সমললৈ যাওক

প্ৰতিভা মনিন্দৰ সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সন্মানীয় মুখ্য ন্যায়াধীশ

প্ৰতিভা মনিন্দৰ সিং
দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰক
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৫ মে' ২০১৭
মনোনয়নকৰ্তা জে এচ খেহাৰ
নিয়োগকৰ্তা প্ৰণৱ মুখাৰ্জী
ব্যক্তিগত তথ্য
জন্ম ২০ জুলাই, ১৯৬৮ (৫৮ বছৰ)
শিক্ষানুষ্ঠান বাংগালোৰ বিশ্ববিদ্যালয়

প্ৰতিভা মণিন্দৰ সিং (ইংৰাজী: Prathiba Maninder Singh, জন্ম ২০ জুলাই ১৯৬৮) ভাৰতৰ দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ।[1] ভাৰতীয় বৌদ্ধিক সম্পত্তি আইন, শৈক্ষিক সাহিত্য আৰু আইনী বিকাশ, এগৰাকী অনুশীলনৰত অধিবক্তা হিচাপে, আৰু আনুষংগিক আইন প্ৰণয়নৰ সৈতে জড়িত কেইবাখনো বিধানসভা সমিতিৰ উপদেষ্টা হিচাপে তেওঁৰ উল্লেখযোগ্য অৱদান আছে।[2][3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

সিঙে বেংগালুৰু, কৰ্ণাটকৰ বাংগালুৰু বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ত আইন অধ্যয়ন কৰিছিল আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা কেম্ব্ৰিজ কমনৱেলথ ট্ৰাষ্ট বৃত্তিত এল.এল.এম. ডিগ্ৰী লাভ কৰিছিল।[1]২০১৩ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত এল এল এম প্ৰাৰ্থীৰ বাবে প্ৰতিভা সিং বৃত্তি স্থাপন কৰে, যাতে আইনত স্নাতকোত্তৰ অধ্যয়ন কৰি থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক আৰ্থিক সহায় আগবঢ়াব পাৰে।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯১ চনত সিঙে আইনী বাৰত যোগদান কৰে আৰু মূলতঃ বৌদ্ধিক সম্পত্তি আইনত অনুশীলন কৰে। তেওঁ এটা আইন প্ৰতিষ্ঠানত পৰিচালন অংশীদাৰ হিচাপে কাম কৰে। কপিৰাইট কাৰ্যালয়ৰ কাম-কাজ উন্নত কৰাৰ বাবে তেওঁলোকৰ সৈতে পৰামৰ্শ কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয় তেওঁক নিযুক্তি দিছিল। তেওঁ ভাৰতত পেটেণ্ট পৰীক্ষা প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ সংসদীয় পেনেলৰ সৈতেও পৰামৰ্শ আগবঢ়াইছিল। পেটেণ্ট আইন, আৰু কপিৰাইট সংশোধনী আইন, ২০১২কে ধৰি ভাৰতৰ বৌদ্ধিক সম্পত্তি আইনসমূহৰ প্ৰস্তাৱিত সংশোধনীৰ সন্দৰ্ভত তেওঁ সংসদীয় সমিতিসমূহক বিশেষজ্ঞৰ পৰামৰ্শ আগবঢ়াইছে।[5] ২০১৪ চনত ভাৰতৰ ৰাষ্ট্ৰীয় বৌদ্ধিক অধিকাৰ নীতিৰ খচৰা প্ৰস্তুত কৰিবলৈ গঠন কৰা পেনেলৰো তেওঁ সদস্য আছিল [6]

২০১৩ চনত দিল্লী উচ্চ ন্যায়ালয়ে প্ৰতিভা সিঙক জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিছিল।[2]

এছিয়ান পেটেণ্ট এটৰ্নী এছ’চিয়েশ্যনৰ সভানেত্ৰী হিচাপে সিঙে দিল্লী উচ্চ ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰিছিল। তেওঁ বৌদ্ধিক সম্পত্তি আপীল ব’ৰ্ড (আইপিএবি)লৈ আবণ্টিত সীমিত পৰিমাণৰ সম্পদক প্ৰত্যাহ্বান জনাইছিল আৰু তেওঁৰ আবেদনত আদালতৰ নিৰ্দেশনা অনুসৰণ কৰি দিল্লীত আইপিএবিৰ বাবে এটা স্থায়ী কাৰ্যালয় স্থাপন কৰা হৈছিল।[7][8]

ন্যায়পালিকা হিচাপে

[সম্পাদনা কৰক]

২০১৭ চনৰ ১৫ মে’ত সিঙক দিল্লী উচ্চ ন্যায়ালয় স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।[1] ২০১৯ চনত সিঙে ভাৰতীয় বৌদ্ধিক সম্পত্তি আপীল ব’ৰ্ডৰ কাম-কাজক সমালোচনা কৰি সংস্কাৰ আৰু পুনৰ্গঠনৰ আহ্বান জনাই এক আদেশ জাৰি কৰিছিল।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "CJ and Sitting Judges: Justice Prathiba M. Singh". Delhi High Court. http://delhihighcourt.nic.in/cjsittingjudges.asp?currentPage=3.
  2. 1 2 "Prathiba M Singh | Our partners". www.cambridgetrust.org. https://www.cambridgetrust.org/partners/sardar-manmohan-singh-charitable-trust আহৰণ কৰা হৈছে: 2020-10-22.
  3. Johri, Monalisa, Yash (2014-06-10). "India is game-changer in patent law: Prathiba M. Singh" (en ভাষাত). mint. https://www.livemint.com/Politics/nWkDaAKWOEtXsG6rznSA8N/India-is-the-gamechanger-in-patent-law-Prathiba-M-Singh.html আহৰণ কৰা হৈছে: 2020-10-22.
  4. "Prathiba M Singh Cambridge Scholarship | Scholarships | Cambridge Trusts". www.cambridgetrust.org. https://www.cambridgetrust.org/scholarships/scholarship/?award=137 আহৰণ কৰা হৈছে: 2020-10-22.
  5. "Judging Matters- Business News". www.businesstoday.in. Archived from the original on 2020-10-24. https://web.archive.org/web/20201024144532/https://www.businesstoday.in/exclusive/specials/most-powerful-women-2018/judging-matters/story/281907.html আহৰণ কৰা হৈছে: 2020-10-22.
  6. "DIPP sets up think tank to draft national Intellectual Property Rights policy". The Economic Times. https://economictimes.indiatimes.com/news/economy/policy/dipp-sets-up-think-tank-to-draft-national-intellectual-property-rights-policy/articleshow/44926124.cms.
  7. 1 2 Reddy, Prashant. "Justice Pratibha Singh Demands a Reply from the Government of India on the Dysfunctional IPAB – IP Bar Continues to Be Mute Spectator" (en-US ভাষাত). SpicyIP. https://spicyip.com/2019/10/justice-pratibha-singh-demands-a-reply-from-the-government-of-india-on-the-dysfunctional-ipab-ip-bar-continues-to-be-mute-spectator.html আহৰণ কৰা হৈছে: 2020-10-22.
  8. Singh, Khomba. "IPAB centre likely to come up in Mumbai, Delhi and Kolkata". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/ipab-centre-likely-to-come-up-in-mumbai-delhi-and-kolkata/articleshow/8148689.cms.