সমললৈ যাওক

প্ৰতিমা মণ্ডল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰতিমা মণ্ডল (১৬ ফেব্ৰুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৪ চনৰ পৰা লোকসভাত পশ্চিম বংগৰ জয়নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্যা৷ ৰাজনীতিলৈ অহাৰ আগেয়ে তেওঁৰ পশ্চিম বংগৰ এগৰাকী অসামৰিক বিষয়া আছিল৷ তেওঁৰ পিতৃ গোবিন্দ চন্দ্ৰ নাছকাৰেও তৃণমূল কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি বনগাঁৱৰ পৰা জয়ী হৈ লোকসভালৈ গৈছিল৷[1][2][3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৬৬ চনৰ ১৬ ফেব্ৰুৱাৰীত দক্ষিণ ২৪ পৰগনাৰ গৌৰদহা, কেনিঙৰ এটা বঙালী হিন্দু পৰিয়ালত প্ৰতিমা মণ্ডলৰ জন্ম হৈছিল৷ তেওঁ প্ৰাক্তন সংসদ সদস্য গোবিন্দ চন্দ্ৰ নাছকাৰৰ কন্যা। প্ৰতিমা মণ্ডল কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে পশ্চিম বংগৰ অসামৰিক সেৱাৰ বিষয়া আছিল৷[4][5][6]

ৰাজনৈতিক পৰিক্ৰমা

[সম্পাদনা কৰক]

২০১৪ চনৰ লোকসভা নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে জয়নগৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিমা মণ্ডলক মনোনীত কৰিছিল। তেওঁ নিৰ্বাচনত ৪,৯৪,৭৪৬টা ভোট লাভ কৰি লোকসভালৈ নিৰ্বাচিত হয়। যি আছিল মুঠ ভোটৰ ৪১.৭১%। 'ৰিভল্যুচনেৰী ছ’চিয়েলিষ্ট পাৰ্টি'ৰ নিকটতম প্ৰতিদ্বন্দ্বী সুভাষ নাছকাৰক তেওঁ ১,০৮,৩৮৪ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।[7][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Mondal, Smt. Pratima". LOK SABHA. http://loksabhaph.nic.in/Members/MemberBioprofile.aspx?mpsno=4871। আহৰণ কৰা হৈছে: 17 May 2014. 
  2. "Pratima Mondal". india.gov.in. https://www.india.gov.in/my-government/indian-parliament/pratima-mondal। আহৰণ কৰা হৈছে: 17 May 2014. 
  3. "Pratima Mondal". PRS Legislative Research. https://www.prsindia.org/mptrack/pratimamondal। আহৰণ কৰা হৈছে: 17 May 2014. 
  4. "Pratima Mondal". oneindia. https://www.oneindia.com/politicians/pratima-mondal-36906.html। আহৰণ কৰা হৈছে: 12 June 2014. 
  5. "Pratima Mondal (Criminal & Asset Declaration)". myneta.info. https://myneta.info/ls2014/candidate.php?candidate_id=9380। আহৰণ কৰা হৈছে: 12 June 2014. 
  6. "Lok Sabha Elections 2014 – Know Your Candidates". Pratima Naskar. All India Trinamool Congress. Archived from the original on 25 June 2014. https://web.archive.org/web/20140625222517/https://aitmc.org/candidates_list.php। আহৰণ কৰা হৈছে: 12 June 2014. 
  7. "General Elections 2014 - Constituency Wise Detailed Results". West Bengal. Election Commission of India. http://eci.nic.in/eci_main/archiveofge2014/33%20-%20Constituency%20wise%20detailed%20result.pdf। আহৰণ কৰা হৈছে: 21 June 2016. 
  8. "Constituencywise-All Candidates". Eciresults.nic.in. Archived from the original on 2014-05-17. https://web.archive.org/web/20140517171417/http://eciresults.nic.in/ConstituencywiseS2519.htm?ac=19। আহৰণ কৰা হৈছে: 2016-06-21.