সমললৈ যাওক

প্ৰদীপ দহোতীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰদীপ দহোতীয়া (ইংৰাজী: Pradip Dohutia) হ'ল অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী,সংগীত পৰিচালক আৰু শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষক। লগতে এগৰাকী ভাল বাদ্যশিল্পী তথা গীটাৰ বাদক। সংগীতৰ ক্ষেত্ৰত থকা বিশেষ অৱদানৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা ২০২৪-২৫ বৰ্ষত নিয়মীয়া শিল্পী পেন্সন লাভ কৰে।[1][2] আশী আৰু নব্বৈৰ দশকত অসমৰ প্ৰায়বোৰ মঞ্চতে গীত পৰিবেশন কৰিছিল প্ৰদীপ দহোতীয়াই।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

প্ৰদীপ দহোতীয়াৰ জন্ম হৈছিল ১৯৫৩ চনৰ ১ আগষ্টত ডুমডুমাৰ সমীপৰ বৰডুবি চাহ বাগিছাত। পিতৃ- মাতৃৰ নাম আছিল ক্ৰমে পঞ্চানন দহোটীয়া আৰু প্ৰতিভা দহোটীয়া। ডিব্ৰুগড়ৰ ডনবক্সত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি তিনিচুকীয়া মহাবিদ্যালয়ত কলেজীয়া শিক্ষাৰ বাবে নামভৰ্তি কৰিছিল, যদিও সেই সময়ত ডুমডুমা মহাবিদ্যালয় স্থাপন হোৱাত ডুমডুমা মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

ডুমডুমাত অৱস্থিত এ আৰ চি ( এভিয়েছন ৰিচাৰ্চ চেণ্টাৰ) ৰ সেই সময়ৰ সঞ্চালক তথা সংগীত অনুৰাগী ভি পি নায়াৰে দহোটীয়াক এটা স্থায়ী চাকৰি দিয়াৰ বাবে আমন্ত্ৰণ জনায়। নায়াৰৰ কথাক প্ৰত্যাখান কৰিব নোৱাৰি দহোতীয়াই এভিয়েচন ৰিচাৰ্ছ চেণ্টাৰৰ চাকৰিত যোগদান কৰে যদিও সংগীতৰ প্ৰতি থকা তেওঁৰ বিশেষ অনুৰাগৰ বাবে এ আৰ চিৰ চাকৰি এবছৰ কৰিয়েই চাকৰিৰ পৰা অব্যাহতি লয় আৰু সংগীতৰ ক্ষেত্ৰখনত নিজকে নিয়োগ কৰে।

সংগীতৰ জীৱন

[সম্পাদনা কৰক]

চাকৰিৰ পৰা অব্যাহতি লৈয়ে দহোতীয়াই শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰে। শাস্ত্ৰীয় সংগীতৰ 'বিশাৰদ' ডিগ্ৰী অৰ্জন কৰাৰ পাছৰে পৰা তেওঁ সংগীতৰ ক্ষেত্ৰখনত নিজকে নিয়োগ কৰে। কলেজত পঢ়ি থকা কালতে ফনীন্দ্ৰ বৰা,বিমল মৰানৰ সৈতে ছজনীয়া সদস্যৰ সৈতে গঠিত 'COMETS'নামৰ সাংস্কৃতিক গোটটোৱে তিনিচুকীয়াৰ বিভিন্ন স্থানত সংগীত পৰিবেশন কৰি শ্ৰোতা তথা দৰ্শকসকলৰ পৰা বিপুল সমাদৰ লাভ কৰিছিল। ১৯৮৩ চনত তেখেতে 'জুৰ মলয়া'নামৰ এলবামটো আৰম্ভ কৰিছিল। ১৯৮৪ চনত 'মমতা প্ৰডাকচন'ৰ বেনাৰত 'জুৰ মলয়া' কেছেটটি মুক্তি লাভ কৰে। মধুমতী গোস্বামীৰ সৈতে কণ্ঠদান কৰা দৰদী কণ্ঠৰ গৰাকী প্ৰদীপ দহোতীয়াৰ গীতসমূহ অসমৰ শ্ৰুোতাসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। কেছেটটোৰ ৰেকৰ্ডিং হৈছিল কলকতাৰ উষা উথুপৰ 'ভাইব্ৰেশ্যন ষ্টুডিঅ'ত। উষা উথুপৰ সৈতে শিল্পীগৰাকীক পৰিচয় কৰাই দিছিল স্বনামধন্য অসমৰ সংগীত পৰিচালক ৰমেন বৰুৱাদেৱে। পাছলৈ 'ইনবেক কোম্পানী'য়ে কেছেটটিৰ দুখন ই. পি.ৰেকৰ্ডও উলিয়াই। প্ৰতিখনতে চাৰিটাকৈ গীত আছিল। উক্ত ৰেকৰ্ডক আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰই অনুমোদন জনোৱাত গীতসমূহ আকাশবাণীৰ মাধ্যমেৰে প্ৰচাৰ হ'বলৈ ধৰাত শ্ৰোতা ৰাইজৰ মাজত প্ৰচুৰ জনপ্ৰিয় হ'বলৈ ধৰে। ১৯৮৫ চনত প্ৰদীপ দহোতীয়াৰ সংগীত পৰিচালনাত দ্বিতীয়টো এলবাম 'সোণবৰনীয়া'ই মুক্তি লাভ কৰে। এই কেছেটটিৰো ৰেকৰ্ডিং হৈছিল উষা ঊথুপৰ 'ভাইব্ৰেশ্যন ষ্টুডিঅ'ত। ১৯৯১ চনত প্ৰদীপ দহোতীয়াৰ পৰিচালনা আৰু কণ্ঠত 'বৰষা আহিবা' ১৯৯৩ চনত 'ফুলৰে মেলা' আৰু ১৯৯৪ চনত 'নীলা আকাশ' নামৰ শ্ৰব্য কেছেটে মুক্তি লাভ কৰে। দীৰ্ঘদিনৰ বিৰতিৰ পিছত ২০২২ চনতো দহোতীয়াৰ গীতে মুক্তি লাভ কৰে। প্ৰদীপ দহোতীয়াৰ ৰচনাা আৰুু সুৰৰ আধাৰত 'জুৰ মলয়া'কেছেটত সন্নিবিষ্ট গীত সমূহ হ'ল-

  • জোনে সন্ধিয়া আহে... (শিল্পী- প্ৰদীপ দহোতীয়া আৰু মধুমতী গোস্বামী)
  • ৰূপালী নদী... ( কণ্ঠ-মধুমতী গোস্বামী)
  • আমাৰ ঘৰৰ জেউতি কণমানিজনী... ( শিল্পী- প্ৰদীপ দহোতীয়া)
  • জুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া ... (শিল্পী- মধুমতী গোস্বামী)
  • বৰষাৰ নিশাতে ... (শিল্পী- প্ৰদীপ দহোতীয়া আৰু মধুমতী গোস্বামী)
  • মোৰো গতি হ'ব বৈ যোৱা নদী সাগৰলৈ... (প্ৰদীপ দহোতীয়া)
  • কোন সেয়া নাচনী ...(প্ৰদীপ দহোতীয়া আৰু মধুমতী গোস্বামী)[3]

প্ৰদীপ দহোতীয়াৰ প্ৰচেষ্টাত আৰু লগতে স্থানীয় কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰে মিলি সেই সময়ৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক ৰুদ্ৰ বৰৱাৰ হস্তাক্ষৰ লাভ কৰি কাকপথাৰত এখন সংগীত বিদ্যালয় স্থাপন কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

শিল্পী প্ৰদীপ দহোতীয়াই বিবাহ কৰাইছিল কাকপথাৰৰ উবন সত্ৰাধিকাৰৰ জীয়ৰী ৰেণু গোস্বামী মহন্তক। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে। পত্নী ৰেণুগোস্বামী মহন্তৰ বেমাৰজনিত কাৰণত মৃত্যু ঘটিছে।

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Assam: Five Tinsukia Artists Felicitated with Silpi Award 2025 and Pension". The Sentinel Assam. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-five-tinsukia-artists-felicitated-with-silpi-award-2025-and-pension। আহৰণ কৰা হৈছে: 2025-07-24. 
  2. "List of Artist Pensioners for 2024-25 Year Announced by Cultural Affairs Department, Assam Government". TV9 Assam. https://www.assamtv9.com/photo-gallery/list-of-artist-pensioners-for-2024-25-year-announces-by-cultural-affairs-department-assam-government-2077937.html/amp। আহৰণ কৰা হৈছে: 2025-07-24. 
  3. অসমীয়া আধুনিক সংগীতৰ ৰূপকাৰসকল, লোকনাথ গোস্বামী