur। আহৰণ কৰা হৈছে: 20 December 2025.
- ↑ "বেংগালুৰুত সাহিত্য অকাডেমিৰ অনুষ্ঠানত কবিতা পাঠ প্ৰণৱ কুমাৰ বৰ্মনৰ" (as ভাষাত). নিয়মীয়া বাৰ্তানিয়মীয়া বাৰ্তা. 14 July 2024. https://niyomiyabarta.com/assam/pranab-kumar-burman-reads-poetry-at-the-sahitya-akademi-function-in-bangalore। আহৰণ কৰা হৈছে: 20 December 2025.
- ↑ "Sandikoi College by Pranab Kumar Barman" (as ভাষাত). Scientia BooksScientia Books. https://scientiabooks.in/product/sandikoi-college-by-pranab-kumar-barman। আহৰণ কৰা হৈছে: 20 December 2025.
- ↑ 4.0 4.1 4.2 "Tinikhan Janapriya Kabyaputhi" (as ভাষাত). Scientia BooksScientia Books. https://scientiabooks.in/product/tinikhan-janapriya-kabyaputhi-pranab-kumar-barman। আহৰণ কৰা হৈছে: 20 December 2025.
- ↑ "Sari Para Nakshatrar Topani" (as ভাষাত). Scientia BooksScientia Books. https://scientiabooks.in/product/sari-para-nakshatrar-topani-poetry-book-of-pranab-kumar-barman। আহৰণ কৰা হৈছে: 20 December 2025.
- ↑ "Bhok aru Valpuar Tokabahi" (as ভাষাত). Scientia BooksScientia Books. https://scientiabooks.in/product/bhok-aru-valpuar-tokabahi-by-pranab-kumar-barman। আহৰণ কৰা হৈছে: 20 December 2025.
- ↑ "Sahityajyoti and Kotha Baibhav awards conferred to Pranab Kumar Barman" (en ভাষাত). Sentinel AssamThe Sentinel Assam. 10 April 2022. https://www.sentinelassam.com/north-east-india-news/assam-news/sahityajyoti-and-kotha-baibhav-awards-conferred-to-pranab-kumar-barman-and-rasna-palok-586849। আহৰণ কৰা হৈছে: 20 December 2025.