সমললৈ যাওক

প্ৰত্যুষা বেনাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰত্যুষা বেনাৰ্জী

২০১৪ চনত বেনাৰ্জী
জন্ম ১০ আগষ্ট, ১৯৯১[1][2]
জামছেদপুৰ, বিহাৰ
(বৰ্তমানৰ ঝাৰখণ্ড), ভাৰত
মৃত্যু ১ এপ্ৰিল, ২০১৬ (২৪ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১০–২০১৬
জনা যায় * বালিকা বধূ
  • বিগ বছ ৭
  • হাম হ্যায় না
  • ঝলক দিখলা যা ৫

প্ৰত্যুষা বেনাৰ্জী (ইংৰাজী: Pratyusha Banerjee; ১০ আগষ্ট ১৯৯১ — ১ এপ্ৰিল ২০১৬) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আছিল। তেওঁ বহুতো ধাৰাবাহিক আৰু ৰিয়েলিটি শ্ব’ত অভিনয় কৰিছিল।[3]

বেনাৰ্জীয়ে প্ৰথমবাৰৰ বাবে ২০১০ চনত টেলিভিছন শ্ব’ বালিকা বধূৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল।[4] টেলিভিছন ধাৰাবাহিকত এইটোৱেই তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ আছিল, য’ত তেওঁ "আনন্দী" চৰিত্ৰটোৰ জৰিয়তে ঘৰে ঘৰে পৰিচিত হৈ পৰিছিল।[4] তেওঁ ৰিয়েলিটি শ্ব’ বিগ বছ ৭ত (২০১৩) অংশগ্ৰহণ কৰিছিল।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ ৰক্ত সম্বন্ধ ধাৰাবাহিকত এটা সহযোগী চৰিত্ৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক য়ে ৰিস্তা ক্যা কেহলাতা হ্যায়ত বাণীৰ (অক্ষৰাৰ এজনী ভাল বন্ধু) চৰিত্ৰত অভিনয় কৰে।

২০১০ চনত ভাৰতীয় টেলিভিছন ধাৰাবাহিক বালিকা বধূত অবিকা গৌৰৰ ঠাইত আনন্দীৰ প্ৰাপ্তবয়স্ক সংস্কৰণৰ মুখ্য চৰিত্ৰৰ বাবে তেওঁ নিৰ্বাচিত হয়। অভিনেত্ৰীগৰাকীৰ মতে, তেওঁক এটা টেলেণ্ট হাণ্টৰ জৰিয়তে বাছনি কৰা হৈছিল, য’ত তেওঁ লক্ষ্ণৌৰ নিবেদিতা তিৱাৰী আৰু মুম্বাইৰ কেতকী চিতালুক অতিক্ৰম কৰিছিল।[6] এই ধাৰাবাহিকখনৰ সফলতাৰ পিছত বেনাৰ্জীয়ে ঝলক দিখলা যাত (ছিজন ৫) অংশগ্ৰহণ কৰে। অৱশ্যে, নৃত্যৰ আখৰাৰ সময়ত তেওঁ সহজ অনুভৱ নকৰা বুলি উল্লেখ কৰি অনুষ্ঠানটো ত্যাগ কৰে।[7][8]

২০১৩ চনত তেওঁ বিগ বছ ৭ৰ এগৰাকী অন্যতম প্ৰতিযোগী আছিল।[9][10][11] তেওঁ তেওঁৰ সংগী ৰাহুল ৰাজ সিঙৰ সৈতে পাৱাৰ কাপলত অংশ লৈছিল।[12] ইয়াৰ উপৰি তেওঁ হাম হ্যায় না, চশুৰাল চিমৰ কা আৰু গুলমোহৰ গ্ৰেণ্ডত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।[13]

তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কাম আছিল ধাৰাবাহিক বালিকা বধূত আৰু তেওঁ আনন্দী হিচাপে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল।[14]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

প্ৰত্যুষাৰ জন্ম হৈছিল ঝাৰখণ্ডৰ জামছেদপুৰ চহৰৰ এটা বঙালী পৰিয়ালত। তেওঁৰ পিতৃৰ নাম আছিল শংকৰ বেনাৰ্জী আৰু মাতৃৰ নাম সোমা বেনাৰ্জী।[6] তেওঁৰ পিতৃ এগৰাকী জনাজাত সমাজকৰ্মী আৰু তেওঁলোকৰ নিজা এটা বেচৰকাৰী সংস্থা পৰিচালনা কৰে। ২০১০ চনত তেওঁ জামছেদপুৰ এৰি মুম্বাইলৈ কাম কৰিবলৈ আহে।[15]

২০১৬ চনৰ ১ এপ্ৰিলত বেনাৰ্জীক তেওঁৰ মুম্বাইৰ এপ্ৰেটমেণ্টত ডিঙিত ফাঁচ লগা অৱস্থাত উদ্ধাৰ কৰা হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৪ বছৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদন অনুসৰি মৃত্যুৰ কাৰণ আছিল উশাহ বন্ধ হোৱা বা শ্বাসৰোধ।[16][17]

অৱশ্যে তেওঁৰ পিতৃ-মাতৃয়ে অভিযোগ কৰে যে তেওঁক প্ৰেমিক তথা অভিনেতা-প্ৰযোজক ৰাহুল ৰাজ সিঙেহে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে। তেওঁলোকে ৰাহুলৰ বিৰুদ্ধে গোচৰ তৰিছিল।[18] ২০১৮ চনত ৰাহুল ৰাজ সিঙে মুম্বাইৰ ডিণ্ডোছি অধিৱেশন আদালতত এক আবেদন দাখিল কৰি তেওঁক এই গোচৰৰপৰা অব্যাহতি দিবলৈ অনুৰোধ জনায়। আবেদনখনত প্ৰয়াত অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ ওপৰত দোষ জাপি দি ৰাহুলে কয় যে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ নামত গধুৰ ঋণ লৈছিল আৰু ঋণ পৰিশোধ কৰিব নোৱাৰি অভিনেত্ৰীগৰাকী হতাশাত ভুগিছিল আৰু সেয়েহে তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিছিল।[19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Pratyusha Banerjee's b'day party". Times of India. 10 August 2015. http://photogallery.indiatimes.com/events/mumbai/pratyusha-banerjees-bday-party/articleshow/48421794.cms আহৰণ কৰা হৈছে: 2 April 2016.
  2. "Pratyusha Banerjee would have been 25 today: Kamya Punjabi, Adaa Khan remember Balika Vadhu star, see pics". Indian Express. 10 August 2016. http://indianexpress.com/article/entertainment/television/pratyusha-banerjee-would-have-been-25-today-kamya-punjabi-adaa-khan-remember-balika-vadhu-star-see-pics-2965817/ আহৰণ কৰা হৈছে: 10 August 2016.
  3. Singh, Mandwi (2 April 2016). "Balika Vadhu to Power Couple: 7 shows we will always remember Pratyusha Banerjee for". India Today. https://www.indiatoday.in/television/what-s-hot/story/from-balika-vadhu-to-power-couple-7-shows-we-will-always-remember-pratyusha-banerjee-for-bigg-boss-rahul-raj-singh-suicide-315982-2016-04-02 আহৰণ কৰা হৈছে: 28 April 2016.
  4. 1 2 Singh, Mandwi (2 April 2016). "Pratyusha 'Anandi' Banerjee of Balika Vadhu hangs self". India Today. https://www.indiatoday.in/television/what-s-hot/story/pratyusha-anandi-banerjee-of-balika-vadhu-hangs-self-rahul-raj-singh-315962-2016-04-02 আহৰণ কৰা হৈছে: 28 April 2016.
  5. "Bigg Boss season 7 to air from September; Pratyusha Banerjee to be an inmate". 24 July 2013. http://www.tellychakkar.com/tv/tv-news/bigg-boss-season-7-air-september-pratyusha-banerjee-be-inmate আহৰণ কৰা হৈছে: 1 January 2018.
  6. 1 2 Bose, Antara (25 July 2010). "Jamshedpur girl is India's most popular bride". The Telegraph. প্ৰকাশক Kolkata desk. http://www.telegraphindia.com/1100726/jsp/jharkhand/story_12726432.jsp আহৰণ কৰা হৈছে: 2 April 2016.
  7. "Rashmi in Pratyusha out in Jhalak Dikhhla Jaa?". Times of India. 18 July 2012. http://timesofindia.indiatimes.com/tv/news/hindi/Rashmi-in-Pratyusha-out-in-Jhalak-Dikhhla-Jaa/articleshow/15017349.cms.
  8. "IT'S NOT JUST DANCE". Daily Pioneer. 22 September 2013. Archived from the original on 15 April 2016. https://web.archive.org/web/20160415110617/http://www.dailypioneer.com/sunday-edition/sunday-pioneer/investigation/its-not-just-dance.html আহৰণ কৰা হৈছে: 2 April 2016.
  9. "Balika Vadhu's Pratyusha Banerjee to enter 'Bigg Boss' house?". 29 July 2013. Archived from the original on 1 August 2013. https://web.archive.org/web/20130801071648/http://www.emirates247.com/entertainment/balika-vadhu-s-pratyusha-banerjee-to-enter-bigg-boss-house-2013-07-29-1.515855 আহৰণ কৰা হৈছে: 29 July 2013.
  10. "We all used to rag Salman about Elli: Pratyusha". Times of India. 21 November 2013. http://timesofindia.indiatimes.com/tv/news/hindi/Pratyusha-Banerjee-Salman-Khan-Elli-Avram-Bigg-Boss-7/articleshow/26107129.cms.
  11. "'Bigg Boss 7': Pratyusha Banerjee gets evicted". Zeenews India. 17 November 2013. http://zeenews.india.com/entertainment/idiotbox/bigg-boss-7-pratyusha-banerjee-gets-evicted_146425.html আহৰণ কৰা হৈছে: 2013-12-20.
  12. "Pratyusha and Rahul were Raj and Simran kind of a couple: Delnaaz Irani". India Today. 2 April 2016. https://www.indiatoday.in/television/what-s-hot/story/pratyusha-and-rahul-were-raj-and-simran-kind-of-a-couple-delnaaz-irani-remembers-her-power-couple-co-star-balika-vadhu-pratyusha-banerjee-suicide-rahul-raj-singh-315958-2016-04-02 আহৰণ কৰা হৈছে: 25 November 2025.
  13. "Pratyusha Banerjee to play Parinda in 'Gulmohar Grand'". The Indian Express. 28 May 2015. http://indianexpress.com/article/entertainment/television/pratyusha-banerjee-to-play-parinda-in-gulmohar-grand আহৰণ কৰা হৈছে: 2 April 2016.
  14. "Balika Vadhu's Anandi has got a temper". The Times of India. 2012-04-11. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/balika-vadhus-anandi-has-got-a-temper/articleshow/12620078.cms.
  15. "Rahul 'poisoned' Pratyusha's mind against her parents?". The Times of India. 7 April 2016. http://timesofindia.indiatimes.com/city/mumbai/Rahul-poisoned-Pratyushas-mind-against-her-parents/articleshow/51720015.cms আহৰণ কৰা হৈছে: 28 April 2016.
  16. "The Balika Vadhu star Pratyusha Banerjee dead, here is all about the actress". The Indian Express. 2 April 2016. http://indianexpress.com/article/entertainment/television/who-is-pratyusha-banerjee-balika-vadhu-suicide আহৰণ কৰা হৈছে: 2 April 2016.
  17. Hegde, Rajul (2 April 2016). "Balika Vadhu actress Pratyusha Banerjee commits suicide". Rediff. http://www.rediff.com/movies/report/balika-vadhu-actress-pratyusha-banerjee-commits-suicide/20160401.htm আহৰণ কৰা হৈছে: 2 April 2016.
  18. "18 things Pratyusha Banerjee's parents revealed about her relationship with Rahul Raj Singh". 6 April 2016. https://www.indiatoday.in/television/top-stories/story/18-things-pratyusha-banerjees-parents-revealed-about-her-relationship-with-rahul-raj-singh-316578-2016-04-06 আহৰণ কৰা হৈছে: 1 September 2020.
  19. "Pratyusha Banerjee suicide case: Ex-boyfriend Rahul Raj Singh files for discharge from the case". 27 April 2018. https://www.indiatoday.in/television/top-stories/story/pratyusha-banerjee-suicide-case-ex-boyfriend-rahul-raj-singh-files-for-discharge-from-the-case-1221671-2018-04-27 আহৰণ কৰা হৈছে: 13 April 2023.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]