সমললৈ যাওক

প্ৰতিমা দেৱী (কানাড়া অভিনেত্ৰী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰতিমা দেৱী
জন্ম মোহিনী
৯ এপ্ৰিল, ১৯৩৩
কাল্লাড়কা, মাদ্ৰাজ ৰাজ্য, ব্ৰিটিছ ৰাজ (বৰ্তমান কৰ্ণাটক, ভাৰত)
মৃত্যু ৬ এপ্ৰিল, ২০২১ (৮৭ বছৰ)
মহীশূৰ, কৰ্ণাটক, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪৭–২০০৫
দাম্পত্যসঙ্গী ডি. শংকৰ সিং
সন্তান ৪

প্ৰতিমা দেৱী (ইংৰাজী: Prathima Devi; ৯ এপ্ৰিল ১৯৩৩ – ৬ এপ্ৰিল ২০২১) কানাড়া চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৪৭ চনৰ কৃষ্ণলীলা ছবিৰ জৰিয়তে দেৱীয়ে আত্মপ্ৰকাশ কৰিছিল। বক্স অফিচত ১০০ দিন সম্পূৰ্ণ কৰা প্ৰথমখন কানাড়া ছবি জগনমোহিনীৰ (১৯৫১) মুখ্য চৰিত্ৰতো তেওঁ অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ ৬০খনতকৈও অধিক ছবিত অভিনয় কৰে।[1]

১৯৩৩ চনৰ ৯ এপ্ৰিলত মাদ্ৰাজ প্ৰেচিডেন্সিৰ পূৰ্বৰ দক্ষিণ কানাড়া অঞ্চলৰ (বৰ্তমানৰ কৰ্ণাটকত) এখন চহৰ কল্লডকাত প্ৰতিমাৰ জন্ম হৈছিল। পিতৃ উপেন্দ্ৰ শ্বেনয় আৰু মাতৃ সৰস্বতীবাইৰ চাৰিজন সন্তানৰ ভিতৰত শেষ সন্তান প্ৰতিমান জন্ম নাম আছিল মোহিনী৷ চাৰি-পাঁচ বছৰ বয়সত দেবীয়ে দেউতাকক হেৰুৱাইছিল; পৰিয়ালটো প্ৰথমে মাংগালুৰুলৈ গুচি যায়, তাৰ পিছত আহমেদাবাদলৈ যায় আৰু তাত তেওঁৰ ভায়েকে বস্ত্ৰ ব্যৱসায় চলাইছিল, তাৰ পিছত উডুপিত বসতি স্থাপন কৰিছিল। ইয়াতেই দেৱীয়ে ছবি চোৱাৰ প্ৰতি আকৰ্ষিত হৈছিল, ১৯৪১ চনৰ তামিল ছবি সাবিত্ৰীত নাৰদৰ চৰিত্ৰত এম এছ চুব্বালক্ষ্মীৰ অভিনয়ত অনুপ্ৰাণিত হৈ তেওঁৰ অভিনয় কৰাৰ হাবিয়াস জাগি উঠে৷[2]

কৃষ্ণলীলা (১৯৪৭) ছবিৰ যোগেদ ছবি জগতত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে দেৱীয়ে ১১ বছৰ বয়সত পেছাদাৰী থিয়েটাৰত যোগদান কৰে।[3] ছবিখনত কেম্পৰাজ উৰ্ছৰ সৈতে অভিনয় কৰাৰ লগতে তাতে তেওঁ ভৱিষ্যত স্বামী ডি শংকৰ সিঙকো লগ পায়। তাৰ পিছত তেওঁ জগনমোহিনী (১৯৫১) ছবিত অভিনয় কৰে আৰু ছবিগৃহত ১০০ দিনীয়া প্ৰদৰ্শন সম্পূৰ্ণ কৰা প্ৰথমখন কানাড়া ছবি হিচাপে পৰিগণিত হয়। মেকআপ চুবন্নাৰ সৈতে তেওঁৰ দল্ললি (১৯৫২) আন সফল ছবি আছিল। তেওঁ অভিনয় কৰা বেছিভাগ ছবিতে তেওঁৰ স্বামীয়ে মহাত্মা ফিল্মছ বেনাৰত প্ৰযোজনা কৰিছিল।[4]

দেৱীৰ চাৰিটা সন্তান আছিল: পুত্ৰ ৰাজেন্দ্ৰ সিং বাবু এজন চলচ্চিত্ৰ পৰিচালক, সংগ্ৰাম সিং আৰু জয়ৰাজ সিং আৰু কন্যা বিজয়লক্ষ্মী সিং অভিনয়ৰ সৈতে জড়িত।[5][6] ২০২১ চনৰ ৬ এপ্ৰিলত মহীশূৰৰ সৰস্বতীপুৰাত ৮৮ বছৰ বয়সত দেৱীৰ মৃত্যু হয়।[7]

  • ২০০১–০২: কৰ্ণাটক চৰকাৰৰ দ্বাৰা ড° ৰাজকুমাৰ বঁটা৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ "An evening with Jaganmohini". The Hindu. 11 June 2011. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/an-evening-with-jaganmohini/article2095027.ece। আহৰণ কৰা হৈছে: 14 September 2015.
  2. ↑ 'ನಾನು ಚಿತ್ರರಂಗಕ್ಕೆ ಕಾಲಿಟ್ಟು ಇಲ್ಲಿಗೆ ಸರಿಯಾಗಿ 75 ವರ್ಷ'-Ep1-Actress Pratima Devi LIFE-Kalamadhyam [75 Years Since I Entered Cinema] (in Kannada). Kalamadhyama ಕಲಾಮಾಧ್ಯಮ. 29 November 2020. Retrieved 17 April 2021.
  3. ↑ "Prathima Devi, veteran actor, passes away" (en-IN ভাষাত). The Hindu. 7 April 2021. https://www.thehindu.com/news/national/karnataka/prathima-devi-veteran-actor-passes-away/article34258301.ece.
  4. ↑ "Remembering Prathima Devi". The Hindu. 8 April 2021. https://www.thehindu.com/entertainment/movies/remembering-prathima-devi/article34271735.ece.
  5. ↑ George, Nina C. (21 August 2016). "When mom's the world" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/content/566111/when-moms-world.html। আহৰণ কৰা হৈছে: 11 April 2021.
  6. ↑ B. V. Shiva Shankar (16 March 2007). "Sepia stories at 60". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/sepia-stories-at-60/article2271837.ece। আহৰণ কৰা হৈছে: 15 September 2015.
  7. ↑ "Veteran actress Pratima Devi passes away". Times of India. 6 April 2021. https://www.thehindu.com/news/national/karnataka/prathima-devi-veteran-actor-passes-away/article34258301.ece.